உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • ৭৬ বছৰ বয়সত তৃতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হ’ল ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি

    ৭৬ বছৰ বয়সত তৃতীয়বাৰলৈ বিবাহপাশত আবদ্ধ হ’ল ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি

    কোৱা হৈছে যে তেওঁৰ বিয়াত ডেৰশৰো অধিক লোক উপস্থিত আছিল। এই বিবাহ অনুষ্ঠানত গ্ৰেমী বঁটা বিজয়ী গিলবাৰ্ট’ গিলো উপস্থিত আছিল।

    কোৱা হৈছে যে তেওঁৰ বিয়াত ডেৰশৰো অধিক লোক উপস্থিত আছিল। এই বিবাহ অনুষ্ঠানত গ্ৰেমী বঁটা বিজয়ী গিলবাৰ্ট’ গিলো উপস্থিত আছিল।

    কোৱা হৈছে যে তেওঁৰ বিয়াত ডেৰশৰো অধিক লোক উপস্থিত আছিল। এই বিবাহ অনুষ্ঠানত গ্ৰেমী বঁটা বিজয়ী গিলবাৰ্ট’ গিলো উপস্থিত আছিল।

    • Share this:
    ৭৬ বছৰ বয়সত ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লুইজ ইনচিঅ’ লুলা ডি ছিলভাই বুধবাৰে ৫৫ বছৰীয়া ৰোজাংগেলা ছিলভাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰোজাংগেলা এগৰাকী সমাজবিজ্ঞানী। এই উপলক্ষে এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰা হৈছিল, য’ত তেওঁৰ বহু সংখ্যক সমৰ্থক, ৰাজনীতিবিদ, শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। কোৱা হৈছে যে তেওঁৰ বিয়াত ডেৰশৰো অধিক লোক উপস্থিত আছিল। এই বিবাহ অনুষ্ঠানত গ্ৰেমী বঁটা বিজয়ী গিলবাৰ্ট’ গিলো উপস্থিত আছিল। মন কৰিবলগীয়া যে অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত লুলা আগবাঢ়ি আছে। এই বিবাহক নিৰ্বাচনৰ লগত সংযোগ কৰিও দেখা গৈছে।

    খবৰ অনুসৰি, বিয়াখন য’ত হ’ব সেই সন্দৰ্ভত কাৰো হাতত কোনো তথ্য নাছিল। এদিন আগতে মানুহে বিয়াৰ স্থানৰ বিষয়ে জানিব পাৰিছিল। বৰ্তমানৰ ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৰ সমৰ্থকসকলৰ বিৰোধিতাৰ আশংকাত বিয়াৰ স্থান গোপন কৰি ৰখা হৈছে বুলি কোৱা হৈছে। বুধবাৰে বিয়লিলৈকে তেওঁৰ নিৰ্ধাৰিত কাৰ্যসূচীতো অংশ গ্ৰহণ কৰে লুলাই। তাৰ পিছত সেই নিশা তেওঁ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এখন ছবি পোষ্ট কৰে, য’ত তেওঁ ৰোজাংগেলা ছিলভাক আঙঠি পিন্ধি থকা দেখা গৈছে।

    এয়া লুলাৰ তৃতীয় বিবাহ। তেওঁৰ প্ৰথম বিবাহ হৈছিল মাৰিয়া ডি লৌৰ্ডেন্স ডি ছিলভাৰ সৈতে, যিয়ে বিবাহৰ দুবছৰৰ পিছত মৃত্যুবৰণ কৰিছিল। তাৰ পিছত লুলাই মাৰিছ লেটিচিয়াক বিয়া কৰায়। দ্বিতীয় পত্নীৰ চাৰিটা সন্তান আছিল। ২০১৭ চনত হাৰ্ট এটেকত আক্ৰান্ত হৈ মাৰিছৰ মৃত্যু হয়। ইয়াৰ পিছতহে তেওঁ ৰোজাংগেলা ছিলভাৰ ওচৰ চাপিছিল, যি সময়ত তেওঁ দুৰ্নীতিৰ অভিযোগত কাৰাগাৰত আছিল। পিছত ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ে তেওঁক মুকলি কৰি দিয়ে।
    Published by:Sanjay Kumar Das
    First published: