২০২২ৰ কাটাৰ বিশ্বকাপৰ সূচী ঘোষণা কৰিলে ফিফাই, চাওক বিশ্বকাপৰ সূচী

News18 Assam | News18-Assam
Updated:July 16, 2020, 11:10 AM IST
২০২২ৰ কাটাৰ বিশ্বকাপৰ সূচী ঘোষণা কৰিলে ফিফাই, চাওক বিশ্বকাপৰ সূচী
দোহাৰ পাৰ্শ্বৱৰ্তী ৮খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচসমূহ।

দোহাৰ পাৰ্শ্বৱৰ্তী ৮খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচসমূহ।

  • Share this:
কোৰোণা ভাইৰাছত বিভীষিকাৰ মাজতে বাজিল ফুটবল বিশ্বকাপৰ দামামা! ২০২২ চনৰ কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ সূচী ঘোষণা কৰিলে ফিফাই। ২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ফুটবল বিশ্বকাপ। ১৮ ডিচেম্বৰত হ’ব বিশ্বকাপৰ ফাইনেল।

মধ্যপ্ৰাচ্যত ইয়াৰ পূৰ্বে কেতিয়াও ফুটবল বিশ্বকাপৰ আয়োজন কৰা হোৱা নাছিল। লগতে ২০২২ চনত প্ৰথমবাৰলৈ শীতকালত অনুষ্ঠিত হ’ব বিশ্বকাপ। প্ৰতিদিনে অনুষ্ঠিত হ’ব চাৰিখনকৈ মেচ। ২০২২ চনৰ মাৰ্চ বা এপ্ৰিলত চূড়ান্ত সূচী প্ৰকাশ কৰিব ফিফাই।

আল বেয়াত ষ্টেডিয়ামত ২১ নৱেম্বৰত উদ্বোধনী মেচেৰে আৰম্ভ হ’ব বিশ্বকাপৰ। সূচী অনুসৰি, গ্ৰুপ মেচ চলিব ১২ দিন। প্ৰতিদিনে হ’ব চাৰিখনকৈ মেচ। স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত, ৪ বজাত, সন্ধিয়া ৭ বজাত আৰু নিশা ১০ বজাত অনুষ্ঠিত হ’ব খেলসমূহ। গ্ৰুপৰ শেষ ৰাউণ্ডৰ মেচসমূহ আৰু নকআউট পৰ্যায়ৰ মেচসমূহ হ’ব সন্ধিয়া ৬ বজাত আৰু নিশা ১০ বজাত।



দোহাৰ পাৰ্শ্বৱৰ্তী ৮খন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচসমূহ। ফিফাৰ ফালৰ পৰা জনোৱা হৈছে, বিভিন্ন খেলপথাৰলৈ যাবলৈ বিমানৰ প্ৰয়োজন নহ’ব। আটাইকেইখন ষ্টেডিয়ামে ওচৰা–ওচৰি।
Published by: Sanjay Kumar Das
First published: July 16, 2020, 11:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading