Facebook Fuel for India 2020 : ‘ডিজিটেল ইণ্ডিয়া’ক লৈ জুকাৰবাৰ্গৰ সৈতে আলোচনা মুকেশ আম্বানীৰ

News18 Assam | News18-Assam
Updated:December 15, 2020, 2:36 PM IST
Facebook Fuel for India 2020 : ‘ডিজিটেল ইণ্ডিয়া’ক লৈ জুকাৰবাৰ্গৰ সৈতে আলোচনা মুকেশ আম্বানীৰ
মুকেশ আম্বানীৰ সংস্থা ৰিলায়েঞ্চ জিঅ’ত কিছুমাহ পূৰ্বে ৪৩ হাজাৰ ৫৭৪ কোটি টকা বিনিয়োগ কৰিছে ফেচবুকে।

মুকেশ আম্বানীৰ সংস্থা ৰিলায়েঞ্চ জিঅ’ত কিছুমাহ পূৰ্বে ৪৩ হাজাৰ ৫৭৪ কোটি টকা বিনিয়োগ কৰিছে ফেচবুকে।

  • Share this:
মাৰ্ক জুকাৰবাৰ্গৰ সৈতে আলোচনা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ। মঙলবাৰে ফেচবুক ফুৱেল ফৰ ইণ্ডিয়া ২০২০ ভাৰ্ছুৱেল ইভেণ্টত মাৰ্ক জুকাৰবাৰ্গক আম্বানীয়ে কয়, ‘‘ভাৰতত আপুনি আৰু অধিক কাম–কাজত জড়িত থাকিব বুলি আশা কৰিম। বিশ্বৰ বাকী দেশসমূহে ভাৰতৰ এই নীতিসমূহৰ পৰা নতুন কিবা এটা শিকিব পাৰিব বুলি আমি আশা কৰো।’’ বিগত এপ্ৰিল মাহত জিঅ’ প্লেটফৰ্মত ৫.৭ বিলিয়ন (৪৩.৫৭৪ কোটি) টকা বিনিয়োগৰ কথা ঘোষণা কৰে ফেচবুকে। ভাৰতৰ কোনো সংস্থাত এই বৃহৎ পৰিমাণৰ বিনিয়োগ এয়াই প্ৰথম আছিল মাৰ্ক জুকাৰবাৰ্গৰ সংস্থাৰ।

মুকেশ আম্বানীৰ সংস্থা ৰিলায়েঞ্চ জিঅ’ত কিছুমাহ পূৰ্বে ৪৩ হাজাৰ ৫৭৪ কোটি টকা বিনিয়োগ কৰিছে ফেচবুকে। এই সন্দৰ্ভত এক বিবৃতিত ইয়াৰ পূৰ্বে জুকাৰবাৰ্গে কৈছিল, জিঅ’ৰ সৈতে হাত মিলাই ভাৰতত বিনিয়োগ কৰিছো আমি। কিছু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত একেলগে কাম কৰিম আমি। যাতে ভাৰতবাসীৰ আগত আৰু অধিক ব্যৱসায়–বাণিজ্যৰ সুযোগ আহে।


জুকাৰবাৰ্গে আৰু কৈছিল, ‘ভাৰতৰ এক বৃহৎ অংশ ফেচবুক আৰু হোৱাট্ছএপৰ সৈতে যুক্ত। তেওঁলোকৰ মাজত প্ৰতিভাৱান উদ্যোগপতিও আছে। এই মুহূৰ্তত ভাৰত ডিজিটেল পৰিৱৰ্তনৰ মাজপথত উপস্থিত হৈছে। তাত জিঅ’ৰ দৰে সংস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অনলাইনৰ মাধ্যমত কোটি কোটি ভাৰতবাসীক ক্ষুদ্ৰ ব্যৱসায়ৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছে তেওঁলোকে। আৰু এই ক্ষুদ্ৰ ব্যৱসায়েই কোনো এখন দেশৰ অৰ্থনীতিৰ মূল ভিত্তি। সেয়েহে এইক্ষেত্ৰত তেওঁলোকৰ সহায় আমাক প্ৰয়োজন।
Published by: Sanjay Kumar Das
First published: December 15, 2020, 2:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading