মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»কোৰোণা ভেকচিনক লৈ ভুৱা প্ৰচাৰ চলালে ফেচবুকে ল’ব কঠোৰ পদক্ষেপ

কোৰোণা ভেকচিনক লৈ ভুৱা প্ৰচাৰ চলালে ফেচবুকে ল’ব কঠোৰ পদক্ষেপ

News18 Assam | News18-Assam
Updated:December 4, 2020, 9:26 AM IST
কোৰোণা ভেকচিনক লৈ ভুৱা প্ৰচাৰ চলালে ফেচবুকে ল’ব কঠোৰ পদক্ষেপ
ফেচবুকৰ কৰ্ণধাৰ মাৰ্ক জুকাৰবাৰ্গে জনায়, ফেচবুক হৈছে বিশ্বৰ আটাইতকৈ বৃহৎ সামাজিক প্লেটফৰ্ম। ইয়াৰ পৰা ব্যৱহাৰকাৰীয়ে বিভিন্ন খবৰ লাভ কৰে।

ফেচবুকৰ কৰ্ণধাৰ মাৰ্ক জুকাৰবাৰ্গে জনায়, ফেচবুক হৈছে বিশ্বৰ আটাইতকৈ বৃহৎ সামাজিক প্লেটফৰ্ম। ইয়াৰ পৰা ব্যৱহাৰকাৰীয়ে বিভিন্ন খবৰ লাভ কৰে।

  • Share this:
কোৰোণা ভেকচিনৰ বাবে অপেক্ষা কৰিছে সমগ্ৰ বিশ্বই। এই সময়ত যদি ভুৱা খবৰ প্ৰচাৰ কৰা হয় তেন্তে বিভ্ৰান্ত হ’ব পাৰে জনগণ। সেই পৰিস্থিতি এৰাবলৈ এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাৰ্তা দিলে ফেচবুকে। ফেচবুকৰ ফালৰ পৰা জনোৱা হয় যে কোৰোণাৰ ভেকচিনক লৈ যদি কোনো ভুল তথ্য প্ৰকাশিত হয়, তেনেহ’লে বাতিল কৰা হ’ব সেই লিংকটো।

ফেচবুকৰ ফালৰ পৰা কোৱা হয়, কোৰোণাৰ কাৰ্যকৰী ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত এইপৰ্যন্ত ফাইজাৰ আৰু এষ্ট্ৰাজেনেকাৰ দৰে সংস্থাসমূহে দাবি কৰিছে তেওঁলোকেই প্ৰথম। সয়ে সেইসমূহক লৈ প্ৰামাণিক তথ্য অবিহনে আন খবৰ প্ৰকাশিত হ’লে সেয়া আঁতৰাই দিয়া হ’ব ফেচবুকৰ পৰা।

ফেচবুকৰ কৰ্ণধাৰ মাৰ্ক জুকাৰবাৰ্গে জনায়, ফেচবুক হৈছে বিশ্বৰ আটাইতকৈ বৃহৎ সামাজিক প্লেটফৰ্ম। ইয়াৰ পৰা ব্যৱহাৰকাৰীয়ে বিভিন্ন খবৰ লাভ কৰে। সেয়ে গ্ৰাহকসকলৰ প্ৰতি ফেচবুকৰ দায়বদ্ধতা আছে। ভেকচিন সম্পৰ্কে কোনো ভুল তথ্য তুলি ধৰি জনগণক বিব্ৰত নকৰে ফেচবুকে। সেয়া কৰিলে ফেচবুকৰ প্ৰতি মানুহৰ আস্থা কমি যাব।

অৱশ্যে এইপৰ্যন্ত কোনো লিংক আঁতৰোৱা হোৱা নাই ফেচবুকৰ পৰা। কেৱল মাত্ৰ ভেকচিনৰ কিছু অপ্ৰয়োজনীয় বিজ্ঞাপন বাতিল কৰা হৈছে। পূৰ্বে পাকিস্তান আৰু বৰ্তমান ভেকচিনক লৈ কিছু ভুৱা খবৰ প্ৰচাৰৰ বাবে সেই লিংকসমূহ ডিলিট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ফেচবুকে।
Published by: Sanjay Kumar Das
First published: December 4, 2020, 9:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি