ফিনলেণ্ডত দৈনিক ছয়ঘণ্টাকৈ সপ্তাহত চাৰিদিনহে কাম কৰক, প্ৰধানমন্ত্ৰীৰ দাবী দেশৰ ভাল হ’ব

News18 Assam | News18-Assam
Updated:January 7, 2020, 4:12 PM IST
ফিনলেণ্ডত দৈনিক ছয়ঘণ্টাকৈ সপ্তাহত চাৰিদিনহে কাম কৰক, প্ৰধানমন্ত্ৰীৰ দাবী দেশৰ ভাল হ’ব
সংগৃহীত ফাইল ছবি

ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী সানা মেৰিনে আগবঢ়োৱা এই প্ৰস্তাৱৰ সৈতে কোৱা হৈছে, এইধৰণৰ কাৰ্যব্যৱস্থাই পৰিয়াল মজবুত হোৱাৰ লগতে দেশৰ উৎপাদন ক্ষমতাও বাঢ়িব। 

  • Share this:
বিশ্বৰ লগতে ফিনলেণ্ডৰ ইতিহাসৰো সকলোতকৈ কমবয়সীয়া যুৱ প্ৰধানমন্ত্ৰী সানা মাৰিনে কৰ্মদিন হ্ৰাস কৰি দৈনিক ছয়ঘণ্টাকৈ সপ্তাহৰ মাত্ৰ চাৰিদিনহে কাম কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৩৪বছৰীয়া সানা মাৰিনৰ মতে, ইয়াৰ দ্বাৰা উৎপাদনক্ষমতা বাঢ়িব আৰু মানুহৰ পাৰিবাৰিক জীৱনত সন্তুলন ৰক্ষা কৰাত সহায় হ’ব। ফিনলেণ্ডত বৰ্তমান সপ্তাহত ৫দিন দৈনিক ৮ঘণ্টা কৰ্মচাৰীয়ে কাম কৰিব লাগে। তেওঁ কয় যে, এইধৰণৰ কাৰ্যপ্ৰণালীয়ে ব্যক্তিসমূহক পৰিয়ালৰ ভেটি মজবুত কৰাত সহায় কৰিব আৰু দেশৰো উৎপাদন ক্ষমতা বাঢ়িব।

ছুইডেনৰ পৰা প্ৰভাৱিত

মাৰিনে এই প্ৰস্তাৱ চুবুৰীয়া ৰাষ্ট্ৰ ছুইডেনৰ পৰা গ্ৰহণ কৰিছে। ছুইডেনত ২০১৫ৰ পৰা প্ৰতিদিনে ছয়ঘণ্টা কাম কৰিবলৈ দিয়াৰ লগতে সপ্তাহত ৩দিন ছুটি থাকে। ছুইডেনত এই পৰিৱৰ্তনে উৎপাদন ক্ষমতা যথেষ্ট বৃদ্ধি কৰে আৰু এক সুকীয়া বিপ্লৱ দেখিবলৈ পোৱা যায়।

কি কাৰণে এই ৰেহাই?

প্ৰধানমন্ত্ৰী মাৰিনে কয়, মই অনুভৱ কৰিছো যে মানুহে নিজৰ পৰিয়াল, বন্ধু–বান্ধৱৰ সৈতে অধিক সময় কটাব লাগে। এনেকুৱা কৰিলে মানুহে অধিক সময় পাব। দুগুণ উৎসাহেৰে মানুহে কাম কৰিব পাৰিব। মাৰিনেৰ এই আইনৰ সমৰ্থন কৰিছে দেশবাসীয়ে।

ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী সানা মাৰিন।


২০১৯চনতো মাৰিনে এই প্ৰস্তাৱ দেশৰ পৰিবহন মন্ত্ৰী হিচাপে দিছিল কিন্তু সেই সময়ত ইয়াৰ দ্বাৰা দেশৰ লোকচান হোৱাৰ অজুহাত দেখুৱাই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা হৈছিল। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত মাইক্ৰ’ছফটে সপ্তাহত মাত্ৰ ৪দিন কাম কৰাৰ প্ৰস্তাৱত মঞ্জুৰি দিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি