জাকাৰ্টীঃ ইণ্ডোনেছিয়াৰ (Indonesia) প্ৰাক্তন ৰাষ্ট্ৰপতি সুকৰ্ণাৰ (Indonesia’s former president Sukarno) কন্যা সুকমাৱতী সুকৰ্ণাপুত্ৰীয়ে (Sukmawati Sukarnoputri) ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম আঁকোৱালি লোৱাৰ (Convert to Hinduism from Islam) সিদ্ধান্ত লয়। এক পূজাত অংশ লৈ হিন্দু ধৰ্মক আঁকোৱালি লোৱাৰ সিদ্ধান্ত লয় ৭০ বছৰীয়া সুকমাৱতীয়ে।
চিএনএন ইণ্ডোনেছিয়াৰ ৰিপ’ৰ্টৰ মতে মঙলবাৰে সুকৰ্ণা হেৰিটেজ এৰিয়াত (Sukarno Center Heritage Area) এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সুকমাৱতী প্ৰাক্তন ৰাষ্ট্ৰপতি সুকৰ্ণাৰ তৃতীয় কন্যা। লগতে তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি মেগাৱতী সুকৰ্ণাপুত্ৰীৰ কনিষ্ঠ ভগ্নী। ৭০ বছৰীয়া সুকমাৱতী সুকৰ্ণাপুত্ৰী ইণ্ডোনেছিয়াতে থাকে। ২০১৮ত তেওঁ কঠোৰপন্থী ইছলামিত গোটে তেওঁৰ বিৰুদ্ধে ধৰ্মনিন্দাৰ অভিযোগ কৰিছিল।
দৰাচলতে সুকমাৱতীয়ে লিখা এটা কবিতাই ইছলামক অপমান কৰাৰ আপত্তি কৰিছিল কট্টৰপন্থী সকলে। এই বিতৰ্কৰ পিছত সুকমাৱতীয়ে নিজৰ কবিতাটোৰ কাৰণে ক্ষমা বিচাৰে কিন্তু বিবাদৰ অন্ত নপৰে। সততে তেওঁক এই বিষয়টোত লেটিয়াই সমালোচনা কৰা হৈছিল।
ইণ্ডোনেছিয়াত ইছলাম ধৰ্মীৰ সংখ্যা সৰ্বাধিক। কেৱল ইমানেই নহয় বিশ্বৰ ভিতৰতে সৰ্বাধিক ইছলামিক লোক ইণ্ডোনেছিয়াত আছে। উল্লেখ্য যে সুকমাৱতীৰ পিতৃ সুকৰ্ণাৰ সময়ত ভাৰত আৰু ইণ্ডোনেছিয়াৰ সম্পৰ্ক যথেষ্ট ভাল আছিল।
কিয় হিন্দু ধৰ্ম গ্ৰহণ?সুকমাৱতীৰ অধিবক্তা বিটাৰিয়ানো ৰেজ’ছ’প্ৰ’জ’ৰ মতে তেওঁৰ আইতাকৰ ধৰ্ম হিন্দু। সুকমাৱতীয়ে হিন্দু ধৰ্মৰ শাস্ত্ৰ আদিও ভালকৈ অধ্যয়ন কৰিছে।
বালীৰ যাত্ৰাৰ সময়ত সুকমাৱতীয়ে প্ৰায়ে হিন্দু ধৰ্মীয় সমাৰোহত অংশ লৈছিল আৰু হিন্দু ধৰ্মৰ বিশেষ ব্যক্তিসকলৰ সৈতে কথা–বতৰা পাতিছিল। সুকমাৱতীয়ে হিন্দু ধৰ্মলৈ পৰিৱৰ্তিত হোৱা অনুষ্ঠানক ‘শুদ্ধি’ কোৱা হৈছে। সুকমাৱতীয়ে কেইবাবছৰৰ পৰা হিন্দু ধৰ্ম ল’ব বিচাৰি আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|