জুজি। এটা সৰু পোহনীয়া চৰাই। এগৰাকী আফগান সৰু ছোৱালী আলিয়াৰ মৰমৰ আছিল এই মইনা চৰাইটো। এক শক্তিশালী বন্ধুত্ব গঢ়ি উঠিছিল চৰাইটোৰ সৈতে। কিন্তু এদিন ভাগ্যৰ নিৰ্মম আঘাতত দুয়ো পৃথক হ'ব লগা হয়।
তালিবানে আফগানিস্তানৰ বিভিন্ন অংশ দখল কৰাৰ পিছত আলিয়াৰ পৰিয়ালে কাবুল এৰিবলৈ বাধ্য হৈছিল। তেওঁলোকক প্ৰথমে কাবুলৰ পৰা ইউ.এ.ই.লৈ স্থানান্তৰ কৰা হৈছিল। তাৰ পৰা তেওঁলোকে আন এখন বিমানেৰে ফ্ৰান্সৰ পেৰিছলৈ উৰা মাৰিলে। কিন্তু বিমানত জুজিক নিবলৈ নিদিলে।
এই কথাত অবুজন আলিয়াৰ দুৰ্দশা অনুভৱ কৰি আবু ধাবিত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত জেভিয়াৰ চাটেল আগবাঢ়ি আহিল। তেওঁ জুজিৰ খেয়াল ৰাখিম বুলি প্ৰতিশ্ৰুতি দিয়ে যে তেওঁ আলিয়া আৰু জুজিক পুনৰ একত্ৰিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব।
ফ্ৰান্সৰ ৰাষ্ট্ৰদূত জেভিয়াৰ চাটেলে আলিয়াক দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে। চৰাইটোৰ বাবে এটা পিঞ্জৰা কিনি এতিয়া ফৰাচী ভাষা শিকাই আছে। উল্লেখ্য মইনা চৰাইটোৱে মানুহৰ ভাষা সঠিকভাৱে অনুকৰণ কৰাৰ সামৰ্থ্যৰ বাবে অতি জনাজাত। চাটেলেও সেই বিষয়ে জানে। সেইকাৰণে তেওঁ জুজিক কিছু ফৰাচী ভাষা শিকাবলৈ চেষ্টা কৰি আছে।
Today, from Paris, the bird's owner, "Alia", found me on Twitter. She was so happy to see her bird thus cared for. She wanted me to teach him 🇫🇷. Alia, your bird has become the embassy's mascot, but he is here for you, and if I can, I'll take him personally to you one day.
8/8
— Xavier Chatel (@Xavier_Chatel_) October 5, 2021
জেভিয়াৰ চাটেলে কয় যে আলিয়াই নিয়মীয়াকৈ পেৰিছৰ পৰা চৰাইটো বিচাৰি আছে। তাই জানি বৰ সুখী যে তাইৰ আকৰ্ষণীয় চৰাইটো কুশলে আছে। আলিয়ালৈ কৰা এটা টুইটত চাটেলে কয়, 'আলিয়া, দূতাবাসৰ সকলোৱে ভাবে যে তোমাৰ চৰাইটোৱে সৌভাগ্য কঢ়িয়াই আনিছে। ই অতি সোনকালে তোমাৰ ওচৰলৈ ঘূৰি যাব। মই তেওঁক নিজেই তোমাৰ ওচৰলৈ লৈ যাম।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|