মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বল বুলি কেমেৰাই ফ’কাচ কৰিলে ‘তপা মূৰ’, বাৰে বাৰে ভুল কৰিলে কেমেৰামেনে, ফুটবল খেলত অথন্তৰ, ভিডিঅ’ ভাইৰেল

বল বুলি কেমেৰাই ফ’কাচ কৰিলে ‘তপা মূৰ’, বাৰে বাৰে ভুল কৰিলে কেমেৰামেনে, ফুটবল খেলত অথন্তৰ, ভিডিঅ’ ভাইৰেল

বল বুলি ভাবি কেমেৰাত ফ’কাচ কৰিলে তপা মূৰ। ভাইৰেল হ’ল ফুটবল মেচ ভিডিঅ’

বল বুলি ভাবি কেমেৰাত ফ’কাচ কৰিলে তপা মূৰ। ভাইৰেল হ’ল ফুটবল মেচ ভিডিঅ’

  • Share this:
২০২০ত যেন সকলো সম্ভৱ। সম্প্ৰতি এখন ফুটবল মেচে যেন সেই কথাটোকে আকৌ সঁচা প্ৰমাণিত কৰিলে। ফুটবল খেলৰ মাজতে ঘটিল এক আচৰিত ঘটনা। কেমেৰামেনে ৰসাল কৰি তুলিলে সমগ্ৰ পৰিবেশ। ফুটবলৰ পৰিৱৰ্তে বাৰে বাৰে মেচখনত লাইনমেন হিচাপে থকা এজন লোকৰ  তপা মূৰকে ফ’কাচ কৰি থাকিলে।ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে স্কটলেণ্ডৰ সেই ফুটবল মেচখনৰ ভিডিঅ’টো।


স্কটলেণ্ডৰ ক্যালেডনিয়ান ষ্টেডিয়ামত দুটা স্থানীয় ক্লাৱৰ মাজত অনুষ্ঠিত হৈছিল এখন প্ৰীতি ফুটবল মেচ। মেচৰ পূৰ্বে ঘোষণা কৰা হৈছিল যে,মেচখনত এ আই কেমেৰাৰ ব্যৱহাৰ কৰা হ’ব। যাৰ জৰিয়তে বল ট্ৰেকিং কেমেৰাৰে মেচখনৰ ফুটেজ ল’ব পৰা হ’ব। আৰু কোৰোণাৰ বাবে সকলোকে ঘৰতে বহি মেচ উপভোগ কৰিবলৈ পৰামৰ্শ দিলে আয়োজকে।


কিন্তু বাস্তৱত যেন সকলো ওলট-পালট হৈ গ’ল। দেখা গ’ল যে, যেতিয়া বলক ফল’ কৰাৰ কথা আহিল, তেতিয়া লাইনমেনৰ তপা মূৰটোকে ফ’কাছ কৰি থাকিল কেমেৰাই। আচলতে ফুটবলক ফ’কাচ কৰাৰ বাবে প্ৰোগেমিং কৰা আছিল কেমেৰা। কিন্তু  লাইনমেনৰ তপা মূৰটোকে বল বুলি ভাবি ফ’কাচ কৰি থাকিল আৰ্টিফিচিয়েল ইনটেলিজেন্স কেমেৰা প্ৰোগেমিঙে।

শেহতীয়া বাতৰি