• Home
  • »
  • News
  • »
  • world
  • »
  • সশস্ত্ৰ বিদ্ৰোহী সংগঠনে খোলা এখন কলেজ, প্ৰথমটো বেটচে ল'লে স্নাতক ডিগ্ৰী

সশস্ত্ৰ বিদ্ৰোহী সংগঠনে খোলা এখন কলেজ, প্ৰথমটো বেটচে ল'লে স্নাতক ডিগ্ৰী

পাঁচটা বিষয়ত শিক্ষাদান, আছে সাংবাদিকতাৰ ক'ৰ্ছো

পাঁচটা বিষয়ত শিক্ষাদান, আছে সাংবাদিকতাৰ ক'ৰ্ছো

পাঁচটা বিষয়ত শিক্ষাদান, আছে সাংবাদিকতাৰ ক'ৰ্ছো

  • Share this:
এটা অতি শক্তিশালী বিদ্ৰোহী সংগঠন ৷ প্ৰায় দহ সহস্ৰাধিক সশস্ত্ৰ কেডাৰৰে শক্তিমান সশস্ত্ৰ বিদ্ৰোহী সংগঠনটো নিজৰ এক বৃহৎ অঞ্চলত চলাই আছে সমান্তৰাল চৰকাৰ ৷
এই সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱেই স্থাপন কৰিছিল ২০১৫ত এখন কলেজ ৷ ইতিমধ্যে তিনিবছৰ অতিক্ৰম কৰিছে কলেজখনে ৷ তিনিবছৰৰ পিছত কলেজখনৰ প্ৰথমটো বেটচ উৰ্ত্তীণ হ'বলৈ সক্ষম হৈছে ৷ ৮২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কলেজখনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে ৷
কলেজখনৰ নাম মাই জা য়াং (Mai Ja Yang College) ৷ বিগত ২৮ ফেব্ৰুৱাৰীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৮২ গৰাকী ছাত্ৰ-ছাত্ৰীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয় ৷
কলেজখন স্থাপন কৰা হৈছিল আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ  ম্যানমাৰৰ কাচিনত ৷ স্থাপন কৰিছিল সশস্ত্ৰ বিদ্ৰোহী সংগঠন কাচিন ইণ্ডিপেন্দেণ্ট অৰ্গেনাইজেশ্বন, চমুকৈ KIOৰ  সামৰিক গোট কাচিন ইণ্ডিপেন্ডেণ্ট আৰ্মী (KIA)য়ে ৷ কাচিনৰ একাংশ শিক্ষিত ব্যক্তিৰ সৈতে KIOয়ে ২০১৫ৰ জুলাইত এক বৈঠকত মিলিত হৈছিল ৷ এই বৈঠকতে কলেজ স্থাপনৰ সিদ্ধান্তটো লোৱা হৈছিল ৷ সিদ্ধান্ত মতেই কাম ৷ বৈঠক অনুষ্ঠিত হোৱাৰ তিনি মাহ পিছতে, অৰ্থাৎ সেই বছৰৰে ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিল কলেজৰ শিক্ষা দানৰ কাম ৷ আৰম্ভ হৈছিল মাই জা য়াং কলেজ ৷
কলেজখনৰ অধ্যক্ষ ডঃ লু লু ৱাঙে সদৰি কৰা মতে পাঁচটা বিষয়ত স্নাতক ডিগ্ৰী প্ৰদান কৰা হৈছে ৷ ইংৰাজী, ৰাজনীতি, কম্পিউটাৰ ছায়েন্স, উন্নয়ন অধ্যয়ন আৰু পৰিৱেশ মেনেজমেণ্ট বিষয়ত শিক্ষা প্ৰদান কৰা কলেজখনত পৰৱৰ্তীকালত আৰু বহুকেইটা বিষয় সংযোজন কৰা হ'ব বুলি জনাইছে অধ্যক্ষ ডঃ লু লু ৱাঙে ৷
কলেজখনত দহমহীয়া সাংবাদিকতাৰ চাৰ্টিফিকেট ক'ৰ্ছো প্ৰদান কৰা হয় ৷ কলেজখনৰ পৰা স্নাতক ডিগ্ৰী লোৱা প্ৰথমটো বেটচৰ ছাত্ৰী বাউক কাৱাঙে ক'লে, “মই দশম শ্ৰেণীলৈ চৰকাৰী কলেজত পঢ়িছিলো ৷ ইয়াৰ পিছত বাস্তৱসন্মত শিক্ষা লোৱাৰ বাবে KIAৰ কলেজলৈ আহিলো ৷ ইয়াত প্ৰেক্টিকেল শিক্ষা পোৱাত আমাৰ সুবিধা হয় ৷ আমি নিজৰ ইতিহাসৰ বিষয়েও যথেষ্ট শিক্ষা পালো ৷”
অধ্যক্ষ ডঃ ৱাঙে জানিবলৈ দিয়া মতে KIA আৰু বাৰ্মিজ সেনাৰ মাজত ২০১১ চনৰ পৰা পুনৰ সংঘাত আৰম্ভ হোৱাত KIO অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী চৰকাৰী কলেজলৈ যোৱাত সমস্যাৰ সৃষ্টি হৈছিল ৷

For more Solutions from CBSE Board, please Click here:

Published by:Tulika Devi
First published: