ভাৰতৰ প্ৰতি আকৰ্ষণ থকা ফৰাচী লেখক ডমিনিক লেপিয়েৰৰ মৃত্যু হোৱা বুলি তেওঁৰ পত্নীয়ে ঘোষণা কৰে। দেওবাৰে বাৰ্দ্ধক্যজনিত কাৰণত ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লেখকজনে।
১৯৩১ চনৰ ৩০ জুলাইত চেটেইলনত জন্মগ্ৰহণ কৰা লেপিয়েৰে আমেৰিকাৰ লেখক লেৰী কলিন্সৰ সহযোগত লিখা ছখন গ্ৰন্থৰ প্ৰায় ৫ কোটি কপি বিক্ৰী কৰিছে -- আটাইতকৈ বিখ্যাত গ্ৰন্থখন হৈছে "ইজ পেৰিছ বাৰ্নিং?"
১৯৮৫ চনত কলকাতাৰ বিষয়ে লিখা তেওঁৰ জনপ্ৰিয় উপন্যাস "চিটি অৱ জয়"ত ব্যাপক সফলতা লাভ কৰিছিল। ইয়াৰ ওপৰত আধাৰিত এখন চিনেমা ১৯৯২ চনত মুক্তি পাইছিল, য'ত পেট্ৰিক শ্বৱেইজে অভিনয় কৰিছিল আৰু পৰিচালনা কৰিছিল ৰ'লেণ্ড জফে।
‘ফ্ৰীডম এট মিডনাইট’ৰো স্ৰষ্টা লেপিয়েৰে "চিটি অৱ জয়"ৰ পৰা লাভ কৰা ৰয়েল্টিৰ বৃহৎ অংশ ভাৰতৰ মানৱীয় প্ৰকল্পৰ সহায়ৰ বাবে দান কৰিছিল।
২০০৫ চনত তেওঁ কৈছিল যে এই পদক্ষেপৰ লগতে পাঠকৰ অনুদানৰ বাবেই আংশিকভাৱে "২৪ বছৰত এক মিলিয়ন যক্ষ্মা ৰোগীক সুস্থ কৰা (আৰু) কুষ্ঠ ৰোগত আক্ৰান্ত ৯,০০০ শিশুৰ যত্ন লোৱা" সম্ভৱ হৈ উঠিছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|