• Home
  • »
  • News
  • »
  • world
  • »
  • Indian Students: কানাডাৰ টৰণ্টোত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ মেধাৱী ভাৰতীয় ছাত্ৰ

Indian Students: কানাডাৰ টৰণ্টোত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ মেধাৱী ভাৰতীয় ছাত্ৰ

ভাৰতীয় শিক্ষাৰ্থীসকলে যাত্ৰা কৰি থকা ভানখনত সাতজন লোক আছিল।

ভাৰতীয় শিক্ষাৰ্থীসকলে যাত্ৰা কৰি থকা ভানখনত সাতজন লোক আছিল।

ভাৰতীয় শিক্ষাৰ্থীসকলে যাত্ৰা কৰি থকা ভানখনত সাতজন লোক আছিল।

  • Share this:
কানাডাৰ টৰণ্টোত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পাঁচজন ভাৰতীয় শিক্ষাৰ্থী নিহত হয়। খবৰ অনুসৰি, শনিবাৰে ৰাতিপুৱা টৰণ্টোৰ ওচৰত পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। কানাডাৰ (Canada) অণ্টাৰিঅ' ঘাইপথত সংঘটিত ট্ৰেক্টৰ-ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত এই শোকাবহ দুৰ্ঘটনা ঘটে।

ভাৰতীয় শিক্ষাৰ্থীসকলে যাত্ৰা কৰি থকা ভানখনত সাতজন লোক আছিল। ঘটনাস্থলীতে পাঁচোজন ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ বিপৰীতে দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় (Indian students were killed in a road accident in Canada) ।

শোকাৱহ দুৰ্ঘটনাত ভাৰতীয় ছাত্ৰৰ মৃত্যুৰ খবৰ সোমবাৰে কানাডাৰ ভাৰতীয় উচ্চায়ুক্ত অজয় বিছাৰিয়াই (Ajay Bisaria) জনায়। অজয় বিছাৰিয়াই নিহত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

নিহত পাঁচজন ভাৰতীয় শিক্ষাৰ্থীৰ পৰিচয় অনুসৰি তেওঁলোক হৰপ্ৰীত সিং (২৪), জস্পিন্দৰ সিং (২১), কৰণপাল সিং (২২), মোহিত চৌহান (২৩) আৰু পৱন কুমাৰ (২৩)।



কি কাৰণত ভয়াবহ দুর্ঘটনা সংঘটিত হৈছে তাক লৈ স্থানীয় পুলিশে তদন্ত চলায় আছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি