মহামাৰী সদৃশ ৰোগৰ সৈতে চীনৰ সম্পৰ্কৰ কথা কৈ শেষ কৰিব নোৱাৰি! বিগত ডেৰ বছৰৰো অধিক সময় ধৰি চীনৰ পৰা বিয়পি পৰা কোভিড১৯ মহামাৰীৰ সৈতে যুঁজি আছে সমগ্ৰ বিশ্বই। কোৰোণাৰ ত্ৰাসে বৰ্তমানেও সকলোকে ত্ৰস্তমান কৰি ৰখাৰ সময়তে এতিয়া চীনত বাৰ্ড ফ্লুৰ এটা নতুন ষ্টেইন ধৰা পৰিছে। H10N3 নামৰ এই ষ্টেইন প্ৰথমবাৰৰ বাবে এগৰাকী মানুহৰ শৰীৰত দেখিবলৈ পোৱা গৈছে । চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে নিজেই এই কথা ঘোষণা কৰি সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।
এমাহৰ পিছত প্ৰথম ৰোগীৰ তথ্য -চীনৰ জিনজিয়াং চহৰত এমাহ পূৰ্বে এগৰাকী ৪১ বছৰীয়া ব্যক্তি অসুস্থ হৈ চিকিৎসালয়লৈ গৈছিল। এমাহ সময় ধৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত এইটো নিশ্চিত কৰা হৈছিল যে, তেওঁ বাৰ্ড ফ্লুৰ H10N3 ষ্ট্ৰেইনত আক্ৰান্ত হৈছে। ৰোগীগৰাকীৰ শৰীৰত তীব্ৰ জ্বৰ আৰু চৰ্দিৰ দৰে লক্ষণ আছিল, যি কোৰোণাৰ দৰে আছিল। কিন্তু লোকজন কেনেকৈ এই ভাইৰাছৰ সংস্পৰ্শলৈ আহিছিল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
কোৰোণাৰ দৰে বাৰ্ড ফ্লুৰ বহু ষ্ট্ৰেইন বা প্ৰকাৰ আছে -H10N3 হৈছে বাৰ্ড ফ্লু ষ্ট্ৰেইনবোৰৰ ভিতৰত অন্যতম, যি যথেষ্ট বিপদজনক। যদিও আজিলৈকে এই প্ৰকাৰ দেখা পোৱা যোৱা নাছিল। কিন্তু চীনত এতিয়া ধৰা পৰিছে এই ৰোগত আক্ৰান্ত প্ৰথমগৰাকী ৰোগী। ইতিমধ্যে কোৰোণাক লৈ সন্দেহৰ আওঁতাত থকা চীনে এইবাৰ এই ফ্লুৰ নিশ্চিত কৰি নিজকে সুৰক্ষিত কৰাৰ চেষ্টা আৰম্ভ কৰিছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কয় যে, এই ষ্ট্ৰেইন পৰা ৰোগটো বিয়পোৱাৰ সম্ভাৱনা কম।
চিডিচি(CDC)য়ে এই সম্পৰ্কত কি কয় ?আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য সংস্থা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেনচন (CDC)য়ে পোনপটীয়াকৈ কয় যে, নিম্ন-বীজাণুৰ ঘটনা কেৱল চৰাইৰ মাজত সীমাবদ্ধ। সংগঠনটোৰ মতে, মানুহৰ ওপৰত এই ষ্ট্ৰেইন বা প্ৰকাৰ কিমান সংক্ৰামক বা মাৰাত্মক হ'ব পাৰে, সেয়া এতিয়াও জনা হোৱা নাই। বিদেশী প্ৰতিষ্ঠানসমূহ এতিয়া বাৰ্ড ফ্লুৰ এই নতুন ষ্ট্ৰেইনক লৈ সচেতন হৈছে আৰু বুজিবলৈ চেষ্টা কৰি আছে ।
এই ভাইৰাছ কেনেদৰে বিয়পে ?যদিও পৰিৱেশত বহু প্ৰকাৰৰ বাৰ্ড ফ্লুৰ ষ্ট্ৰেইন বা প্ৰকাৰ থাকে, তাৰে মাত্ৰ কেইটামানহে মানুহলৈ সংক্ৰমণ বিয়পাব পাৰে । বাৰ্ড ফ্লুক বৈজ্ঞানিকভাৱে এভিয়ান ইনফ্লুৱেঞ্জা বুলিও কোৱা হয়, যি হৈছে প্ৰকাৰ A ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ।
৯০ৰ দশকত প্ৰথমে দেখা গৈছিল এই ভাইৰাছ -ইয়াৰ আটাইতকৈ সচৰাচৰ প্ৰকাৰটোক H5N1 এভিয়ান ইনফ্লুৱেঞ্জা বুলি কোৱা হয়। ই অত্যন্ত সংক্ৰামক। সময়মতে চিকিৎসা নাপালে মাৰাত্মক হ'ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে এভিয়ান ইনফ্লুৱেঞ্জা ৰোগীৰ খবৰ পোৱা গৈছিল। সংক্ৰমিত হোৱা প্ৰায় ৬০ শতাংশ লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ লক্ষণবোৰৰ ভিতৰত আছে চৰ্দি,জ্বৰ, উশাহ চুটি হোৱা, কঞ্জাক্টিবাইটিছ, ডিঙি ফুলা আৰু সঘনাই বমি হোৱা।
কুকুৰাৰ সংস্পৰ্শলৈ অহা লোকসকলৰ বাবে প্ৰথম ভাবুকি -বৃহৎ সংখ্যক চৰাই থকা ঠাইত এই ভাইৰাছ বিয়পে। চৰাইৰ সংস্পৰ্শলৈ অহা জীৱৰ উশাহৰ মাজেৰে এটা ভাইৰাছ শৰীৰত প্ৰৱেশ কৰে। সেইকাৰণে ই সাধাৰণতে কুকুৰা ব্যৱসায়ীসকলৰ ওপৰত প্ৰথমে প্ৰভাৱ পেলায়।
এই ভাইৰাছেও ৰূপ সলনি কৰি থাকে ঃবাৰ্ড ফ্লুৰ ভিন্ন প্ৰকাৰ আছে যদিও এতিয়াও এই সম্পৰ্কে সম্পূৰ্ণৰূপে জনা হোৱা নাই । কিন্তু মানুহৰ ওচৰলৈ যোৱা কিছুমান প্ৰকাৰৰ নিশ্চিত কৰা হৈছে। ইয়াৰ পাঁচটা প্ৰকাৰ হৈছে, H7N3, H7N7, H7H9, H9N2 আৰু H5N1 । ইয়াৰ ভিতৰত H5N1ক এতিয়ালৈকে আটাইতকৈ বিপদজনক ভাইৰাছ বুলি গণ্য কৰা হয়।
বাৰ্ড ফ্লুক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে -বিজ্ঞানীসকলে প্ৰথমতে বাৰ্ড ফ্লুৰ বিষয়ে বিশেষ চিন্তিত নাছিল, কিন্তু কোৰোণা মহামাৰী বিয়পি পৰাৰ পিছত বহু কথা নতুনকৈ চিন্তা কৰা হৈছে। যদি সাৱধানতা অৱলম্বন কৰা নহয়, তেন্তে বাৰ্ড ফ্লুও মহামাৰীও হ'ব পাৰে। সেয়েহে চীনত নতুন প্ৰকাৰৰ প্ৰথম ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগেই এই বিষয়ে ভিন্ন কথা উল্লেখ কৰে ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 02, 2021, 17:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।