কেৱল মহৰ দ্বাৰাই নহয়, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমণ হয় ডেংগু! ক’ত ধৰা পৰিল

News18-Assam
Updated:November 11, 2019, 1:24 PM IST
কেৱল মহৰ দ্বাৰাই নহয়, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমণ হয় ডেংগু! ক’ত ধৰা পৰিল
Source-Google

যৌন সম্পৰ্কৰ ফলত এগৰাকী ৪১ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে ডেংগু

  • Share this:
কেৱল মহৰ দ্বাৰাই নহয়, যৌন সম্পৰ্কৰ দ্বাৰাও সংক্ৰমিত হয় মৰাত্মক ডেংগু। যৌন সম্পৰ্কৰ ফলত এগৰাকী ৪১ বছৰীয়া ব্যক্তিৰ দেহত ধৰা পৰিছে ডেংগু। প্ৰথমবাৰলৈ এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছে স্পেইনত। স্পেইনৰ হেল্থ অ’থৰিটীয়ে নিশ্চিত কৰিছে এই তথ্য।

কেইদিনমান পূৰ্বে  এগৰাকী মহিলাই কিউবা ভ্ৰমণৰ সময়তে আক্ৰান্ত হৈছিল ডেংগুত। পিছত মহিলাগৰাকীৰ সৈতে মাদ্ৰিদৰ ৪১ বছৰীয়া এজন ব্যক্তিয়ে যৌন সম্পৰ্ক স্থাপন কৰে। যোৱা ছেপ্টেম্বৰ মাহত ব্যক্তিজনৰ দেহত চিকিৎসকে ধৰা পেলাই ডেংগু। কিন্তু লোকজনৰ দেহত ডেংগুৰ  বিজাণু কিদৰে আহিল, তাকলৈ যথেষ্ট সমস্যাত পৰে চিকিত্‍সক।  কাৰণ ডেংগু সংক্ৰমণ হ’ব পৰা কোনো স্পৰ্শকাতৰ ঠাইলৈ যোৱা নাছিল ব্যক্তিজন।

যিগৰাকী ডেংগু ৰোগত আক্ৰান্ত মহিলাৰ সৈতে লোকজনে যৌন সম্পৰ্ক স্থাপন কৰিছিল, সেই মহিলাগৰাকীৰ সৈতে ৰোগৰ লক্ষণ বোৰ একেই আছিল ব্যক্তিজনৰ। পিছত চিকিৎসকে শুক্ৰাণু পৰীক্ষা  কৰাত মহিলাগৰাকীৰ সৈতে একেই ভাইৰাছ ধৰা পেলাই ব্যক্তিজনৰ শৰীৰত। তেতিয়াই চিকিৎসক নিশ্চিত হয় যে, মহিলাগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ ফলতেই ডেংগুত আক্ৰান্ত হয় ব্যক্তিজন।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি