নিৰ্বাচন প্ৰচাৰৰ সময়ত ভাষণ দি আছিল শ্বিনজ’ আবেই। সেই সময়তে হঠাৎ দুৰ্বৃত্তই গুলীচালনা কৰিছিল। মঞ্চতে ঢলি পৰিছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু শেষ ৰক্ষা নহ’ল আবেৰ। উল্লেখযোগ্য যে আবেলৈ লক্ষ্য কৰি দুজাঁই গুলীচালনা কৰি সেই স্থানতে ৰৈ আছিল আক্ৰমণকাৰী। পলাবলৈও কোনো চেষ্টা কৰা নাছিল আক্ৰমণকাৰীয়ে। কিয় আবেৰ ওপৰত এই আক্ৰমণ সেই সম্পৰ্কে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে।
যিজন লোকে আবেলৈ গুলীচালনা কৰিছিল, তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। কোৱা হৈছে যে য়ামাগামীয়ে ৩ডি প্ৰিণ্টেড বন্দুকেৰে গুলীচালনা কৰিছিল, অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই। আবেই এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয়।