নেপালৰ পোখাৰাৰ সমীপৰ য়েটি এয়াৰলাইন্সৰ এটিআৰ-৭২ বিমান দুৰ্ঘটনাত মৃত্যুবৰণ কৰা যাত্ৰীসকলৰ মাজত আছিল ৫জন ভাৰতীয় যাত্ৰীও। দুৰ্ঘটনাত মুঠ ৬৮গৰাকী যাত্ৰীৰ মৃত্যু হয়। বিমানখনত মুঠ ৬৮গৰাকী যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ আছিল।
গন্তব্যস্থানৰ পৰা কেইকিলোমিটাৰমান দূৰত্বত প্ৰায় ২০ মিনিট পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাস্থলীত হেলিকপ্টাৰসহ উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে। উদ্ধাৰ অভিযান চলি আছে।
ইতিমধ্যে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। বিমানত থকা লোকসকলৰ বিষয়ে তথ্য বা যিকোনো ধৰণৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে।
এই সংখ্যাবোৰ এনেকুৱা:
কাঠমাণ্ডুত দিৱাকৰ শৰ্মাঃ +৯৭৭-৯৮৫১১০৭০২১
পোখাৰাত লেফটেনেণ্ট কৰ্ণেল শশাংক ত্ৰিপাঠীঃ +৯৭৭-৯৮৫৬০৩৭৬৯৯
ভাৰতীয় দূতাবাসে এই ঘটনা সন্দৰ্ভত স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।
নেপাল চৰকাৰে ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা
পোখাৰা বিমানবন্দৰত য়েটি বিমান সংস্থাৰ বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কাইলৈ ৰাষ্ট্ৰীয় শোক দিৱস ঘোষণা কৰিছে নেপাল চৰকাৰে। আনহাতে ভাৰতত থকা নেপালৰ ৰাষ্ট্ৰদূতে পোখাৰাত ৫ জন ভাৰতীয়কে ধৰি ৭২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰ কঢ়িয়াই অনা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত গভীৰ দুখ প্ৰকাশ কৰিছে। তেওঁ কয় যে আমি মৃতকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|