প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ, ধাৰাভাষ্যকৰ ডীন জ'নছৰ মৃত্যু

News18 Assam | News18-Assam
Updated:September 24, 2020, 5:36 PM IST
প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ, ধাৰাভাষ্যকৰ ডীন জ'নছৰ মৃত্যু
১৯৬১ চনৰ ২৪ মাৰ্চত অষ্ট্ৰেলিয়াত জন্ম গ্ৰহণ কৰা জ'নছে কেংগেৰু বাহিনীৰহৈ ৫২খন টেষ্ট আৰু ১৬২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল।

১৯৬১ চনৰ ২৪ মাৰ্চত অষ্ট্ৰেলিয়াত জন্ম গ্ৰহণ কৰা জ'নছে কেংগেৰু বাহিনীৰহৈ ৫২খন টেষ্ট আৰু ১৬২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল।

  • News18 Assam
  • Last Updated: September 24, 2020, 5:36 PM IST
  • Share this:
প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ আৰু বৰ্তমানৰ ষ্টাৰ স্পৰ্টছৰ ধাৰাভাষ্যকাৰ ডীন জ'নছে হঠাত্‍ হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হোৱাৰ ফলত মৃত্যুক সাৱটি লয়। বৃহস্পতিবাৰে মুম্বাইত মৃত্যুক সাৱটি লয় অষ্ট্ৰেলিয়ান প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। মৃত্যুৰ সময়ত ডীন জ'নছৰ বয়স আছিল ৫৯ বছৰ।

১৯৬১ চনৰ ২৪ মাৰ্চত অষ্ট্ৰেলিয়াত জন্ম গ্ৰহণ কৰা জ'নছে কেংগেৰু বাহিনীৰহৈ ৫২খন টেষ্ট আৰু ১৬২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল। ১৯৮৪ চনৰ ১৬ মাৰ্চত টেষ্ট মেছৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা ডীন জ'নছে ১৯৯২ চনৰ ১৩ ছেপ্তেম্বৰত শ্ৰী লংকাৰ বিৰুদ্ধে অন্তিমখন টেষ্টত অংশ লৈছিল।

আনহাতে ১৯৮৪ চনৰ ৩০ জানুৱাৰীত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অভিষেক ঘটিছিল জ'নছৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ১৮ টা শতৰান অৰ্জন কৰিছিল অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰগৰাকীয়ে। সফল ক্ৰিকেটাৰ গৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিশ্ব ক্ৰিকেটপ্ৰেমীয়ে।
Published by: Himangshu Bhuyan
First published: September 24, 2020, 5:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading