T-20ত বাংলাদেশৰ হাতত পৰাজিত ভাৰত, কিয় এই দুৰ্দশা টীম ইণ্ডিয়াৰ? ভাৰতৰ পৰাজয়ৰ ৫টা কাৰণ!

৩খনীয়া টি–২০ ছিৰিজৰ প্ৰথমখন মেচত ভাৰতে ৭ উইকেটত পৰাজয় বৰণ কৰে আৰু এই জয়েৰে ইতিহাস ৰচিলে বাংলাদেশে।

News18-Assam
Updated:November 4, 2019, 9:56 AM IST
T-20ত বাংলাদেশৰ হাতত পৰাজিত ভাৰত, কিয় এই দুৰ্দশা টীম ইণ্ডিয়াৰ? ভাৰতৰ পৰাজয়ৰ ৫টা কাৰণ!
৩খনীয়া টি–২০ ছিৰিজৰ প্ৰথমখন মেচত ভাৰতে ৭ উইকেটত পৰাজয় বৰণ কৰে আৰু এই জয়েৰে ইতিহাস ৰচিলে বাংলাদেশে।
News18-Assam
Updated: November 4, 2019, 9:56 AM IST
দিল্লীৰ অৰুণ জেটলী খেলপথাৰত দেখা গ’ল ক্ৰিকেট ইতিহাসত কেতিয়াও নেদেখা দৃশ্য। টি–২০ ফৰ্মেটত প্ৰথমবাৰ টীম ইণ্ডিয়াই বাংলাদেশৰ হাতত পৰাস্ত হ’বলগীয়া হ’ল। ৩খনীয়া টি–২০ ছিৰিজৰ প্ৰথমখন মেচত ভাৰতে ৭ উইকেটত পৰাজয় বৰণ কৰে আৰু এই জয়েৰে ইতিহাস ৰচিলে বাংলাদেশে। প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ২০ অভাৰত সংগ্ৰহ কৰে ১৪৮ ৰান। কিন্তু আলহী দল বাংলাদেশে তিনিটা বল বাকী থকা অৱস্থাতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। কিয় বাংলাদেশৰ হাতত এই দুৰ্দশা টীম ইণ্ডিয়াৰ? চাওক ইয়াৰ ৫টা কাৰণ।

পৰাজয়ৰ প্ৰথম কাৰণ
ভাৰতৰ পৰাজয়ৰ প্ৰথমটো কাৰণ হ’ল দুৰ্বল বেটিং। অধিনায়ক ৰোহিত শৰ্মাই দলক সুন্দৰ আৰম্ভণি দিয়াত বিফল হয়। প্ৰথম অভাৰতে ৯ ৰান সংগ্ৰহ কৰি আউট হয় ৰোহিত শৰ্মা। কে এল ৰাহুলে ১৫ আৰু ঋষভ পন্তে ২৭ ৰান সংগ্ৰহ কৰে। আনহাতে, আক্ৰমণাত্মক ভূমিকা লোৱাৰ ফলত ২২ ৰানতে আউট হ’বলগীয়া হয় শ্ৰেয়ষ আয়াৰ। টি–২০ত অভিষেক ঘটোৱা শিৱম ডুবেই ১ ৰানতে পেভিলিয়নমুখী হয়। ক্ৰুণাল পাণ্ডিয়া আৰু ৱাশ্বিংটন সুন্দৰে অন্তিম দুই অভাৰত দ্ৰুতগতিৰে ৰান সংগ্ৰহ কৰি কোনোমতে দলীয় স্ক’ৰ ১৪৮লৈ লৈ যায়। অন্যথা বাংলাদেশে ১৯ অভাৰো খেলিবলগীয়া নহ’লহেঁতেন।



পৰাজয়ৰ দ্বিতীয় কাৰণ
ভাৰতৰ পৰাজয়ৰ দ্বিতীয় কাৰণ হ’ল দুৰ্বল বলিং। বলাৰে আৰম্ভণিতে বিপক্ষৰ বেটছমেনক চাপত ৰাখিলেও ৩৯ বলতে বাংলাদেশৰ স্ক’ৰ ৫০ অতিক্ৰম কৰে। মিডিল অভাৰত বাংলাদেশৰ উইকেট পেলাবলৈ সক্ষম নহ’ল ভাৰতীয় বলাৰ। ডেথ অভাৰত টীম ইণ্ডিয়াৰ বলাৰে প্ৰদৰ্শন কৰে অতি নিম্নমানৰ বলিং। অন্তিম তিনি অভাৰত বাংলাদেশক ৩৫ ৰানৰ প্ৰয়োজন আছিল, কিন্তু ১৮ আৰু ১৯সংখ্যক অভাৰতে টীম ইণ্ডিয়াই ৩১ ৰান দি খেলখন বাংলাদেশক অৰ্পণ কৰে।



পৰাজয়ৰ তৃতীয় কাৰণ
ভাৰতীয় দলৰ পৰাজয়ৰ তৃতীয়টো কাৰণ ফিল্ডিং। বাংলাদেশৰ বেটছমেনে আৰম্ভণিৰে পৰা ভাৰতীয় ফিল্ডাৰৰ দুৰ্বলতাৰ সুযোগ লয়। ভাৰতে ৰান আউটৰ কেইবাটাও সুযোগ নষ্ট কৰে। ১৮সংখ্যক অভাৰত য়ুজবেন্দ্ৰ চহলৰ বলত যেতিয়া ক্ৰুণাল পাণ্ডিয়াই মুছফিকুৰ ৰহিমৰ সহজ কেচ ধৰিব নোৱাৰাত বাংলাদেশৰ বাবে খেলখন আৰু সহজ হৈ পৰে। কিয়নো জীৱনদান পোৱাৰ পিছত মুছফিকুৰে সংগ্ৰহ কৰে ২০ ৰান।



পৰাজয়ৰ চতুৰ্থ কাৰণ
ভাৰতৰ পৰাজয়ৰ আটাইতকৈ ডাঙৰ কাৰণ ডি আৰ এছৰ সঠিক ব্যৱহাৰ নকৰা। মুছফিকুৰ ৰহিম এবাৰ নহয়, ২–২ বাৰ NBW আউট আছিল, কিন্তু উইকেটকীপাৰ পন্তে এবাৰো গম নাপালে যে বল মিডিল ষ্টাম্পৰ আছিল। পন্তে য়ুজবেন্দ্ৰ চহলৰ বলত নষ্ট কৰে ডিআৰএছৰ সুযোগ। দশম অভাৰত বলত পন্তে সৌম্য সৰকাৰৰ বিৰুদ্ধে কেচৰ আপিল কৰে। আম্পায়াৰে নট আউট ঘোষণা কৰে। বলাৰ চহলেও আপিল কৰা নাছিল, কিন্তু পন্তে ৰোহিত শৰ্মাক ৰিভিউৰ বাবে কয় আৰু ভাৰতৰ ডিআৰএছ শেষ হয়।

পৰাজয়ৰ পঞ্চম কাৰণ
টীম ইণ্ডিয়াৰ পৰাজয়ৰ আন এটা কাৰণ হ’ল টছ। বাংলাদেশৰ অধিনায়ক মহম্মদুল্লাহে টছ জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়, কিয়নো দিল্লীত নিশা নিয়ৰ পৰে আৰু বেটিং কৰাত সহজ হয়। সেইবাবেই বাংলাদেশে কেৱল তিনিটা উইকেট হেৰুৱাই সহজে লক্ষ্য অতিক্ৰম কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি