এক ছেকেণ্ডতে ডাউনলোড কৰিব পৰা যাব ১৫০০খন চিনেমা! আহি আছে অভাৱনীয় স্পীডৰ ইণ্টাৰনেট সেৱা

News18 Assam | News18-Assam
Updated:August 31, 2020, 1:28 PM IST
এক ছেকেণ্ডতে ডাউনলোড কৰিব পৰা যাব ১৫০০খন চিনেমা! আহি আছে অভাৱনীয় স্পীডৰ ইণ্টাৰনেট সেৱা
সুখৰ খবৰটো হ’ল যে বিজ্ঞানীসকলৰ মতে অতি কম ব্যয় কৰিয়েই বৰ্তমান ব্যৱহাৰ কৰি অহা অপ্টিকেল ফাইবাৰ আন্তঃগাঠনিসমূহতে এই নতুন এমপ্লিফায়াৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এই ছুপাৰফাষ্ট ইণ্টাৰনেট সেৱা লাভ কৰিব পৰা যাব।

সুখৰ খবৰটো হ’ল যে বিজ্ঞানীসকলৰ মতে অতি কম ব্যয় কৰিয়েই বৰ্তমান ব্যৱহাৰ কৰি অহা অপ্টিকেল ফাইবাৰ আন্তঃগাঠনিসমূহতে এই নতুন এমপ্লিফায়াৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এই ছুপাৰফাষ্ট ইণ্টাৰনেট সেৱা লাভ কৰিব পৰা যাব।

  • Share this:
লণ্ডনৰ বিজ্ঞানীসকলে পৃথিৱীৰ ভিতৰতে আটাইতকৈ দ্ৰুত ইণ্টাৰনেটৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইউনিভাৰ্ছিটী কলেজ লণ্ডনৰ এটা বিজ্ঞানীৰ দলে গৱেষণাগাৰত চলোৱা পৰীক্ষাৰ অন্তত ইণ্টাৰনেটৰ স্পীড এনে এটা পৰ্যায়লৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে যিটো শুনিলে আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব। বিজ্ঞানীৰ দলটোৱে এই ইণ্টাৰনেটৰ স্পীড 178Tbpsলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ এই স্পীডেৰে ১৫০০খন 4k চিনেমা মাত্ৰ এক ছেকেণ্ডতে ডাউনলোড কৰিব পৰা যাব। অৰ্থাৎ আপুনি ইণ্টাৰনেটৰ জৰিয়তে ডাউনলোড কৰিব বিচৰা সকলো কামেই এক ছেকণ্ডতে কৰিব পাৰিব।

178 টেৰাবিট পাৰ ছেকেণ্ড মানে 1,78,000 Gbps। আৰু যদিহে এই স্পীড ভাৰতৰ ন্যূনতম ইণ্টাৰনেট স্পীডৰ সৈতে তুলনা কৰা যায় তেন্তে ভাৰতত সেয়া হ’ল 2Mbps। বিজ্ঞানীসকলৰ মতে এই স্পীড বৰ্তমানৰ আটাইতকৈ উৎকৃষ্ট ইণ্টাৰনেট সেৱাৰ দুগুণ। এই প্ৰকল্পৰ সৈতে জড়িত বিজ্ঞানীসকলৰ মতে এই সফলতা লেব’ৰেটৰীৰ ভিতৰত কৰা এটা ছুপাৰফাষ্ট পৰীক্ষাতকৈ বহু বেছি। এই গৱেষণাৰ নেতৃত্বত আছে ৰয়েল একাডেমী অব ইঞ্জিনিয়াৰিঙৰ ডঃ লিডিয়া গেলদিনো।

এই অভাৱনীয় ইণ্টাৰনেট স্পীড পাবৰ বাবে গৱেষকৰ দলটোৱে সাধাৰণতে ব্যৱহাৰ কৰি অহা অপ্টিকেল ফাইবাৰ প্ৰযুক্তিৰ সলনি উচ্চ তৰঙ্গদৈৰ্ঘ ব্যৱহাৰ কৰিছিল আৰু ইয়াত এক নতুন এম্পলিফায়াৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছিল যি এই ইণ্টাৰনেটৰ স্পীড বহুগুণে বঢ়াই তুলিব পাৰে।

সুখৰ খবৰটো হ’ল যে বিজ্ঞানীসকলৰ মতে অতি কম ব্যয় কৰিয়েই বৰ্তমান ব্যৱহাৰ কৰি অহা অপ্টিকেল ফাইবাৰ আন্তঃগাঠনিসমূহতে এই নতুন এমপ্লিফায়াৰ প্ৰযুক্তি ব্যৱহাৰ কৰি এই ছুপাৰফাষ্ট ইণ্টাৰনেট সেৱা লাভ কৰিব পৰা যাব। এই নতুন এমপ্লিফায়াৰ প্ৰযুক্তি ব্যৱহাৰ কৰোতে ইয়াৰ ব্যয়ো তুলনামূলকভাৱে বহু কম হ’ব। বৰ্তমান আমি ব্যৱহাৰ কৰি থকা ইণ্টাৰনেটৰ আন্তঃগাঠনিসমূহত 4.5THzৰ bandwidth ব্যৱহাৰ কৰা হয়। কিন্তু এই নতুন ছুপাৰফাষ্ট ইণ্টাৰনেটত ব্যৱহাৰ কৰা হৈছে 16.8THzৰ bandwidth। নতুন এমপ্লিফায়াৰ প্ৰযুক্তিৰ জৰিয়তে বিজ্ঞানীৰ দলটোৱে বেণ্ডউইথসমূহ বৃদ্ধি কৰি দিয়ে যদিও অতি সুক্ষ্মভাৱে প্ৰতিটো তৰংগদৈৰ্ঘ্যৰ বৈশিষ্ট্যসমূহ অটুট ৰাখে।

কিন্তু এই ছুপাৰফাষ্ট ইণ্টাৰনেটক লৈ উৎফুল্লিত হোৱাৰো প্ৰয়োজন নাই। কাৰণ সমগ্ৰ প্ৰক্ৰিয়াটো বৰ্তমান গৱেষণাগাৰতে আবদ্ধ হৈ আছে। এই নতুন প্ৰযুক্তি এতিয়াই বাণিজ্যিকভাৱে ব্যৱহাৰ কৰাৰো কোনো সম্ভাৱনা নাই। কিন্তু ইয়াৰ পৰা আমি এটা কথা জানিব পাৰিলো যে ভৱিষ্যতে তথ্য-প্ৰযুক্তিৰ জগতখনত বিশাল পৰিৱৰ্তন হবলৈ গৈ আছে। এনে ছুপাৰফাষ্ট ইণ্টাৰনেট সেৱাই আমাৰ ভৱিষ্যৎ জীৱনযাত্ৰাত যে বহু প্ৰভাৱ পেলাব সেয়া নিশ্চিত।
Published by: Sanjay Kumar Das
First published: August 31, 2020, 1:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading