ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছতে বাটে-পথে ইউক্ৰেইনীয় লোকক ওলাই নাহিবলৈ আহ্বান জনোৱা হৈছে। তাৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ' য'ত এগৰাকী মহিলাই ৰাছিয়ন সেনাৰ মুখা মুখি হৈ সুধিছে হু আৰ ইউ (Who Are You) ?
ভিডিঅ'টো ক্ৰমিয়াৰ পৰা মাত্ৰ ১৮ মাইল দূৰৰ হেনিচেক চহৰৰ। মহিলাগৰাকী প্ৰশ্ন শুনি ৰাছিয়ান সেনাৰ জোৱানজনে কৈছে, "ইয়াত আমাৰ অভিযান চলি আছে।" যি মুহূৰ্ততে মহিলাগৰাকীয়ে গম পালে সেয়া ৰাছিয়ান সেনা তেওঁ উভতি ধৰিলে, "তেন্তে ইয়াত তুমি কি কৰি আছা (So What The **** Are You Doing Here)?"
ৰাছিয়ান সেনাই ভিডিঅ'টোত সৰু-ডাঙৰ অস্ত্ৰ লৈ থকা দেখা গৈছে। কিন্তু মহিলাগৰাকী নিৰ্ভীক আছিল আৰু কৈছিল, "তোমালোক দখলদাৰী, ফেচিষ্ট! এইবোৰ বন্দুক-বাৰুদ লৈ আমাৰ দেশত তোমালোকে কি কৰি আছা? এই বীজকেইটা লোৱা আৰু তোমাৰ পকেটত ৰাখা যাতে এই ভূমিত যেতিয়া তুমি পৰি ৰোৱা, অন্ততঃ তাত যাতে ওজপা সূৰ্যমুখী ফুলি উঠে।"
এজন বাটৰুৱাই মহিলাগৰাকীৰ এই ঘটনা ৰেকৰ্ড কৰি আছিল আৰু টুইটাৰত শ্বেয়াৰ কৰাৰ পিছতে ভিডিঅ'টো ভাইৰেল হৈ পৰিছে।
ইউক্ৰেইনৰ এজন ইউজাৰে লিখিছে যে এইগৰাকী মহিলাক ইউক্ৰেইনৰ সেনাৰ সৈতে কথা পাতিব দিব লাগে, তেতিয়া তেওঁ নিমিষতে আমাৰ সেনাক আমাৰ ভূমি ৰক্ষা কৰিব পৰাকৈ সাজু কৰি তুলিব পাৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|