শেহতীয়াকৈ, পাকিস্তানত ইমৰান খানক (former Pakistan prime minister Imran Khan ) হত্যা কৰাৰ পৰিকল্পনা কৰাক লৈ উৰাবাতৰিও বিয়পি পৰিছে। তেওঁৰ দলৰ বহুতো নেতাই ইতিমধ্যে তেওঁৰ জীৱনৰ প্ৰতি আশংকা অহাৰ কথা প্ৰকাশ কৰিছে।
দলটোৰ নেতা শ্বেহবাজ গীলে (Shehbaz Gill) এই বিষয়ে কয়, "এয়া এক জঘন্য ঘটনা। পাকিস্তান চৰকাৰকে ধৰি সংশ্লিষ্ট সকলো সংস্থাক বিষয়টো সম্পৰ্কে অৱগত কৰা হৈছে।'' তেওঁ লগতে উল্লেখ কৰে যে এনে লজ্জাজনক কাৰ্য পৰিহাৰ কৰা উচিত। শ্বেহবাজে দাবী কৰিছিল যে গ্ৰেপ্তাৰ কৰা কৰ্মীজনে এই সন্দৰ্ভত কিছু তথ্য দিছিল। কৰ্মচাৰীজনে কি তথ্য প্ৰকাশ কৰিছিল তেওঁ কোৱা নাই।