আৰম্ভণিৰ পৰা ১০০ শতাংশ দৰ্শকৰ সৈতে টি-২০ বিশ্বকাপ (ICC T20 World Cup) অনুষ্ঠিত হ'ব। ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলৰ পৰা দৰ্শকসকলক খেলপথাৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে।
আৰম্ভণিৰ পৰা ১০০ শতাংশ দৰ্শকৰ সৈতে টি-২০ বিশ্বকাপ (ICC T20 World Cup) অনুষ্ঠিত হ'ব। ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলৰ পৰা দৰ্শকসকলক খেলপথাৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে।
ক্ৰিকেট দৰ্শকৰ বাবে ভাল খবৰ। টি-২০ বিশ্বকাপৰ ষ্টেডিয়ামত সম্পূৰ্ণ হাউছফুল দেখা যাব। সূত্ৰই কৈছে যে প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ পৰা ১০০ শতাংশ দৰ্শকৰ সৈতে টি-২০ বিশ্বকাপ (ICC T20 World Cup) অনুষ্ঠিত হ'ব। ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলৰ পৰা দৰ্শকসকলক খেলপথাৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে।
ব'ৰ্ডৰ সূত্ৰ অনুসৰি, প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে বিচিচিআইয়ে (BCCI) বিশ্বকাপৰ খেলসমূহত ১০০% দৰ্শক প্ৰৱেশ কৰাৰ অনুমতি লাভ কৰিব। এই সন্দৰ্ভত ইউ.এ.ই. আৰু ওমান চৰকাৰৰ সৈতে আলোচনাত সেউজ সংকেত পোৱা গৈছে বুলি বাতৰি পোৱা গৈছে। ইতিমধ্যে মৰুভূমিত অনুষ্ঠিত হোৱা আই পি এলৰ দ্বিতীয় ৰাউণ্ডৰ খেলসমূহ কিছু সংখ্যক দৰ্শকৰ সৈতে খেলা হৈছে। ৩০% দৰ্শকৰ সৈতে শাৰজাহ, আবু ধাবি আৰু ডুবাইত আই পি এল ৰ খেল অনুষ্ঠিত হৈছে। বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে (Sourav Ganguly) কৈছিল যে ১০০% দৰ্শকক আই পি এলৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|