হজৰত মহম্মদৰ কাৰ্টুন দেখুৱাইছিল শ্ৰেণীকোঠাত, ৰাস্তাৰ মাজতে ডিঙি কাটি হত্যা কৰিলে শিক্ষকক

News18 Assam | News18-Assam
Updated:October 17, 2020, 7:16 PM IST
হজৰত মহম্মদৰ কাৰ্টুন দেখুৱাইছিল শ্ৰেণীকোঠাত, ৰাস্তাৰ মাজতে ডিঙি কাটি হত্যা কৰিলে শিক্ষকক
ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত এটা ৰাস্তাৰ মাজতে মূৰ কাটি হত্যা কৰা হ’ল শিক্ষকক

ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত এটা ৰাস্তাৰ মাজতে মূৰ কাটি হত্যা কৰা হ’ল শিক্ষকক

  • Share this:
ক্লাছত ধৰ্মনিৰপেক্ষতাৰ পাঠদান কৰি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীক ইছলাম ধৰ্মগুৰু হজৰত মহম্মদৰ কাৰ্টুন ফটো দেখুৱাইছিল এজন শিক্ষকে। ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত এই ঘটনাক একাংশই অপৰাধ গণ্য কৰি ৰাস্তাৰ মাজতে ডিঙি কাটি হত্যা কৰা হ’ল শিক্ষকজনক। এই ঘটনাক তীব্ৰ ভাবে নিন্দা কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে।

হত্যাকাৰীৰ নাম বা ঠিকনা এতিয়াও লাভ কৰা নাই। ঘটনাস্থলীতে হত্যাকাৰীক উদ্দেশ্যি গুলী চলাইছিল নিৰাপত্তাৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, আল্লাহ’ আকবৰ বুলি চিঞৰি এই নৃশংস অপৰাধ কৰিছে হত্যাকাৰীয়ে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তাৰে এজন নাবালক।

হত্যা কৰা শিক্ষকজনৰ নাম চেমুৱেল পেটী। ইতিহাসৰ শিক্ষক। এজন অভিভাৱকে কৈছে যে, ‘আমাৰ সন্তানে কোৱা মতে, অত্যন্ত মৰমিয়াল শিক্ষক আছিল চেমুৱেল। সেইদিনা ক্লাছত তেওঁ মুছলমান ছাত্ৰক কৈছিল যে, মই বিচাৰো তোমালোক কিছু সময় ক্লাছৰ পৰা বাহিৰলৈ যোৱা। কাৰণ তোমালোকৰ ধৰ্মীয় অনুভূতিক আঘাত কৰা মোৰ উদ্দেশ্য নহয়। তাৰ পিছতে ক্লাছৰ অন্যান্য সকলক হজৰত মহম্মদৰ এখন ব্যংগাত্মক কাৰ্টুন দেখুৱাই শিক্ষকজনে।’

আৰু তাৰ পিছতে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। অৱশ্যে এই ঘটনা প্ৰথম নহয়। ২০১৫ চনত ফ্ৰান্সত তোলপাৰ লাগিছিল শাৰ্লী এবদোৰ ঘটনাই। হজৰত মহম্মদৰ এখন ব্যংগাত্মক ফটো প্ৰকাশ কৰাৰ বাবেই পেৰিছৰ ইহুদিয়ে ছুপাৰ মাৰ্কেট অঞ্চলৰ শাৰ্লী এবদোৰৰ অফিচত আক্ৰমণ চলাইছিল।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 7:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading