உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Petrol-Diesel Price : পেট্ৰ'ল-ডিজেলৰ বাবেও নতুন আঁচনি, তেল ভৰাবলৈ সাহাৰ্য হিচাপে ৯০০০ টকা দিব এইখন দেশৰ চৰকাৰে

    Petrol-Diesel Price : পেট্ৰ'ল-ডিজেলৰ বাবেও নতুন আঁচনি, তেল ভৰাবলৈ সাহাৰ্য হিচাপে ৯০০০ টকা দিব এইখন দেশৰ চৰকাৰে

    Petrol-Diesel Price : কম দৰমহা পোৱা কৰ্মচাৰীক তেল ভৰাবলৈ মাহে বিশেষ ভাট্টা দিব চৰকাৰে, মূল্যবৃদ্ধিত অসন্তুষ্ট জনগণক সন্তুষ্ট কৰাৰ বাবে অভিনৱ পন্থা এইখন দেশৰ চৰকাৰৰ।

    • Share this:
    ইন্ধনৰ মূল্যবৃদ্ধিয়ে বৰ্তমান জুৰুলা কৰিছে জনসাধাৰণক। পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যৰ (Petrol-Diesel Price) বাবে সাধাৰণ ৰাইজে ব্যক্তিগত বাহনত ভ্ৰমণ কৰাটোও দুৰ্বিসহ হৈ পৰিছে। ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বাবে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে চৰকাৰ। চৰকাৰৰ প্ৰতি ক্ৰমাৎ অসন্তুষ্টি বৃদ্ধি পাইছে সাধাৰণ ৰাইজৰ। কিন্তু বিশ্বৰ এখন দেশে ইন্ধনৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰা মধ্যবিত্ত ৰাইজৰ বাবে আনিছে এক বিশেষ আঁচনি। এই আঁচনি অনুসৰি দেশখনৰ সাধাৰণ মধ্যবিত্ত পৰিয়াল, কম দৰমহা পোৱা কৰ্মচাৰী, ব্যৱসায়ী, নিবনুৱা সকলোৱে ভাৰতীয় হিচাপত ৯০০০ টকাকৈ বিশেষ ভাট্টা পাব চৰকাৰৰ পৰা।

    ইউৰোপিয়ান ৰাষ্ট্ৰ ফ্ৰান্স (France)ৰ চৰকাৰে লৈছে এই সিদ্ধান্ত। এতিয়াৰে পৰা ফ্ৰান্সত মাহে ২০০০ ইউৰো (Euro) অৰ্থাৎ ভাৰতীয় হিচাপত ১ লাখ ৭৪ হাজাৰতকৈ কম উপাৰ্জন কৰা প্ৰতিটো পৰিয়ালে চৰকাৰৰ পৰা ভাট্টা হিচাপে লাভ কৰিব ১০০ ইউৰো অৰ্থাৎ ভাৰতীয় হিচাপত ৯০০০ টকা। ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী জীন কাচটেকচে এই ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা দেশখনৰ ৩কোটি ৮০লাখ পৰিয়াল লাভাম্বিত হ'ব। ২০২২ চনলৈকে এই ভাট্টা দিয়া হ'ব।

    এই সন্দৰ্ভত ফ্ৰান্স চৰকাৰৰ মুখপাত্ৰ গেব্ৰিয়েল এট্টলে কয়, "আমি জানোঁ ফ্ৰান্সৰ জনসাধাৰণ পৰিশ্ৰমী কিন্তু মূল্যবৃদ্ধিয়ে তেঁওলোকক যথেষ্ট অসুবিধাত পেলাইছে। সেয়ে তেঁওলোকৰ উন্নয়নৰ বাবে এই আঁচনি।"
    Published by:Manjumoni Borah
    First published: