মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Facebook Fuel for India 2020 : কিয় ফেচবুকে বিনিয়োগ কৰিছে ভাৰত–জিঅ’ত, ক’লে মাৰ্ক জুকাৰবাৰ্গে

Facebook Fuel for India 2020 : কিয় ফেচবুকে বিনিয়োগ কৰিছে ভাৰত–জিঅ’ত, ক’লে মাৰ্ক জুকাৰবাৰ্গে

News18 Assam | News18-Assam
Updated:December 15, 2020, 1:50 PM IST
Facebook Fuel for India 2020 : কিয় ফেচবুকে বিনিয়োগ কৰিছে ভাৰত–জিঅ’ত, ক’লে মাৰ্ক জুকাৰবাৰ্গে
অনুষ্ঠানত মাৰ্ক জুকাৰবাৰ্গে মুকেশ আম্বানীক সোধে যে কোৰোণা মহামাৰী শেষ হোৱাৰ পিছত আপোনাৰ মতে প্ৰযুক্তিৰ কি ভূমিকা হ’ব? এই সন্দৰ্ভত আম্বানীয়ে কয়, ‘বিশ্বত প্ৰযুক্তি থাকিব।’

অনুষ্ঠানত মাৰ্ক জুকাৰবাৰ্গে মুকেশ আম্বানীক সোধে যে কোৰোণা মহামাৰী শেষ হোৱাৰ পিছত আপোনাৰ মতে প্ৰযুক্তিৰ কি ভূমিকা হ’ব? এই সন্দৰ্ভত আম্বানীয়ে কয়, ‘বিশ্বত প্ৰযুক্তি থাকিব।’

  • Share this:
ছচিয়েল মিডিয়া জায়েণ্ট ফেচবুকে মঙলবাৰে ফুৱেল ফৰ ইণ্ডিয়া ২০২০ ইভেণ্টৰ আয়োজন কৰিছে। এই ইভেণ্টত মাৰ্ক জুকাৰবাৰ্গ আৰু ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি, ডিজিটাইজেচন আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ভূমিকাক লৈ আলোচনা কৰিছে।

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ চিএমডি মুকেশ আম্বানীয়ে কয় – ‘ভাৰতত বহু কোম্পানী আৰু সংগঠনে ডিজিটেল সমাৱেশৰ দিশত দ্ৰুতগতিত কাম কৰি আছে। ভাৰতৰ যুৱশক্তিৰ ডিজিটেল পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা আছে। ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গক ভাৰতৰ যুৱ শক্তিয়ে ৰোল মডেল হিচাপে চায়।

অনুষ্ঠানত মাৰ্ক জুকাৰবাৰ্গে মুকেশ আম্বানীক সোধে যে কোৰোণা মহামাৰী শেষ হোৱাৰ পিছত আপোনাৰ মতে প্ৰযুক্তিৰ কি ভূমিকা হ’ব? এই সন্দৰ্ভত আম্বানীয়ে কয়, ‘বিশ্বত প্ৰযুক্তি থাকিব।’ আম্বানীয়ে ভাৰতৰ ডিজিটেল উপলব্ধিৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীৰ ডিজিটেল ইণ্ডিয়া কেম্পেইনক দিয়ে। তেওঁ ইতিহাসত ভাৰতৰ এতিয়ালৈকে সৰ্ববৃহৎ এফডিআইৰ বাবে জুকাৰবাৰ্গ আৰু ভাৰতত ফেচবুক–জিঅ’ৰ বুজাবুজিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মুকেশ আম্বানীয়ে মাৰ্ক জুকাৰবাৰ্গক কয়, ‘জিঅ’ই ডিজিটেল কেনেক্টিভিটী লৈ আহিছে। হোৱাট্ছএপ পেৰ সৈতে হোৱাট্ছএপ চাটৰ সমাৱেশ হয়। ইয়াৰ দ্বাৰা ডিজিটেল কানেক্টিভিটী বাঢ়িছে। ৰিলায়েঞ্চ ৰিটেইন আৰু জিঅ’ মাৰ্টে ভাৰতত সকলোকে বৈশ্বিক সেৱাত অংশগ্ৰহণৰ সুবিধা দি আছে।’ মুকেশ আম্বানীয়ে মাৰ্ক জুকাৰবাৰ্গক কয় যে প্ৰযুক্তি গ্ৰহণে ভাৰতক সম্পত্তি বনোৱাত সহায় কৰিব।

আম্বানীয়ে কয় যে ভাৰতে কোৰোণা মহামাৰীৰ কালতো উন্নতি কৰিছে। আমাৰ দেশে বিশ্বৰ শীৰ্ষৰ তিনি অৰ্থব্যৱস্থাত অন্তৰ্ভুক্ত হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ চিএমডি মুকেশ আম্বানীয়ে ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ ভিজনৰ প্ৰশংসা কৰে। আম্বানীয়ে এইক্ষেত্ৰত জুগাৰবাৰ্গক ভাৰত আৰু ৰিলায়েঞ্চ জিঅ’ত বিনিয়োগৰ কাৰণো সোধে। আম্বানীয়ে জুকাৰবাৰ্গক বিশ্বৰ ডিজিটেল কানেক্টিভিটীৰ আৰ্কিটেক্ট আখ্যা দিয়ে।

ভাৰত আৰু ৰিলায়েঞ্চ জিঅ’ত বিনিয়োগৰ কাৰণ হিচাপে জুকাৰবাৰ্গে কয় – ‘ভাৰতে মহান অৰ্থনৈতিক সম্ভাৱনাক প্ৰতিনিধিত্ব কৰে। সেয়ে ফেচবুকে বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে।’

মাৰ্ক জুকাৰবাৰ্গে ডিজিটেল বিশ্ব প্ৰতিদিনে কিদৰে সলনি হৈছে সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জুকাৰবাৰ্গে কয়, ‘বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে ভাৰতৰ ভূমিকা গুৰুত্বপূৰ্ণ। ডিজিটেলাইজেচনৰ দ্বাৰা আগন্তুক দশত দেশত সমৃদ্ধি হ’ব।’ জুকাৰবাৰ্গে কয় ফেচবুকে বিশ্বজুৰি মানুহক সহায় কৰাৰ ক্ষেত্ৰত জিঅ’ৰ সৈতে বুজাবুজিৰে কাম কৰিব বিচাৰে।
Published by: Sanjay Kumar Das
First published: December 15, 2020, 1:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি