FIFA World Cup : আজিৰে পৰা মহিলা ফুটবল বিশ্বকাপ, প্ৰথমবাৰলৈ পেৰিছত আয়োজন

১৯৯১ চনত প্ৰথমবাৰ আয়োজন কৰা হৈছিল মহিলা ফুটবল বিশ্বকাপ। এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছে বিশ্বৰ ২৪টা দলে।

news18assam
Updated:June 7, 2019, 8:41 AM IST
FIFA World Cup : আজিৰে পৰা মহিলা ফুটবল বিশ্বকাপ, প্ৰথমবাৰলৈ পেৰিছত আয়োজন
১৯৯১ চনত প্ৰথমবাৰ আয়োজন কৰা হৈছিল মহিলা ফুটবল বিশ্বকাপ। এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছে বিশ্বৰ ২৪টা দলে।
news18assam
Updated: June 7, 2019, 8:41 AM IST
ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। আজিৰ পৰা আৰম্ভ হ’ব মহিলা ফুটবল বিশ্বকাপ। এমাহজুৰি চলিবলগা এই মেগা টুৰ্ণামেণ্টখনৰ আয়োজন কৰা হৈছে ফ্ৰান্সৰ ৰাজধানী পেৰিছত। প্ৰথমবাৰলৈ পেৰিছত আয়োজন কৰা হৈছে মহিলা ফুটবল বিশ্বকাপ। টুৰ্ণামেণ্টত চেম্পিয়ন দলে লাভ কৰিব ২৪ কোটি টকাৰ পুৰস্কাৰ।

১৯৯১ চনত প্ৰথমবাৰ আয়োজন কৰা হৈছিল মহিলা ফুটবল বিশ্বকাপ। এইবাৰৰ বিশ্বকাপত অংশগ্ৰহণ কৰিছে বিশ্বৰ ২৪টা দলে। আটাইকেইটা দলক ৬টা গ্ৰুপত ভাগ কৰা হৈছে। বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্বোধন কৰা হ’ব মহিলা ফুটবল বিশ্বকাপৰ। আজি প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব আয়োজক দেশ ফ্ৰান্স আৰু দক্ষিণ কোৰিয়া।



২০১৫ চনত মহিলা ফুটবল বিশ্বকাপৰ খিতাৰ অৰ্জন কৰিছিল আমেৰিকাই। ফাইনেলত জাপানক ৫–২ গ’লত পৰাস্ত কৰিছিল আমেৰিকাই। এইবাৰো আমেৰিকাকে খিতাপৰ দাবীদাৰ হিচাপে গণ্য কৰা হৈছে। আমেৰিকাই ১৯৯১, ১৯৯৯ আৰু ২০১৫ চনত অৰ্জন কৰিছে মহিলা
বিশ্বকাপৰ খিতাপ।

মুঠ ছটা গ্ৰুপত ভাগ কৰা হৈছে বিশ্বকাপত অংশগ্ৰহণকাৰী দলসমূহক।
Group A : ফ্ৰান্স, নৰৱে’, দক্ষিণ কোৰিয়া, নাইজেৰিয়া

Group B : জাৰ্মানী, স্পেইন, চীন, দক্ষিণ আফ্ৰিকা
Group C : ইটালী, ব্ৰাজিল, অষ্ট্ৰেলিয়া, জামাইকা
Group D : ইংলেণ্ড, স্কটলেণ্ড, আৰ্জেণ্টিনা, জাপান
Group E : নেডাৰলেণ্ড, কানাডা, নিউজীলেণ্ড, কেমেৰুন
Group F : ছুইডেন, আমেৰিকা, চিলি, থাইলেণ্ড
আৰু চাওক পৰৱৰ্তী বাতৰি