• Home
  • »
  • News
  • »
  • world
  • »
  • চাকৰিৰ লগতে এইখন চহৰত বিনামূলীয়া মাটি দিব চৰকাৰে ! কিন্তু কিয় চৰকাৰৰ এই লোভনীয় অফাৰ ?

চাকৰিৰ লগতে এইখন চহৰত বিনামূলীয়া মাটি দিব চৰকাৰে ! কিন্তু কিয় চৰকাৰৰ এই লোভনীয় অফাৰ ?

Free Land: জনসংখ্যা বৃদ্ধিৰ বাবেই এখন চহৰত বিনামূলীয়াকৈ মাটি দিয়াৰ সিদ্ধান্ত চৰকাৰৰ। আপুনি জানি আচৰিত হ'ব, এখন চহৰত কেৱল জনসংখ্যা বৃদ্ধিৰ বাবেই সাধাৰণ লোকক বিনামূলীয়াকৈ মাটি দিয়াৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে। এই আজৱ ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ (Australia) কুইণ্সলেণ্ড প্ৰদেশত।

  • Share this:
জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত বৰ্তমান চহৰাঞ্চলত মাটিৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে। সাম্প্ৰতিক সময়ত চহৰত মাটি কিনি নিজৰ ঘৰ এখন গঢ়াটো বহুতো পৰিয়ালৰ বাবে অসম্ভৱ যেন হৈ পৰিছে। ভাৰতৰ প্ৰতিখন চহৰতে এতিয়া মাটিৰ বাবে মানুহে হাহাকাৰ কৰিছে।

পিছে আপুনি জানি আচৰিত হ'ব, এখন চহৰত কেৱল জনসংখ্যা বৃদ্ধিৰ বাবেই সাধাৰণ লোকক বিনামূলীয়াকৈ মাটি দিয়াৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে। এই আজৱ ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ কুইণ্সলেণ্ড প্ৰদেশত। কুইণ্সলেণ্ডৰ কুইলিপি চহৰত বৰ্তমান চৰকাৰে ঘৰ সাঁজিব বিচৰা সকলো লোককে বিনামূলীয়াকৈ মাটি দিয়াৰ কথা ঘোষণা কৰিছে। কুইলপি চহৰৰ বৰ্তমান জনসংখ্যা মাত্ৰ ৮০০। সেয়ে চহৰখনৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত চাকৰি কৰা মানুহ বিচাৰি চৰকাৰে হাহাকাৰ কৰিব লগা হৈছে। চিটি কাউণ্সিলে ইতিমধ্যে ঘোষণা কৰিছে চহৰখনৰ বিভিন্ন বিভাগত চাকৰি কৰিবলৈ অহা লোকক প্ৰদান কৰা হ'ব বিনামূলীয়া মাটি। অৰ্থাৎ আপুনি, মই আজি ভাৰতত চাকৰি আৰু এটা নিগাজী ঘৰৰ বাবে দিনে-নিশাই আশা পালি থকাৰ সময়ত অষ্ট্ৰেলিয়া চৰকাৰে চাকৰি আৰু নিগাজী ঘৰ প্ৰদান কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে।

ইতিমধ্যে বিনামূলীয়া মাটি আৰু চাকৰিৰ বাবে নিউজিলেণ্ড, ভাৰত  আৰু চীনৰ বহু প্ৰাৰ্থীয়ে অষ্ট্ৰেলিয়া চৰকাৰৰ সৈতে যোগাযোগ কৰিছে।  পিছে বিনামূলীয়া চাকৰি আৰু মাটি লাভৰ ক্ষেত্ৰত চৰকাৰে প্ৰযোজ্য কৰিছে এটা চৰ্ত। সেই চৰ্তটো পূৰণ কৰিলেহে অষ্ট্ৰেলিয়া চৰকাৰৰ এই বাম্পাৰ অফাৰ আপুনি গ্ৰহণ কৰিব পাৰিব। সেই চৰ্তটো হৈছে কুইলিপি চহৰত মাটি আৰু চাকৰি পাবলৈ অষ্ট্ৰেলিয়াৰ নাগৰিক হোৱাটো বাধ্যতামূলক।
Published by:Kokil Sarma
First published: