এতিয়াও বিশ্বৰ এনে বহু দেশ আছে, য’ত খাদ্যৰ সংকটৰ বিৰুদ্ধে প্ৰতিদিনে অব্যাহত আছে যুঁজ। বিশ্বৰ প্ৰায় ৭০ কোটি শিশু যি পুষ্টিহীনতাত ভূগিবলগীয়া হৈছে। খাদ্যৰ সংকটৰ পৰা মুক্তি দিয়াৰ উদ্দেশ্যে ফিনলেণ্ডৰ কেইজন মান বিজ্ঞানীয়ে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে।
উত্তৰ ইউৰোপৰ দেশখনত Solar Foods নামৰ এটা কোম্পানীয়ে বতাহৰ পৰা খাদ্য প্ৰস্তুত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই খাদ্য প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হৈছে কাৰ্বন–ডাই অক্সাইড লগতে পানী আৰু Solar বিজুলী। বতাহ, পানী আৰু Solar বিজুলীৰ পৰা Solein নামৰ এক প্ৰটিন পাউদাৰ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে। বিজ্ঞানীসকলৰ মতে শৰীৰৰ বাবে অতি উত্তম হ’ব এই প্ৰটিন। মাংসৰ পৰা লাভ কৰা প্ৰটিনতকৈ ১০ গুণ বেছি উপকাৰী এই Solein নামৰ এক প্ৰটিন।