• Home
  • »
  • News
  • »
  • world
  • »
  • সৰ্বাধিক টেটু, পিয়েচিং, বডী মডিফিকেচনেৰে বিশ্ব অভিলেখৰ গৰাকী আৰ্জেণ্টিনাৰ গেব্ৰিয়েলা আৰু ভিক্টৰ হুগো পেৰাল্টা

সৰ্বাধিক টেটু, পিয়েচিং, বডী মডিফিকেচনেৰে বিশ্ব অভিলেখৰ গৰাকী আৰ্জেণ্টিনাৰ গেব্ৰিয়েলা আৰু ভিক্টৰ হুগো পেৰাল্টা

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ অনুসৰি, তেওঁলোকে প্ৰথমবাৰৰ বাবে ২০১৪ চনত ৮৪ টা মডিফিকেচনৰ সৈতে বিশ্ব অভিলেখ গঢ়িছিল

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ অনুসৰি, তেওঁলোকে প্ৰথমবাৰৰ বাবে ২০১৪ চনত ৮৪ টা মডিফিকেচনৰ সৈতে বিশ্ব অভিলেখ গঢ়িছিল

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ অনুসৰি, তেওঁলোকে প্ৰথমবাৰৰ বাবে ২০১৪ চনত ৮৪ টা মডিফিকেচনৰ সৈতে বিশ্ব অভিলেখ গঢ়িছিল

  • Share this:
প্ৰায় ২৪ বছৰ আগতে গেব্ৰিয়েলা আৰু ভিক্টৰ হুগো পেৰাল্টাই আৰ্জেণ্টিনাৰ বুয়েনছ আইৰেছত এক মটৰচাইকেল অনুষ্ঠানত লগ পাইছিল আৰু প্ৰেমত পৰিছিল। তেতিয়াৰ পৰা, তেওঁলোকে টেটু, পিয়েৰচিং আৰু বডী মডিফিকেচনৰ প্ৰতি তেওঁলোকৰ প্ৰেমকো আৱেগিকভাৱে প্ৰতিপালন কৰিছে। এই দম্পতীহালে সৰ্বাধিক সংখ্যক পৰিৱৰ্তনৰ বাবে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে।

একেলগে, গেব্ৰিয়েলা আৰু ভিক্টৰৰ বৰ্তমান ৯৮ টা টেটু, ৫০ টা পিয়েৰচিং, ৮ টা মাইক্ৰ'ডাৰ্মাল, ১৪ টা বডী ইমপ্লাণ্ট, ৫ টা ডেন্টেল ইমপ্লাণ্টমেন্ট, ৪ টা কাণ এক্সপাণ্ডাৰ, ২ টা কাণৰ বোল্ড, আৰু ১ টা ফৰ্ক কৰা জিভা আছে।

"মোৰ বাবে, গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ ধাৰক হোৱাটো হৈছে এক পুৰস্কাৰ, যি জীৱনে মোক শৰীৰৰ কলাৰ প্ৰেমৰ বাবে প্ৰদান কৰে, আৰু মই অতি কৃতজ্ঞ কিয়নো এই ৰেকৰ্ডে মোক মোৰ এটা ডাঙৰ সপোন প্ৰাপ্ত কৰাত সহায় কৰিছিল: ২০ খন দেশ ভ্ৰমণ কৰা, বিভিন্ন সংস্কৃতি জানিবলৈ পোৱা, আৰু বিশ্বজুৰি নতুন বন্ধুত্ব গঢ়ি তোলা," ভিক্টৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক এনেদৰে কয়।

শৰীৰৰ এনে দুঃসাহসিক অভিযানৰ প্ৰতি তেওঁলোকৰ প্ৰেম থকা স্বত্বেও, গেব্ৰিয়েলা আৰু ভিক্টৰ দুয়োজনে স্বীকাৰ কৰে যে কিছুমান ইমপ্লাণ্ট অত্যন্ত বেদনাদায়ক।

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ অনুসৰি, তেওঁলোকে প্ৰথমবাৰৰ বাবে ২০১৪ চনত ৮৪ টা মডিফিকেচনৰ সৈতে বিশ্ব অভিলেখ গঢ়িছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি