মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Indonesia: ইণ্ডোনেছিয়াৰ কাৰাগাৰত অগ্নিকাণ্ড, শুই থাকোঁতে মৃত্যুমুখত ৪১জন কয়দী

Indonesia: ইণ্ডোনেছিয়াৰ কাৰাগাৰত অগ্নিকাণ্ড, শুই থাকোঁতে মৃত্যুমুখত ৪১জন কয়দী

News18 Assam | News18-Assam
Updated:September 8, 2021, 12:18 PM IST
Indonesia: ইণ্ডোনেছিয়াৰ কাৰাগাৰত অগ্নিকাণ্ড, শুই থাকোঁতে মৃত্যুমুখত ৪১জন কয়দী
কাৰাগাৰত ৬০০জন কয়দীৰ বাবে ঠাই আছে যদিও ইয়াত ২,০০০তকৈও অধিক বন্দী আছে।

কাৰাগাৰত ৬০০জন কয়দীৰ বাবে ঠাই আছে যদিও ইয়াত ২,০০০তকৈও অধিক বন্দী আছে।

  • News18 Assam
  • Last Updated: September 8, 2021, 12:18 PM IST
  • Share this:

ইণ্ডোনেছিয়াৰ কাৰাগাৰত সংঘটিত অগ্নিকাণ্ডত ৪১জন কয়দীৰ কৰুণ মৃত্যু হৈছে। বুধবাৰে দেশৰ বাটেন প্ৰদেশৰ তাঞ্জেৰাং কাৰাগাৰৰ ব্লক চিত এই অগ্নিকাণ্ড সংঘটিত হয়। এই তথ্য কাৰাগাৰৰ সংশ্লিষ্ট বিষয়াসকলে প্ৰকাশ কৰে। ঘটনাত আন ৭২গৰাকী কয়দী আহত হয়।


সংবাদ সংস্থা ৰয়টাৰৰ মতে, কালি মাজনিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত এই অগ্নিকাণ্ড সংঘটিত হয়। বেছিভাগ বন্দী সেই সময়ত শুই আছিল। কৰ্তৃপক্ষই জনোৱা মতে, কয়দীৰ বেছিভাগ লোক ড্ৰাগৰ অপৰাধত জড়িত আছিল।


অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কৰ্তৃপক্ষই তেওঁলোকৰ অনুসন্ধান অব্যাহত ৰাখিছে। দুৰ্ঘটনাটো বৈদ্যুতিক ত্ৰুটিৰ ফলত হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য, কাৰাগাৰত ৬০০জন কয়দীৰ বাবে ঠাই আছে যদিও ইয়াত ২,০০০তকৈও অধিক বন্দী আছে।

Published by: Gautam Barman
First published: September 8, 2021, 12:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি