ক্ষমতা দখলৰ পিছতে প্ৰথম ফতোৱা তালিবানৰ। আফগানিস্তানৰ হেৰাট প্ৰদেশৰ (Afghanistan) তালিবান বিষয়াই চৰকাৰী আৰু ব্যক্তিগত বিশ্ববিদ্যালয়সমূহক নিৰ্দেশ দিছে যে ছোৱালীসকলক আৰু ল'ৰাৰ সৈতে একে শ্ৰেণীত বহিবলৈ দিয়া নহ'ব।
বিশ্ববিদ্যালয়ৰ প্ৰশাসন, ব্যক্তিগত প্ৰতিষ্ঠানৰ মালিক আৰু তালিবান বিষয়াসকলৰ মাজত হোৱা তিনি ঘণ্টাৰ বৈঠকত কোৱা হয় যে সহঃ শিক্ষা অব্যাহত ৰখাৰ কোনো বিকল্প আৰু যৌক্তিকতা নাই আৰু ইয়াক বাতিল কৰা উচিত।
উল্লেখ্য, আফগানিস্তানত ল'ৰা–ছোৱালীয়ে একেলগে শিক্ষা প্ৰাপ্ত কৰাৰ বাবে বিভিন্ন শিক্ষা প্ৰতিষ্ঠান আছে। হেৰাট প্ৰদেশৰ শিক্ষা প্ৰতিষ্ঠানৰ বিষয়াসকলে যুক্তি দিছে যে চৰকাৰী বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহত সুকীয়া শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰিব পৰা যাব যদিও ব্যক্তিগত প্ৰতিষ্ঠানত সীমিত সংখ্যক মহিলা শিক্ষাৰ্থীৰ বাবে পৃথক শ্ৰেণীৰ ব্যৱস্থা কৰাটো সম্ভৱ নহয়।
কিন্তু উক্ত সভাত তালিবানক প্ৰতিনিধিত্ব কৰি থকা আফগানিস্তান ইছলামিক এমিৰেটছৰ উচ্চ শিক্ষাৰ মুৰব্বী মোল্লা ফৰিদে কৈছে যে সহঃ শিক্ষা বিলুপ্ত কৰা উচিত, কিয়নো এই ব্যৱস্থাই সমাজৰ সকলো অশুভ শক্তিৰ মূল কাৰণ। ফৰিদে এক বিকল্প হিচাপে পৰামৰ্শ দিয়ে যে মহিলা প্ৰবক্তা বা গুণী বৃদ্ধ পুৰুষসকলক মহিলা শিক্ষাৰ্থীসকলক শিকোৱাৰ অনুমতি দিয়া হ'ব, কিন্তু সহঃ শিক্ষাৰ কোনো বিকল্প বা যৌক্তিকতা নাই।
তালিবানৰ এই নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানসমূহে সুকীয়া শ্ৰেণীৰ ব্যৱস্থা কৰিব নোৱাৰাৰ বাবে হাজাৰ হাজাৰ ছোৱালী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব পাৰে বুলি হেৰাটৰ শিক্ষা প্ৰতিষ্ঠানৰ বিষয়াসকলে উল্লেখ কৰে। উল্লেখ্য যে হেৰাট প্ৰদেশত চৰকাৰী বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানত প্ৰায় ৪০,০০০ শিক্ষাৰ্থী আৰু ২,০০০ প্ৰবক্তা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|