உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • HIVৰ পৰা আৰোগ্য হ’ল বিশ্বৰ প্রথমগৰাকী মহিলা; Stem Cell Transplantৰ দ্বাৰা হ’ল এই অসাধ্য সাধন

    HIVৰ পৰা আৰোগ্য হ’ল বিশ্বৰ প্রথমগৰাকী মহিলা; Stem Cell Transplantৰ দ্বাৰা হ’ল এই অসাধ্য সাধন

    মধ্য বয়সীয়া এই মহিলাগৰাকীৰ এই ঘটনা ইতিমধ্যে ডেনবাৰৰ Conference on Retroviruses and Opportunistic Infection ত বাখ্যা কৰা হৈছে।

    মধ্য বয়সীয়া এই মহিলাগৰাকীৰ এই ঘটনা ইতিমধ্যে ডেনবাৰৰ Conference on Retroviruses and Opportunistic Infection ত বাখ্যা কৰা হৈছে।

    মধ্য বয়সীয়া এই মহিলাগৰাকীৰ এই ঘটনা ইতিমধ্যে ডেনবাৰৰ Conference on Retroviruses and Opportunistic Infection ত বাখ্যা কৰা হৈছে।

    • Share this:
    মার্কিন যুক্তৰাষ্ট্ৰৰ ৰক্তৰ কৰ্কট ৰোগৰে যুঁজি থকা এগৰাকী মহিলা আৰোগ্য হ’ল Humane Immunodeficiency Virus চমুকৈ HIVৰ পৰা। AIDS ৰোগত আক্ৰান্ত কৰা ভাইৰাছ HIVৰ বিৰুদ্ধে স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা থকা এগৰাকী ব্যক্তিৰ পৰা Stem Cell Transplant গ্ৰহণ কৰি আৰোগ্য হোৱা মহিলা গৰাকী বিশ্বৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছে। মধ্য বয়সীয়া এই মহিলা গৰাকীৰ এই ঘটনা ইতিমধ্যে ডেনবাৰৰ Conference on Retroviruses and Opportunistic Infection ত বাখ্যা কৰা হৈছে।

    উল্লেখযোগ্য যে, দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক দি হিন্দুৰ আজিৰ সংখ্যাত প্ৰকাশ পোৱা মতে,  নাভিৰজ্জুৰ ৰক্তৰ পৰা সংগৃহীত Stem Cellৰে Acute Myeloid Leukemiaৰ চিকিৎসা কৰা এইগৰাকী বিশ্বৰ প্ৰথম গৰাকী মহিলা। এই বিধ কৰ্কট হাড়ৰ মজ্জাত অপ্ৰয়োজনীয় কোষ বৃদ্ধি হোৱাৰ ফলত হয়। ইফালে International AIDS Societyৰ অধ্যক্ষ ছেৰণ  লুইনে জনোৱা মতে, এগৰাকী মহিলা HIVৰ পৰা মুক্ত হোৱাৰ এইটো প্রথমটো ঘটনা। ইয়াৰ পূৰ্বে দুগৰাকী পুৰুষ আৰোগ্য হৈছে।

    এই বিশেষ ঘটনা উক্ত পদ্ধতিৰে HIVৰ বিৰুদ্ধে উদ্ভাৱনী চিকিৎসাৰ লছ এঞ্জেলচৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয় আৰু বাল্টিমৰৰ জনচ্ হপকিনচ্ বিশ্ববিদ্যালয়ত চলি থকা গৱেষণাৰ অংশ বিশেষ। এই বিশ্ববিদ্যালয় দুখনৰ চিকিৎসা বিজ্ঞানীসকলে HIVৰে আক্রান্ত প্ৰায় ২৫জনক (যি ৰক্ত কৰ্কট ৰোগীৰেও আক্রান্ত হৈ আছে) চিনাক্ত কৰি গৱেষণা চলাই গৈছিল। পদ্ধতি অনুসৰি পোন প্ৰথমে ব্যক্তিজনক Chemotherapy প্ৰদান কৰি কৰ্কট সৃষ্টি কৰা কোষবোৰ ধ্বংস কৰা হয় তাৰ পিছত তেওঁলোকৰ গাত বিশেষ  Genetic Mutation কৰি এনে বিশেষ ব্যক্তিৰ Stem Cell সংৰোপন কৰা হয় যাৰ HIVৰ বিৰুদ্ধে স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা আছে ।
    Published by:Himangshu Bhuyan
    First published: