• Home
  • »
  • News
  • »
  • world
  • »
  • আটাইতকৈ ব্যয়বহুল টিকট, ২২০ বিলিয়ন ডলাৰ ব্যয়, ইনফ্ৰা বুষ্ট: কাটাৰ ফিফা বিশ্বকাপ ২০২২ৰ কাইলৈৰ পৰা শুভাৰম্ভণি

আটাইতকৈ ব্যয়বহুল টিকট, ২২০ বিলিয়ন ডলাৰ ব্যয়, ইনফ্ৰা বুষ্ট: কাটাৰ ফিফা বিশ্বকাপ ২০২২ৰ কাইলৈৰ পৰা শুভাৰম্ভণি

আইকনিক টুৰ্ণামেণ্টখন বৰ্তমানলৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ব্যয়বহুল খেল কিয়নো মধ্য প্ৰাচ্যৰ দেশখনে ইয়াৰ প্ৰস্তুতিৰ বাবে ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে

আইকনিক টুৰ্ণামেণ্টখন বৰ্তমানলৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ব্যয়বহুল খেল কিয়নো মধ্য প্ৰাচ্যৰ দেশখনে ইয়াৰ প্ৰস্তুতিৰ বাবে ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে

আইকনিক টুৰ্ণামেণ্টখন বৰ্তমানলৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ব্যয়বহুল খেল কিয়নো মধ্য প্ৰাচ্যৰ দেশখনে ইয়াৰ প্ৰস্তুতিৰ বাবে ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে

  • Share this:
কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ফিফা ৱৰ্ল্ড কাপ ২০২২। এইবাৰ এই ফুটবল টুৰ্নামেন্ট কাটাৰত আয়োজন কৰা হৈছে। এই ফুটবল বিশ্বকাপৰ প্ৰথমখন খেল দেওবাৰে অৰ্থাৎ ২০ নৱেম্বৰত শুভাৰম্ভ কৰা হ’ব। উক্ত খেলখনৰ প্ৰথম দিনা ইকুৱেডৰ আৰু কাটাৰৰ মাজত হ’ব আৰু ভাৰতীয় সময় অনুসৰি ৯ বাজি ৩০ মিনিটত আৰম্ভ হ’ব।

জানিব পৰা মতে, আইকনিক টুৰ্ণামেণ্টখন বৰ্তমানলৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ব্যয়বহুল খেল কিয়নো মধ্য প্ৰাচ্যৰ দেশখনে ইয়াৰ প্ৰস্তুতিৰ বাবে ২২০ বিলিয়ন ডলাৰ ব্যয় কৰিছে।

দেশৰ অৰ্থনীতিৰ বাবে মুঠ ব্যয়, প্ৰত্যাশিত ৰাজহ, আৰু প্ৰতিযোগিতাখনৰ অৰ্থৰ বিষয়ে আপুনি জানক-

ফুটবলৰ আটাইতকৈ ডাঙৰ প্ৰতিযোগিতাখনত মুঠ ৩২ খন দেশে অংশগ্ৰহণ কৰিছে। ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব লগা প্ৰথম খন খেলত কাটাৰৰ আল খোৰৰ আল বায়ত ষ্টেডিয়ামত আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজত হ'ব। আনহাতে চূড়ান্ত খেলখন ১৮ ডিচেম্বৰত লুচাইলৰ লুচাইল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে।

২০১০ চনত কাটাৰক আয়োজক হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা মধ্য প্ৰাচ্যৰ দেশখনে ২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে ইয়াৰ আন্তঃগাঁথনি বিকাশৰ উপৰিও ফুটবল ষ্টেডিয়ামৰ বিকাশত যথেষ্ট ব্যয় কৰিছে। কাটাৰে এই ৱৰ্ল্ডকাপৰ বাবে ছয়খন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিছে আৰু প্ৰশিক্ষণ স্থানৰ সৈতে দুটা বিদ্যমান ষ্টেডিয়াম পুনৰ নিৰ্মাণো কৰিছে। মুঠ ৬.৫ বিলিয়নৰ পৰা ১০ বিলিয়ন ডলাৰ ব্যয় হৈছে যি প্ৰাৰম্ভিক নিবিদাত প্ৰস্তাৱিত ৪ বিলিয়ন ডলাৰ বুলি অনুমান কৰা হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰীড়া বিত্ত পৰামৰ্শদাতা ফ্ৰণ্ট অফিচ স্পৰ্টছৰ মতে, প্ৰায় ২১০ বিলিয়ন ডলাৰ বিমানবন্দৰ, নতুন পথ, হোটেলৰ লগতে উদ্ভাৱনী কেন্দ্ৰ আৰু অত্যাধুনিক ভূগৰ্ভস্থ পৰিবহনৰ ব্যয় কৰিছে কাটাৰে। কেৱল ডোহাত, 'দ্য পাৰ্ল' নামেৰে জনাজাত এটা আৱাস কমপ্লেক্সত ১৫ বিলিয়ন ডলাৰৰ অধিক ব্যয় কৰা হৈছিল আৰু আনহাতে ডোহা মেট্ৰ'ত ৩৬ বিলিয়ন ডলাৰ ব্যয় কৰা হৈছিল।

ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ মতে, কাটাৰৰ বিত্ত মন্ত্ৰীসকলে আন্তঃগাঁথনি প্ৰকল্পৰ সময়ত বছৰ বছৰ ধৰি প্ৰতি সপ্তাহত ৫০০ নিযুত ডলাৰ খৰচ কৰাৰ কথা স্বীকাৰ কৰিছে।

২০১৮ চনত ফিফা বিশ্বকাপ আয়োজক ৰাছিয়াই ব্যয় কৰা ১১.৬ বিলিয়ন ডলাৰ, ২০১৪ চনত ব্ৰাজিলৰ দ্বাৰা ১৫ বিলিয়ন ডলাৰ, ২০১০ চনত দক্ষিণ আফ্ৰিকাৰ দ্বাৰা ৩.৬ বিলিয়ন ডলাৰ ব্যয়ৰ তুলনাত কাটাৰৰ ২২০ বিলিয়ন ডলাৰৰ ব্যয় যথেষ্ট বেছি। ইয়াৰ আগতে, জাৰ্মানীয়ে ২০০৬ চনত ৪.৩ বিলিয়ন ডলাৰ ব্যয় কৰিছিল, জাপানে ২০০২ চনত ৭ বিলিয়ন ডলাৰ, ১৯৯৮ চনত ফ্ৰান্সে ২.৩ বিলিয়ন ডলাৰ আৰু ১৯৯৪ চনত ৫০০ নিযুত আমেৰিকান ডলাৰ ব্যয় কৰিছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি