২০২১ত সৃষ্টি হ’ব অভাৱনীয় পৰিবেশৰ! ১৯৯৬ চনৰ পূৰ্বেই কৰা প্ৰতিটো ভৱিষ্যতবাণী আখৰে আখৰে ফলিয়াইছে! কোন এইগৰাকী বাবা ভাংগা?

কোৰোণাৰ নামতে পাৰ হ’ল ২০২০। এতিয়া সকলোৰে আশা ২০২১ত আহিব ভালদিন। কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে এগৰাকী মহিলাৰ ভৱিষ্যতবাণী।
কোৰোণাৰ নামতে পাৰ হ’ল ২০২০। এতিয়া সকলোৰে আশা ২০২১ত আহিব ভালদিন। কিন্তু তাৰ মাজতে চৰ্চালৈ আহিছে এগৰাকী মহিলাৰ ভৱিষ্যতবাণী।
- News18 Assam
- Last Updated: December 27, 2020, 11:49 PM IST
মহিলাগৰাকীৰ নাম গোচটেৰ’ভা। ১৯১১ চনৰ ১১ জানুৱাৰীত বুলগেৰিয়াত জন্মগ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে। মহিলাগৰাকীক জনা যায় বাবা ভাংগা হিচাপে। মহিলাগৰাকীৰ ভৱিষ্যবাণীৰ ওপৰত চলিছে গৱেষণা। আনকি আচৰিত হৈ পৰিছে বিজ্ঞানীসকলো।
বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰা মতে, ১২ বছৰ বয়সত গোচটেৰ’ভা এদিন আবদ্ধ হৈ পৰিছিল ধুমুহাৰ মাজত। ফলত দৃষ্টিশক্তি হেৰুৱাই গোচটেৰ’ভাই। আৰু হৈ পৰিছিল অজ্ঞান। কিন্তু তেতিয়াই গোচটেৰ’ভা লাভ কৰিলে বিশেষ শক্তি। কৰি গৈছিল ইটোৰ পিছত সিটো ভৱিষ্যতবাণী। ১৯৯৬ চনত ৮৫ বছৰ বয়সত মৃত্যু হৈছিল বাবা ভাংগাৰ। কিন্তু তাৰ পূৰ্বে বাবা ভাংগাই কৰি গৈছে ভৱিষ্যতাণী। আৰু সময়ে সময়তে সঁচা প্ৰমাণিত হৈছে ভৱিষ্যতবাণী।
- ছোভিয়েট ৰাছিয়াৰ ভংগ।
- ৰাণী ডাইনাৰ মৃত্যু।
- ৯ ১১ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ।
- ২০০৪ চনত ভাৰত মহাসাগৰত হোৱা ছুনামী।
- বাব ভাংগাই কৈছিল আমেৰিকাৰ এগৰাকী ৰাষ্ট্ৰপতি আফ্ৰিকান আমেৰিকান হ’ব। আৰু ফলিয়াইছিল এই ভৱিষ্যতবাণী।
২০২১ৰ বাবে কি কি ভৱিষ্যতাণী কৰিছিল বাবা ভাংগাই?
- ২০২১ত ইউৰোপত হ’ব ৰাসায়নিক আক্ৰমণ। ফলত ক্ষতিগ্ৰস্ত হ’ব ইউৰোপৰ অৰ্থব্যৱস্থা।
- বিশ্ব শাসন কৰিব চীনে। একত্ৰিত হ’ব ৰাছিয়া আৰু ভাৰতৰ সৈতে।
- বিশ্বত বহু প্ৰাকৃতিক দুৰ্যোগ হ’ব। হ’ব সৰ্বোচ্চ হাৰত হিংসা।
- বিশ্বাসকলৈ মানুহৰ মাজত বিভাজন আহিব।
- প্ৰায় শেষ হৈ যাব পেট্ৰ’লৰ উত্পাদন আৰু পৃথিৱীয়ে জিৰণী ল’ব।
- ২০২১ত লাভ কৰিব কৰ্কট ৰোগৰ ঔষধ। আৰু বিশ্ববাসী মুক্ত হ’ব কৰ্কট ৰোগৰ পৰা।
- ২০২১ত হত্যা কৰা হ’ব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক হত্যাৰ পৰিকল্পনা কৰা হ’ব। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপি ডলাল্ড ট্ৰাম্প ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব।
- ৰাছিয়াৰ আশে পাশে পৰিব এটা বৃহত্ উল্কাপিণ্ড। লগে লগে প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰিব বিশ্ব।
৫০৭৯ চনলৈকে ভৱিষ্যবাণী কৰিছে বাবা ভাংগাই। ২০২৮ ত অৱসান ঘটিব ৱৰ্ল্ড হাংগাৰ। বাবাৰ মতে, ৫০৭৯ ত ধ্বংস হ’ব পৃথিৱী। এতিয়া সময়ে সময়ে গম পোৱা যাব, কিমান সঁচা হয় বাবা ভাংগাৰ ভৱিষ্যতাণী।