টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চীয়ে তেওঁৰ পদৰ পৰা পদত্যাগ কৰিছে। এতিয়া তেওঁৰ ঠাইত কোম্পানীৰ CTO পৰাগ আগৰৱালা নতুন CEO হ'ব। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, জেক ডৰ্চীয়ে এতিয়ালৈকে টুইটাৰ (Twitter) আৰু স্কোৱেৰ (Square)ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰি আহিছে। স্কোৱেৰ জেক হৈছে ডৰ্চীৰ (Jack Dorsey) ডিজিটেল পেমেণ্ট প্লেটফৰ্ম। টুইটাৰৰ ফালৰ পৰা জানিব পৰা মতে, জেক ডৰ্চীয়ে কোম্পানীৰ বোৰ্ড অৱ মেম্বৰ ৰূপে ২০২২ চনৰ শেষলৈকে থাকিব।
ডৰ্চীয়ে এক বিবৃতিত প্ৰকাশ কৰে- ''মই টুইটাৰ ত্যাগ কৰাৰ বাবে প্ৰস্তুত হৈছোঁ। মই নিশ্চিত যে কোম্পানীটো ইয়াৰ প্ৰতিষ্ঠাপকৰ পৰা আঁতৰি আগুৱাই যোৱাৰ স্থিতিত আছে। এতিয়া পৰাগ আগৰৱালা (Parag Agrawal) টুইটাৰৰ দায়িত্বত থাকিব।'' জেক ডৰ্চীয়ে টুইটাৰত তেওঁৰ পদত্যাগৰ বিষয়ে অৱগত কৰিছিল। তেওঁৰ মতে কোম্পানীৰ উক্ত পদ ত্যাগ কৰাটো "সঠিক সময়"। ইয়াৰ বাবে তেওঁ তিনিটা কাৰণো উল্লেখ কৰে।
ডৰ্চীয়ে লিখিছে- প্ৰথম কাৰণটো হ'ল পৰাগ কোম্পানীৰ নতুন CEO হৈ পৰিছে। পৰিষদে নতুন চিইঅ'ৰ বাবে এটা দীঘলীয়া প্ৰক্ৰিয়া অনুসৰণ কৰিছিল আৰু সকলোৱে একেলগে পৰাগ আগৰৱালাক বাছনি কৰিছিল। কোম্পানীক লৈ পৰাগৰ অভিজ্ঞতা তথা উপলব্ধি মোৰো পছন্দ। পৰাগে প্ৰতিটো কঠিন সিদ্ধান্তৰ আঁৰত এক ভূমিকা পালন কৰিছে আৰু সেইকাৰণে কোম্পানীটো আজি ইয়াত থিয় হৈ আছে। ডৰ্চীয়ে পৰাগ আগৰৱালাক মুকলিভাৱে প্ৰশংসা কৰে।
উল্লেখ্য, ২০১১ চনত পৰাগ আগৰৱালাই এই কোম্পানীটোত নিযুক্ত হৈ ২০১৭ চনৰ পৰা প্ৰযুক্তিৰ মুখ্য বিষয়া (chief technical officer) ৰূপে সেৱা আগবঢ়াই আহিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|