কাটাৰত অনুষ্ঠিত এইবাৰৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা চাবলৈ যোৱা দৰ্শকসকলক লৈ কাটাৰ চৰকাৰে কেতবোক বিধি-নিষেধ আৰোপ কৰিছিল। ধৰ্মীয় ৰক্ষণশীলতা প্ৰভাৱ থকা দেশখনে ঘোষণা কৰা বিধি-নিষেধক লৈ চাৰিওফালে চৰ্চাও হৈছিল। এই সময়তে ফিফা বিশ্বকাপৰ সমানে এগৰাকী সুন্দৰী মডেলৰ কাৰ্যই লাভ কৰিছে চৰ্চা। তেওঁ প্ৰাক্তন মিছ ক্ৰ’ৱেচিয়া, মডেল ইভানা ন’ল।
![]()
দুখনকৈ খেল চাবলৈ যোৱা মডেলগৰাকী সমালোচকৰ লক্ষ্যত পৰিছে। কাৰণ মডেল নলে পিন্ধি আহিছে কাটাৰ প্ৰশাসনৰ দৃষ্টিত আপত্তিজনক সাজ। একপ্ৰকাৰ কাটাৰ চৰকাৰৰ বিধি-নিষেধৰ বিৰুদ্ধে অৱস্থান কৰিছে তেওঁ। আনকি কাটাৰৰ সাগৰৰ পাৰত গৈছে বিকিনি পিন্ধি, আৰু ইয়াক তেওঁ আজি আপলোড কৰিছে ইনষ্টাগ্ৰামত।
এই কথা কাটাৰৰ প্ৰশাসনৰো দৃষ্টিগোচৰ হৈছে। এনে অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগও উত্থাপন হৈছে। চৰ্চাৰ মাজতে ন’লৰ মত যে কাটাৰৰ জনসাধাৰণক তেওঁৰ আকৰ্ষণীয় কাপোৰে ক্ষুণ্ণ কৰা নাই, বৰঞ্চ তেওঁলোকে ইয়াক উপভোগ কৰি আছে।
টিএমজেড স্প’ৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ন'লে কয়- ‘স্থানীয় লোকে মোক কৈছে যে মই যি বিচাৰোঁ পিন্ধিব পাৰোঁ। কিন্তু মই নাজানিছিলো যে বীচ্চত মোৰ বিকিনিৰ ভিডিঅ'টো ইমান চৰ্চিত হ'ব।
ন'লে লগতে কয়- ‘মই গ্ৰেপ্তাৰবৰণ কৰিবলৈ কেতিয়াও ভয় নকৰোঁ আৰু মই নাভাবো যে মই বিকিনি পিন্ধা কোনো এজনক আঘাত দিব পাৰোঁ। যদি মই গ্ৰেপ্তাৰৰ যোগ্য হয়, তেন্তে মোক গ্ৰেপ্তাৰ কৰক।'
উল্লেখ্য, কাটাৰ চৰকাৰৰ নিয়ম অনুসৰি সাধাৰণতে পুৰুষ আৰু মহিলাৰ বাবে কান্ধ আৰু আঁঠু ঢাকি ৰখাটো বাঞ্ছনীয়। এনে পৰিস্থিতিত এতিয়া বহুতে মত ব্যক্ত কৰে যে মডেল ন’লাই সকলো নিয়ম আওকাণ কৰিছে, তেনে ক্ষেত্ৰত তেওঁক গ্ৰেপ্তাৰ কৰা উচিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|