• Home
  • »
  • News
  • »
  • world
  • »
  • ইমৰাণ খানলৈ গুলীচালনা কৰা সন্দেহজনক আক্ৰমণকাৰীক গুলিয়াই হত্যা; প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ অৱস্থা বিপদমুক্ত ঘোষণা

ইমৰাণ খানলৈ গুলীচালনা কৰা সন্দেহজনক আক্ৰমণকাৰীক গুলিয়াই হত্যা; প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ অৱস্থা বিপদমুক্ত ঘোষণা

ইমৰাণ খানৰ হত্যাৰ চেষ্টাৰে তেওঁলৈ লক্ষ্য কৰি আক্ৰমণকাৰীয়ে চলোৱা গুলীচালনাত তিনিটাকৈ গুলিয়ে আঘাত কৰে তেওঁৰ দুয়োখন ভৰিত।

ইমৰাণ খানৰ হত্যাৰ চেষ্টাৰে তেওঁলৈ লক্ষ্য কৰি আক্ৰমণকাৰীয়ে চলোৱা গুলীচালনাত তিনিটাকৈ গুলিয়ে আঘাত কৰে তেওঁৰ দুয়োখন ভৰিত।

এই গুলীচালনাৰ ফলত সিন্ধৰ প্ৰাক্তন ৰাজ্যপাল ইমৰাণ ইছমাইল আৰু ফে'জল জাভেদকে ধৰি ১৫ জনতকৈ অধিক পাকিস্তান তেহৰিক-ই-ইনছাফ ওৰফে পিটিআইৰ কৰ্মী আহত হৈছে।

  • Share this:
পাকিস্তানৰ গুজৰাবাদ সংমণ্ডলৰ ৱাজিৰাবাদ চহৰৰ জাফৰ আলী খানৰ চ’কৰ সমীপত এক সমদলৰ সময়ত কিছুসময়ৰ পূৰ্বে অচিনাক্ত দুৰ্বৃত্তই কৰা গুলীচালনাত আঘাতপ্ৰাপ্ত হয় পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান। পূৰ্ব নিৰ্বাচনৰ দাবীত খানক কঢ়িয়াই অনা ট্ৰাকখনৰ সমীপত এই গুলীচালনাৰ খবৰ পোৱা গৈছে।

সূত্ৰ অনুসৰি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক আক্ৰমণ কৰি চাৰি জাঁই গুলী চলোৱাৰ পিছত ভৰিত আঘাতপ্ৰাপ্ত খানক তেওঁৰ নিৰাপত্তাৰক্ষীয়ে এখন অত্যাধুনিক নিৰাপত্তাসজ্জিত বাহনত লৈ গৈছিল। চিকিৎসাৰ সুবিধা থকা নিৰাপদ স্থানলৈ লৈ যোৱা হৈছিল বুলি সূত্ৰই জানিবলৈ দিয়ে।

ইমৰাণ খানৰ হত্যাৰ চেষ্টাৰে তেওঁলৈ লক্ষ্য কৰি আক্ৰমণকাৰীয়ে চলোৱা গুলীচালনাত তিনিটাকৈ গুলিয়ে আঘাত কৰে তেওঁৰ দুয়োখন ভৰিত।

উল্লেখযোগ্য যে, ইমৰাণ খানে ইছলামবাদত ফেডাৰেল চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দি পূৰ্ব নিৰ্বাচনৰ দাবী জনাই সমদলটোত উপস্থিত আছিল।

এই গুলীচালনাৰ ফলত সিন্ধৰ প্ৰাক্তন ৰাজ্যপাল ইমৰাণ ইছমাইল আৰু ফে'জল জাভেদকে ধৰি ১৫ জনতকৈ অধিক পাকিস্তান তেহৰিক-ই-ইনছাফ ওৰফে পিটিআইৰ কৰ্মী আহত হৈছে আৰু এজন লোক নিহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

গুলীচালনাৰ পিছতে পিটিআই কৰ্মী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ খবৰ পোৱা গৈছে। ইমৰাণ খানক আক্ৰমণ কৰাৰ সন্দেহত এজন লোকক গুলিয়াই হত্যা কৰা হৈছে বুলি খানৰ ঘনিষ্ঠ সহায়কৰ উদ্ধৃতি দি এ এফ পি সংবাদ সংস্থাই প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, ২৮ অক্টোবৰত খানে নিজৰ প্ৰতিবাদী সমদল আৰম্ভ কৰিছিল। আজিলৈকে ছয় দিনৰ বাবে ৰাজপথত চলি থকা দলটোৰ এই দীঘলীয়া পদযাত্ৰা প্ৰাথমিক পৰিকল্পনা অনুসৰি সাত দিনৰ ভিতৰত ইছলামবাদত উপস্থিত হোৱাৰ কথা। ৪ নৱেম্বৰত ইছলামাবাদত উপস্থিত হোৱাৰ কথা আছিল যদিও পিটিআইৰ নেতা আছাদ উমৰে ১১ নৱেম্বৰত প্ৰতিবাদী কনভয় ৰাজধানীত উপস্থিত হ’ব বুলি কয়।

উল্লেখযোগ্য যে, ইমৰাণ খানে পূৰ্ব নিৰ্বাচনৰ দাবী জনাই আহিছে আৰু তেওঁ নিজৰ দাবীত হেঁচা প্ৰয়োগ কৰিবলৈ ইছলামবাদ অভিমুখে দীঘলীয়া পদযাত্ৰাৰ নেতৃত্ব দিছিল। বৰ্তমানৰ ৰাষ্ট্ৰীয় বিধানসভাৰ কাৰ্যকাল ২০২৩ চনৰ আগষ্ট মাহত শেষ হ’ব আৰু ৬০ দিনৰ ভিতৰত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি