১৭টি হুবহু সন্তান জন্ম দিয়া কাহিনী ভাইৰেল, সত্য কি?

আমেৰিকাৰ এগৰাকী মহিলাই ১৭টি হুবহু সন্তান জন্ম দিয়াৰ এটা কাহিনীয়ে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত। কিন্তু কিমান সত্য ছচিয়েল মিডিয়াত খলকনি তোলা এই বাতৰি। জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ।

news18assam
Updated:June 20, 2019, 9:25 AM IST
১৭টি হুবহু সন্তান জন্ম দিয়া কাহিনী ভাইৰেল, সত্য কি?
আমেৰিকাৰ এগৰাকী মহিলাই ১৭টি হুবহু সন্তান জন্ম দিয়াৰ এটা কাহিনীয়ে তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত। কিন্তু কিমান সত্য ছচিয়েল মিডিয়াত খলকনি তোলা এই বাতৰি। জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ।
news18assam
Updated: June 20, 2019, 9:25 AM IST
ছচিয়েল মিডিয়াত এগৰাকী গৰ্ভৱতী মহিলাৰ আশ্বৰ্যজনক কাহানী ভাইৰেল হৈছে। কাহানীটোত প্ৰকাশ পাইছে যে আমেৰিকাৰ এগৰাকী মহিলাই ১৭টি হুবহু ল’ৰা সন্তানক একেলগে জন্ম দিছে। এই ভাইৰেল পোষ্টটোত ৩খন ফোটো আৰু এটা কাহিনী লিখা হৈছে। এখন ফটোত এগৰাকী গৰ্ভৱতী মহিলাই ছেলফী লোৱা দেখা গৈছে, ফটোখনত মহিলাগৰাকীৰ পেটটো অসামান্য দেখা গৈছে। আন এখন ফটোত কেইটামান কণমানি দেখা গৈছে আৰু তৃতীয়খন ফটোত কণমানিকেইটিৰ লগত এজন লোক বহি থকা দেখা গৈছে।

পোষ্টটোত লিখিছে যে, Catherine Bridge নামৰ এগৰাকী আমেৰিকাৰ মহিলাই একেলগে বহুকেইটা সন্তান জন্ম দিয়াৰ ৰেকৰ্ড কৰিছে।



India Today Anti Fake News War Room (AFWA)–এ তদন্তত পালে যে ভাইৰেল পোষ্টটো মনেসজা কাহিনী হয়। এই খবৰটো World News Daily Report নামৰ এটা ৱেবছাইটত প্ৰকাশ পাইছে। এই পোষ্টটো Richard Camarinta Dy নামৰ এজন ফেচবুক ইউজাৰে শ্বেয়াৰ কৰিছে আৰু এই পোষ্টটো বৰ্তমানলৈ ৩৩,০০০তকৈও অধিকবাৰ শ্বেয়াৰ কৰা হৈছে।

Richard Camarinta Dy–এ এই পোষ্টটোত ‘Women Daily Magazine’ নামৰ এটা ৱেবছাইটৰ প্ৰবন্ধক শ্বেয়াৰ কৰিছিল, য’ত এই ভাইৰেল পোষ্টটোও উল্লেখিত হৈছে। কিন্তু এই প্ৰৱন্ধটোত এটা কথা স্পষ্ট যে এই কাহিনীটো কাল্পনিক হয় আৰু এই প্ৰৱন্ধটো ‘World News Daily Report’ৰ পৰা লোৱা হৈছে। ফটোকেইখনৰ অনুসন্ধান কৰোতে গম পোৱা গ’ল যে মহিলাগৰাকীৰ ফটোখন Photoshopped হয়।



দ্বিতীখন ফটোখনো ৭ বছৰ পুৰণি, য’ত এজন লোক কেইটিমান কণমানিৰ সৈতে দেখা গৈছে। এই লোকজনৰ নাম Robert M Biter। এই লোকজন আমেৰিকাৰ এজন প্ৰসূতি আৰু স্ত্ৰী–ৰোগ বিশেষজ্ঞ। এই ফটোখন ৰৱাৰ্টে ফেচবুকত নিজৰ কভাৰ ফটো কৰি থৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি