সঁচাকৈ উচতনিমূলক পোষ্ট দিলেও বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা নলয় নেকি ফেচবুকে? অৱশেষত দিলে স্পষ্টীকৰণ

News18 Assam | News18-Assam
Updated:August 17, 2020, 2:40 PM IST
সঁচাকৈ উচতনিমূলক পোষ্ট দিলেও বিজেপি নেতাৰ বিৰুদ্ধে ব্যৱস্থা নলয় নেকি ফেচবুকে? অৱশেষত দিলে স্পষ্টীকৰণ
‘আপত্তিজনক পোষ্ট কৰিলেও বিজেপি নেতাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয় ফেচবুকে।’ মাৰ্কিন সংবাদ মাধ্যম ‘দ্যা ৱাল ষ্ট্ৰীট জাৰ্নেল’-ত প্ৰকাশিত এটা ৰিপৰ্টত কৰা হৈছিল এই দাবী।

‘আপত্তিজনক পোষ্ট কৰিলেও বিজেপি নেতাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয় ফেচবুকে।’ মাৰ্কিন সংবাদ মাধ্যম ‘দ্যা ৱাল ষ্ট্ৰীট জাৰ্নেল’-ত প্ৰকাশিত এটা ৰিপৰ্টত কৰা হৈছিল এই দাবী।

  • Share this:
‘আপত্তিজনক পোষ্ট কৰিলেও বিজেপি নেতাৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয় ফেচবুকে।’ মাৰ্কিন সংবাদ মাধ্যম ‘দ্যা ৱাল ষ্ট্ৰীট জাৰ্নেল’-ত প্ৰকাশিত এটা ৰিপৰ্টত কৰা হৈছিল এই দাবী। আৰু বিষয়টোক কেন্দ্ৰ কৰি দেওবাৰে বাকযুদ্ধত লিপ্ত হৈছিল কংগ্ৰেছ-বিজেপি। শেষত এতিয়া বিষয়টোৰ সন্দৰ্ভত বিবৃতি দিছে ফেচবুক কৰ্তৃপক্ষই। ফেচবুকৰ ফালৰ পৰা কোৱা হৈছে যে, কোনো ৰাজনৈতিক অৱস্থান বিবেচনা নকৰাকৈ তেওঁলোকে সকলো সময়তে সমগ্ৰ বিশ্বৰ বাবে নীতি প্ৰণয়ন কৰে। লগতে বিজেপিক সুবিধা দিয়াৰ অভিযোগো খাৰিজ কৰে ফেচবুকে।

ফে’চবুকৰ মুখপাত্ৰই দাবী কৰিছে যে, ফেচবুকে সকলো উচটনিমূলক মন্তব্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। যিবোৰ বিষয়ে হিংসা বিয়পাব পাৰে ফেচবুকত সেইবোৰৰ স্থান নাই বুলিও তেওঁ দাবী কৰে। ‘কোনো ৰাজনৈতিক অৱস্থান বিবেচনা নকৰাকৈ আমি গোটেই বিশ্বৰ বাবে নীতি প্ৰণয়ন কৰো।’ আনহাতে স্বচ্ছতা অটুট ৰখাৰ বাবে সংস্থাই প্ৰতিদিনে অডিট কৰাৰ সিদ্ধান্তও ইতিমধ্যে লৈছে বুলি দাবী কৰে ফেটবুকৰ মুখপাত্ৰই।

আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল খনত প্ৰকাশিত ৰিপৰ্টত কোৱা হৈছিল যে, ‘হিংসাক উচতনি দিব পৰা সকলো পোষ্টৰ বিৰুদ্ধে ফেচবুকে কঠোৰ নীতি গ্ৰহণ কৰে। কিন্তু বিজেপি নেতাৰ বিৰুদ্ধে সেই নীতি প্ৰয়োগ নকৰে সংস্থাই। কেৱল ইমানেই নহয়, ফেচবুকৰ এজন শীৰ্ষ বিষয়াই স্বীকাৰ কৰিছিল যে, ‘বিজেপি নেতাৰ বিৰুদ্ধে কঠোৰ নীতি প্ৰয়োগ কৰিলে ভাৰতত ফেচবুক ব্যৱস্থা ক্ষতিগ্ৰস্ত হ’ব।’

মাৰ্কিন সংবাদ মাধ্যমত প্ৰকাশিত ৰিপৰ্টৰ আলম লৈ টুইটাৰত বিজেপিক তীব্ৰ আক্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে। লিখিছিল যে, ‘বিজেপি , আৰ এছ এছে ভাৰতত ফেচবুক, হেৱাটচআপ নিয়ন্ত্ৰণ কৰে।’

ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ‘কেমব্ৰিজ এনালাইটিকা’ প্ৰসংগ টানি ৰাহুক কটাক্ষ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, যিয়ে নিজ দলৰ লোকক প্ৰভাৱিত কৰিব নোৱাৰে, তেওঁলোকেই এটা কথা বাৰে বাৰে কৈ থাকে যে গোটেই বিশ্বকে বিজেপি আৰু আৰএছএছে নিয়ন্ত্ৰণ কৰে।
Published by: Himangshu Bhuyan
First published: August 17, 2020, 2:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading