দুবছৰৰ বাবে Facebookত নিষিদ্ধ হ'ল ড'নাল্ড ট্ৰাম্প! হিংসাত্মক ঘটনাত উচতনি নে অন্য কাৰণ?

News18 Assam | News18-Assam
Updated:June 5, 2021, 12:34 PM IST
দুবছৰৰ বাবে Facebookত নিষিদ্ধ হ'ল ড'নাল্ড ট্ৰাম্প! হিংসাত্মক ঘটনাত উচতনি নে অন্য কাৰণ?
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প নিষিদ্ধ হ'ল ফেচবুকত!

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প নিষিদ্ধ হ'ল ফেচবুকত!

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পিছৰ পৰা যেন বিপদে লগ নেৰা হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক! এইবাৰ দুবছৰৰ বাবে ফেচবুকে নিষিদ্ধ কৰিলে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক। ৭ জানুৱাৰী, ২০২১ৰ পৰা ফেচবুকৰ এই সিদ্ধান্ত কাৰ্যকৰীৰূপে মানি লোৱা হ'ব। ইয়াৰ পূৰ্বে মাইক্ৰ'ব্লগিং ছাইট টুইটাৰেও ড'নাল্ড ট্ৰাম্পৰ একাউণ্ট নিষিদ্ধ কৰিছিল।

উল্লেখ্য যে, টুইটাৰ আৰু ফেচবুক দুয়োটাই হৈছে আমেৰিকান কোম্পানী। ফেচবুকে চাৰি মাহৰ পূৰ্বে ৱাশ্বিংটনৰ সংসদ চৌহদত সংঘটিত হোৱা হিংসাত্মক কাৰ্যত ট্ৰাম্পে উচতনি দিয়াৰ অভিযোগ তুলি একাউণ্ট নিষিদ্ধ কৰিছে। মাইক্ৰ' ব্লগিং ছাইট টুইটাৰতো ট্ৰাম্পক স্থায়ীভাৱে নিষিদ্ধ কৰা হৈছে।

ইয়াৰ পূৰ্বে খবৰ পোৱা গৈছিল যে, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প এই মুহূৰ্তত ফেচবুকলৈ ঘূৰি নাহে। ছচিয়েল মিডিয়া নেটৱৰ্কৰ অৰ্ধ-স্বতন্ত্ৰ পৰ্যবেক্ষণ বোৰ্ডে তেওঁৰ একাউণ্ট স্থগিত ৰখাৰ সপক্ষে ফেচবুকত মতামত প্ৰকাশ কৰিছিল ৷ ৬ জানুৱাৰীত ৱাশ্বিংটনৰ সংসদ চৌহদত সংঘটিত হিংসাত্মক ঘটনাত উচতনি দিয়াৰ বাবে তেওঁৰ একাউণ্ট চাৰি মাহ পূৰ্বে নিলম্বিত কৰা হৈছিল ৷

বোৰ্ডে কয় যে, ফেচবুকৰ ওচৰত ৭ জানুৱাৰীত আৰোপ কৰা "স্বেচ্ছাচাৰী জৰিমনা"ৰ বিৰুদ্ধে পুনৰ পৰীক্ষা আৰু আন এটা জৰিমনা নিৰ্ধাৰণ কৰিবলৈ ছয় মাহ সময় আছে, যি "উলংঘনৰ তীব্ৰতা আৰু ভৱিষ্যতৰ ক্ষতিৰ সম্ভাৱনা" প্ৰতিফলিত কৰে।

ফেচবুকৰ সিদ্ধান্তক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদত বিতৰ্ক

মে' মাহৰ আৰম্ভণিতে ফেচবুকৰ সিদ্ধান্তক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদত ১৯৯৬ চনৰ কমিউনিকেশ্যন ডিছপেনছেশ্যন লৰ (Communications dispensation law) সংশোধনীক লৈ বিতৰ্ক তীব্ৰতৰ হৈ পৰে। এই আইনৰ অধীনত, ডিজিটেল প্লেটফৰ্ম কোম্পানীবোৰৰ ওচৰত উপলব্ধ সমলসমূহ ৰখা আৰু আপত্তিজনকৰূপে বিবেচিত হোৱাৰ পিছত আঁতৰাবলৈ আইনী সুৰক্ষা আছে। এই আইনৰ অনুচ্ছেদ ২৩০ত ফেচবুক, টুইটাৰ আৰু গুগলৰ দৰে কোম্পানীবোৰক যথেষ্ট ক্ষমতা প্ৰদান কৰা হৈছে। আইনখন তেতিয়া কাৰ্যকৰী হৈছিল যেতিয়া এই শক্তিশালী ছচিয়েল মিডিয়া প্ৰতিষ্ঠানবোৰ আনকি গঠন কৰা হোৱা নাছিল।

চিনেট বাণিজ্য সমিতিত জ্যেষ্ঠ ৰিপাব্লিকান সাংসদ ৰোজাৰ বিকাৰে কয়, "দীৰ্ঘদিন ধৰি ছচিয়েল মিডিয়া প্লেটফৰ্মে নিজৰ ইচ্ছাঅনুসৰি আপত্তিজনক বুলি বিবেচিত সমল আঁতৰাবলৈ অনুচ্ছেদ ২৩০ৰ আঁৰ লৈ আহিছে।''

বিষয়টোত ট্ৰাম্প আৰু ৰাষ্ট্ৰপতি জ' বাইডেনে সহমত প্ৰকাশ কৰিছিল। ট্ৰাম্পে তেওঁৰ ৰাষ্ট্ৰপতিত্বকালত অনুচ্ছেদ ২৩০ বাতিল কৰিবলৈ "ৰাষ্ট্ৰীয় সুৰক্ষা আৰু নিৰ্বাচনী অখণ্ডতাৰ বাবে গুৰুতৰ ভাবুকি" বুলি অভিহিত কৰিছিল। বাইডেনে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৈছিল যে ইয়াক "তৎক্ষণাৎ বাতিল" কৰা উচিত। অৱশ্যে, ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ এই বিষয়টোত কোনো মন্তব্য কৰা নাই।
Published by: Himangshu Bhuyan
First published: June 5, 2021, 12:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি