মাস্ক খুলি চুম্বন! বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হ’ল দম্পতীয়ে

News18 Assam | News18-Assam
Updated:October 20, 2020, 11:09 AM IST
মাস্ক খুলি চুম্বন! বৃহৎ পৰিমাণৰ জৰিমনা ভৰিবলগীয়া হ’ল দম্পতীয়ে
প্ৰতীকী ফটো

চুম্বনৰত দম্পতীৰ অভিযোগ, তেওঁলোকে যেতিয়া চুম্বন কৰিছিল, সেই সময়ত আশে–পাশে কোনো লোক নাছিল। সেয়েহে তেওঁলোকক অযথা জৰিমনা বিহা হৈছে।

  • Share this:
ইটালীৰ মিলানত ৰাজহুৱা স্থানত চুম্বন কৰাৰ বাবে এক দম্পতীক ৩৬০ পাউণ্ড (৩৪ হাজাৰ টকাৰো অধিক) জৰিমনা কৰা হয়। কাৰণ, এইদৰে মুকলিভাৱে এজনে আনজনক সাবটি ধৰা কাৰ্য কোভিড প্ৰট’কল ভংগ কৰে। ঘটনা ঘটিছে ৯ অক্টোবৰত। ৪০ বছৰীয়া এজন লোকে জীৱনসংগীক ৰাজপথত চুম্বন কৰিবলৈ গৈ খুলি পেলালে মাস্ক! তাৰ পিছতে বিপত্তি!

চুম্বনৰত দম্পতীক ঘেৰি ধৰিলে ৪ আৰক্ষী বিষয়াই। তেওঁলোকে বাধ্য হৈ দেখুৱালে এংগেজমেণ্টৰ প্ৰমাণপত্ৰ, যিখন দেখিলে বুজা যায় যে তেওঁলোক আঢ়ৈ বছৰ ধৰি এজন আনজনৰ সংগী। সম্পৰ্কৰ প্ৰমাণপত্ৰ হিচাপে স্মাৰ্টফোনৰ ফটো, ভিডিঅ’ তথা মেছেজ দেখুওৱাৰ পিছতো আৰক্ষী বিষয়াসকল সন্তুষ্ট হোৱা নাছিল। কাৰণ তেওঁলোকৰ নথিত আছিল পৃথক পৃথক ঠিকনা।

দুয়োজনৰ পৰিচয় জনাৰ পিছত আৰক্ষীয়ে ইটালী চৰকাৰৰ নিয়ম অনুসৰি ৩৬০ পাউণ্ড জৰিমনা বিহে। ইটালীত চৰকাৰী নিয়ম অনুসৰি সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে এজনে আনজনৰ পৰা কমেও ১ মিটাৰ দূৰত্ব বজাই ৰাখিব লাগে। এই নিষেধাজ্ঞা যিয়ে একেলগে থাকে তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।

চুম্বনৰত দম্পতীৰ অভিযোগ, তেওঁলোকে যেতিয়া চুম্বন কৰিছিল, সেই সময়ত আশে–পাশে কোনো লোক নাছিল। সেয়েহে তেওঁলোকক অযথা জৰিমনা বিহা হৈছে।
Published by: Sanjay Kumar Das
First published: October 20, 2020, 11:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading