আজিৰ দিনটোতে ৭৫ বছৰৰ আগতে হৈছিল এট’ম বোমাৰ প্ৰথম পৰীক্ষণ

News18 Assam | News18-Assam
Updated:July 16, 2020, 9:47 PM IST
আজিৰ দিনটোতে ৭৫ বছৰৰ আগতে হৈছিল এট’ম বোমাৰ প্ৰথম পৰীক্ষণ
বোমাৰ সফল পৰীক্ষণৰ এমাহৰে ভিতৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ নাগাচাকি আৰু হিৰোচিমা চহৰত নিক্ষেপ কৰিছিল এট’ম বোমা।

বোমাৰ সফল পৰীক্ষণৰ এমাহৰে ভিতৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ নাগাচাকি আৰু হিৰোচিমা চহৰত নিক্ষেপ কৰিছিল এট’ম বোমা।

  • Share this:
১৯৪৫ চনৰ ১৬ জুলাইত মাৰ্কিন যুক্তৰাষ্ট্ৰই সম্পন্ন কৰিছিল প্ৰথমটো এট’ম বোমাৰ পৰীক্ষণ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অংগ-ৰাজ্য নিউ মেক্সিকোৰ মৰুভূমিত পৰীক্ষা কৰা হৈছিল প্ৰথমটো এট’ম বোমা। অতি সংগোপনে পুৱা ৫.২৯ বজাত কৰা হৈছিল Manhattan Project নামৰে খ্যাত প্ৰথমটো পৰীক্ষামূলক বিস্ফোৰণ। ২১০০০ টন TNT সমকক্ষ আছিল এই বিস্ফোৰণ। পৰীক্ষাটোৰে জড়িত বিজ্ঞানীসকলৰ মতে বিস্ফোৰণৰ পৰা নিৰ্গত পোহৰ ইমানেই ব্যাপক আছিল যে মঙল গ্ৰহৰ পৰাও দেখা পোৱা গ’লহেঁতেন। স্থানীয় লোকসকলক অৱগত কৰোৱা হোৱা নাছিল একো কথা। এই প্ৰজেক্টৰ মূৰব্বী জে ৰবাৰ্ট অপেনহাইমাৰৰ মুখৰ পৰা পৰীক্ষণ স্থলী – যাৰ নাম দিয়া হৈছিল Trinity Test site  নিৰীক্ষণ কৰাৰ পাছত ওলাইছিল গীতাৰ শ্লোক – “Now I am become Death, the destroyer of worlds”.

বোমাৰ সফল পৰীক্ষণৰ এমাহৰে ভিতৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ নাগাচাকি আৰু হিৰোচিমা চহৰত নিক্ষেপ কৰিছিল এট’ম বোমা। দুইখন চহৰতে বহু লক্ষ লোকৰ মৃত্যু হৈছিল। বোমাৰ প্ৰলয় সহ্য কৰিব নোৱাৰি জাপানে আত্ম-সমৰ্পন কৰিছিল আৰু অন্ত পৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ।

তাৰ পিছত বহু দেশে ২০০০ৰো অধিক তেনে পৰীক্ষণ কৰিছিল। ভাৰতবৰ্ষই ৰাজস্থানৰ পোখৰানত ১৯৭৪ চনত প্ৰথমটো পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। Smiling Buddha নামৰে খ্যাত এই পৰীক্ষা পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ প্ৰয়োগৰ কাৰণে কৰা হৈছিল। ১৯৯৮ চনত সেই স্থানতে ভাৰতে পুনৰ পাঁচটা পাৰমাণৱিক বোমাৰ সফল পৰীক্ষা কৰিছিল।
Published by: Sanjay Kumar Das
First published: July 16, 2020, 9:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading