• Home
  • »
  • News
  • »
  • world
  • »
  • আজিৰে পৰা বহুপ্ৰতীক্ষিত কাটাৰ ফিফা বিশ্বকাপ ২০২২; গুগলে প্ৰস্তুত কৰিলে আকৰ্ষণীয় ডুডল

আজিৰে পৰা বহুপ্ৰতীক্ষিত কাটাৰ ফিফা বিশ্বকাপ ২০২২; গুগলে প্ৰস্তুত কৰিলে আকৰ্ষণীয় ডুডল

গুগলে এটা এনিমেটেড ডুডলৰ সৈতে ফিফা বিশ্বকাপ ২০২২ৰ খেলখন উদযাপন কৰিছে

গুগলে এটা এনিমেটেড ডুডলৰ সৈতে ফিফা বিশ্বকাপ ২০২২ৰ খেলখন উদযাপন কৰিছে

গুগলে এটা এনিমেটেড ডুডলৰ সৈতে ফিফা বিশ্বকাপ ২০২২ৰ খেলখন উদযাপন কৰিছে

  • Share this:
আজিৰে পৰা বহুপ্ৰতীক্ষিত ফিফা বিশ্বকাপ ২০২২ আৰম্ভ হ’ব। খেলখনৰ এই বৰ্ষৰ আয়োজক কাটাৰে ইয়াৰ প্ৰস্তুতিৰ বাবে অভিলেখসংখ্যক ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে। বিশ্বকাপৰ প্ৰথম দিনা ইকুৱেডৰ আৰু আয়োজক কাটাৰৰ মাজত ভাৰতীয় সময় অনুসৰি ৯ বাজি ৩০ মিনিটত খেল আৰম্ভ হ’ব।

উল্লেখ্য যে, গুগলে ফিফা বিশ্বকাপ ২০২২ৰ বাবে ইয়াৰ অফিচিয়েল গুগল ডুডল মুকলি কৰিছে। ২০ নৱেম্বৰ তাৰিখ দেওবাৰে কাটাৰত বিশ্বকাপ ২০২২ আৰম্ভ হ'ব। গুগলে এটা এনিমেটেড ডুডলৰ সৈতে এই অনুষ্ঠানটো উদযাপন কৰিছে। ডুডলত এটা ফুটবলত দুটা এনিমেটেড বুট আছে। ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে এই ডুডলত ক্লিক কৰিলে বিশ্বকাপ কাটাৰ ২০২২ৰ পৃষ্ঠা পায়। মন কৰিবলগীয়া যে, এই বছৰৰ বিশ্বকাপত মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰিছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি