World Corona Update : ২৪ ঘণ্টাত ফ্ৰান্সত কোৰোণাত আক্ৰান্ত হৈছে ৫ লাখ ১,৬৩৫গৰাকী লোক।
বিশ্বৰ বিভিন্ন দেশৰ লগতে ফ্ৰান্স (France)তো ভয়াৱহ ৰূপ ধাৰণ কৰিছে কোৰোণা (Corna)ৰ সংক্ৰমণে। ফ্ৰান্সত এদিনতে ৫ লাখতকৈ অধিক হৈছে কোৰোণাৰ সংক্ৰমণ। ইয়াক লৈ দেশখনৰ চৰকাৰ আৰু চিকিৎসা বিজ্ঞানীসকলৰ মাজত দিনে দিনে বাঢ়িছে উদ্বিগ্নতা। এই ব্যাপক হাৰত সংক্ৰমণৰ আঁৰত কোৰোণাৰ অ'মিক্ৰণ (Omicron) ভেৰিয়েণ্টৰ উপভেৰিয়েণ্ট BA.2 ভেৰিয়েণ্টৰ সংক্ৰমণৰ হাত আছে নেকি বুলি অনুসন্ধান আৰম্ভ কৰিছে গৱেষকসকলে।
উল্লেখ্য যে বিগত ২৪ ঘণ্টাত ফ্ৰান্সত কোৰোণাত আক্ৰান্ত হৈছে ৫ লাখ ১,৬৩৫গৰাকী লোক। কোৰোণা আৰম্ভ হোৱাৰ সময়ৰ পৰা এতিয়ালৈ এইটোৱেই দেশখনত এদিনত সৰ্বাধিক সংক্ৰমণৰ অভিলেখ। এফালে ইংলেণ্ডত সংক্ৰমণৰ হাৰ কমিছে যদিও ফ্ৰান্সত কমাৰ কোনো লক্ষণ দেখা নাই। সোম আৰু মঙলবাৰে দেশখনত ৩৬৪গৰাকী লোকে কোৰোণাত প্ৰাণ হেৰুৱাইছে।
উল্লেখ্য যে ফ্ৰান্সত এতিয়া যিকোনো ঠাইত প্ৰবেশৰ বাবে ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে। ভেকচিন পাছ (Vaccine Pass) নাথাকিলে বাৰ, হোটেল, ৰেস্তোৰাঁ, ট্ৰেইন, বিমান আদি কোনো স্থানতে প্ৰবেশ কৰিব নোৱাৰিব। অৱশ্যে দেশখনত আগন্তুক সপ্তাহৰ পৰা কোৰোণা বাধা নিষেধ কিছু শিথিল কৰাৰ ইংগিত পোৱা গৈছে।
উল্লেখ্য যে এপ্ৰিলত ফ্ৰান্সত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াকে লৈ দেশ খনত ৰাদনৈতিক পৰিবেশো গৰম হৈ আহিছে। এই পৰ্যন্ত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ (Emmanuel Macron)ই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কোৱা নাই যদিও তেওঁ নিৰ্বাচনত যুঁজ দিয়াটো প্ৰায় খাটাং হৈ আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|