মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Beautiful Haunted Farmhouse : ২০ বছৰ ধৰি বন্ধ হৈ পৰি আছে চালে চকু ৰোৱা ৰহস্যময় ফাৰ্ম হাউছ, দুৱাৰ খুলি যিয়েই ভিতৰলৈ গৈছে চিঞৰি ওলাই আহিছে...!

Beautiful Haunted Farmhouse : ২০ বছৰ ধৰি বন্ধ হৈ পৰি আছে চালে চকু ৰোৱা ৰহস্যময় ফাৰ্ম হাউছ, দুৱাৰ খুলি যিয়েই ভিতৰলৈ গৈছে চিঞৰি ওলাই আহিছে...!

Manjumoni Borah | News18-Assam
Updated:August 5, 2021, 7:19 PM IST
Beautiful Haunted Farmhouse : ২০ বছৰ ধৰি বন্ধ হৈ পৰি আছে চালে চকু ৰোৱা ৰহস্যময় ফাৰ্ম হাউছ, দুৱাৰ খুলি যিয়েই ভিতৰলৈ গৈছে চিঞৰি ওলাই আহিছে...!
Credit: Triangle News

৭০ বছৰ পূৰ্বেই নিৰ্মাণ কৰা ফাৰ্ম হাউছটোত ৰহস্যজনক ভাৱে ২০ বছৰ (Abandoned Farmhouse) ধৰি কোনো নাই। প্ৰতিটো কোঠা আজিও নতুন ঘৰৰ দৰেই পৰিপাতি মাত্ৰ এটা কোঠাৰ বাহিৰে...

  • Share this:
কিছুমান ঠাই ইমান ধুনীয়া হয় যে আমি সেইবোৰ নোচোৱাকৈ থাকিব নোৱাৰোঁ। যিমানেই নোযোৱাকৈ থকা যায় সিমানেই কৌতুহল বাঢ়ি যায়। পুৰণি ঘৰৰ প্ৰতিও আমাৰ আছে তেনে আকৰ্ষণ। কিন্তু ভিতৰত কি আছে সেয়া নোযোৱালৈকে জানিব পৰা নাযায়। এনে বহু পুৰণি ঘৰ থাকে য'ত নানা ৰহস্য লুকাই থাকে, কিছুমান যদি ভাল কিছুমান হৈ ছে ডাৰ্টী ছিক্ৰেটছ (Dirty Secrets)। এনে এটা ঘৰ বিচাৰি পাইছে আৰ্বান এক্সপ্লোৰাৰৰ্ছ নামৰ এটা কোম্পানীয়ে।

১৯৫০ চন মানতে নিৰ্মাণ কৰা হৈছিল এই সুন্দৰ ডেকৰোটিভ ফাৰ্ম হাউছ (Beautiful Farmhouse)টো। ঘৰটো দেখিলেই গম পোৱা যে কিমান ধুনীয়া আছিল যেতিয়া তাত মানুহ আছিল! কিন্তু ঘৰটোৰ বাসিন্দাসকল হয়তো সিমান ধুনীয়া মনৰ। বিপৰীতে অতি নৃশংস আছিল বুলি হে কব পাৰি ঘৰটোৰলোকসকল। ফাৰ্ম হাউছ (Haunted Farmhouse)টোৰ এটা কোঠাই এই ঘৰটোৰ নৃশংস গৰাকীৰ পৰিচয় হৈ পৰিছে। কোঠাটোৰ মজিয়াৰ পৰি মুধচলৈ আছে কেৱল নৃশংসতাৰ চিন।

৭০ বছৰ পূৰ্বেই নিৰ্মাণ কৰা ফাৰ্ম হাউছটোত ৰহস্যজনক ভাৱে ২০ বছৰ (Abandoned Farmhouse from 20 Years) ধৰি কোনো নাই। কিন্তু প্ৰতিটো কোঠাত আজিও বিছনাবোৰ ইমান ধুনীয়াকৈ পাৰি থোৱা আছে যে দেখইলে এনে লাগে যেন অলপ সময় পিছতে কোনোবাি আহি তাত শুব। আনকি ঘৰটোত থকা কাপোৰ কানিও অতি পৰিস্কাৰ আৰু পৰিপাতি ৰূপত আছে, কিন্তু সেইবোৰ কোনেও চুৱা নাই। ঘৰটোৰ মেৰামতি নকৰাৰ বাবে কেইবাঠাইতো মজিয়া, জেৱাল আৰু চিলিং আদি উৱলি গৈছে যদিও ঘৰটোৰ সৌন্দৰ্য এতিয়াও চকুত লগা হৈ আছে।

এই ফাৰ্মহাউছটো অতি সুন্দৰ আছিল, কিন্তু ইয়াৰ লগতে থকা আউট হাউছ এটা হৈছে মানুহৰ ভয়ৰ কাৰণ। এই আউট হাউছটোৰ দুৱাৰ খুলিলেই তাত থকা আজৱ আৰু আচৰিত কিছুমান বস্তু দেখা যায়। কোঠাটোৰ দেৱালত ওলোমাই থোৱা আছিল গাহৰিৰ ছাল। কোঠাটোৰ পৰা ওলাই আছিল অসহ্যকৰ গোন্ধ। মানুহ সোমালেই সেয়ে আতংকিত হৈ ওলাই আহিবলৈ বাধ্য হৈছিল কোঠাটোৰ পৰা। কিছি লোকে জনোৱা মতে ফাৰ্ম হাউছটোৰ মালিক জনক জন্তুৰ সৈতে কৰা নৃশংস ব্যৱহাৰ আৰু হত্যাৰ বাবে শাস্তিও বিহা হৈছিল। ২০১৬ চনত যেতিয়া এই ফাৰ্ম হাউছটোলৈ কেইজনমান বিষয়া গৈছিল তেতিয়া তাত বহু গৰু-ছাগলী আদি বেমাৰ অৱস্থাত পোৱা গৈছিল। ঘৰটোৰ অ'ত-ত'ত জন্তুৰ কংকালবোৰ পৰি আছিল।

এই ঘৰটো দেখিলেই যিমান ধুনীয়া লাগে ঘৰটোৰ চৌহদলৈ গলেই সেই ধাৰণা লাহে লাহে সলনি হব ধৰে। ফম হাউছটোৰ চাৰিওফালে পৰি থকা জীৱ-জন্তুৰ কংকালবোৰে ঘৰটোৰ সৌন্দৰ্য নষ্ট কৰি পেলায়।
Published by: Manjumoni Borah
First published: August 5, 2021, 7:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি