পেৰিছৰ বেকাৰীৰ চিক্ৰেট পোহৰলৈ! মহিলাৰ প্ৰস্ৰাৱৰ সহায়ত প্ৰস্তুত কৰা হয় ব্ৰেড

News18 Assam | News18-Assam
Updated:July 13, 2020, 7:12 PM IST
পেৰিছৰ বেকাৰীৰ চিক্ৰেট পোহৰলৈ! মহিলাৰ প্ৰস্ৰাৱৰ সহায়ত প্ৰস্তুত কৰা হয় ব্ৰেড
পেৰিছৰ অন্যতম জনপ্ৰিয় ব্ৰেডত কি দিয়ে?

পেৰিছৰ অন্যতম জনপ্ৰিয় ব্ৰেডত কি দিয়ে?

  • Share this:
২০২০ বৰ্ষত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো আজৱ খবৰ। পেৰিছৰ এটা আগশাৰীৰ ‘ব্ৰেড’ প্ৰস্তুত কৰা বেকাৰী প্ৰতিষ্ঠানে কৰিছে চাঞ্চল্যকৰ দাবী। Louise Raguet নামৰ এগৰাকী মহিলাই জনাইছে যে, ব্ৰেড প্ৰস্তুত কৰাৰ বাবে মহিলাৰ শৌচালয়ৰ পৰা প্ৰস্ৰাৱ সংগ্ৰহ কৰে। আৰু ইয়াৰ দ্বাৰাই প্ৰস্তুত কৰা হয় বিশ্বৰ বিখ্যাত Boucle d’Or” বা গোল্ডিলকছ্ ব্ৰেড।

Louise Raguet ইঞ্জিনিয়াৰ ও ইকোফেমিনিষ্ট হিচাপে পৰিচিত দেশখনত। তেওঁ জনাইছে যে, ‘প্ৰস্ৰাৱ ব্যৱহাৰ কৰাৰ আগতে ২০ বাৰ ডায়ালিউট কৰা হয়। তাৰ পিছত মূত্ৰৰ দ্বাৰা ব্ৰেড ফাৰ্টিলাইজ কৰা হয়। এইদৰেই প্ৰস্তুত কৰা হয় সুস্থ আৰু স্বাস্থ্যসন্মত ব্ৰেড। Louise এ জনাইছে যে, ‘মহিলাসকলৰ প্ৰস্ৰাৱ এক উত্‍কৃষ্ট ফাৰ্টিলাইজাৰ। ই মানুহৰ শৰীৰত থকা অপ্ৰয়োজনীয় খিনি বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।

নিউয়ৰ্ক টাইমছৰ সৈতে হোৱা এটা সাক্ষাত্‍কাৰত জনাইছে যে, মহিলাৰ প্ৰস্ৰাৱত আছে উপকাৰী গুণ। গতিকে সোণৰ লগত তুলনা কৰিব লাগে। প্ৰস্ৰাৱত আছে নাইট্ৰ’জেন, পটাচিয়াম আৰু বহু প্ৰয়োজনীয় গুণাগুণ।’

ফ্ৰান্সৰ আৰ্বান প্লেনিং এজেঞ্চিৰ ষ্টাডি অনুযায়ী, ইয়াৰ দ্বাৰা ২৯ মিলিয়ন ‘loaves’ প্ৰেষ্ট্ৰী তৈয়াৰ কৰাৰ সম্ভৱ হ’ব। যদি কৃষি কাৰ্যত ব্যৱহাৰ কৰা হয়, তেন্তে ই এদিনত ৭০৩ টন কৃত্ৰিম ভাবে ব্যৱহাৰ কৰা নাইট্ৰ’জেন নিৰ্ভৰ কৃত্ৰিম সাৰৰ প্ৰয়োজনীয়তা দূৰ কৰিব।
First published: July 13, 2020, 7:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading