• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine Crisis: ইউক্ৰেইনৰ চহৰত ফুটিল বোমা, ৪০-৫০ শতাংশ ৰাছিয়ান সৈন্য আক্ৰমণাত্মক স্থিতিত

Russia-Ukraine Crisis: ইউক্ৰেইনৰ চহৰত ফুটিল বোমা, ৪০-৫০ শতাংশ ৰাছিয়ান সৈন্য আক্ৰমণাত্মক স্থিতিত

 পূব ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী নেতাৰ ভাষ্য, "ডনবাছৰ পৰিস্থিতি যুদ্ধৰ দিশে আগবাঢ়িছে।"

পূব ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী নেতাৰ ভাষ্য, "ডনবাছৰ পৰিস্থিতি যুদ্ধৰ দিশে আগবাঢ়িছে।"

পূব ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী নেতাৰ ভাষ্য, "ডনবাছৰ পৰিস্থিতি যুদ্ধৰ দিশে আগবাঢ়িছে।"

  • Share this:
যুদ্ধৰ প'জিছনত ৰাছিয়াৰ সেনা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ বিষয়ে সতৰ্ক কৰি দি কয় যে ইউক্ৰেইনৰ চাৰিওফালে ৪০-৫০ শতাংশ ৰাছিয়ান সৈন্য সম্পূৰ্ণ ৰূপে আক্ৰমণৰ স্থিতিত আছে (50% Russian forces in attack positions)। আমেৰিকাৰ মতে ১,৬৯,০০০ ৰ পৰা ১,৯০,০০০ সৈন্য মোতায়েন কৰিছে। সীামান্তত যুঁজাৰু হেলিকপ্টাৰ উৰুওৱা বুলিও আমেৰিকাই দাবী কৰিছে। ইয়াৰ মাজতে ইউক্ৰেইনৰ পূব অংশত উত্তেজনা শীৰ্ষত আছে। গুলীচালনাৰ খবৰো পোৱা গৈছে। গুলীচালনাৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইন পৰস্পৰে পৰস্পৰক দায়ী কৰা দেখা গৈছে (Russia-Ukraine crisis)।

ইউক্ৰেইন সংকটৰ শেহতীয়া শীৰ্ষ তথ্যসমূহ

- ৰাছিয়ান সমৰ্থিত বিচ্ছিন্নতাবাদীসকলৰ নেতাসকলে কৈছে যে পূব ইউৰোপৰ ডনেটস্কৰ এটা চৰকাৰী ভৱনৰ ওচৰত এখন গাড়ীত বিস্ফোৰণ হৈছে। ইয়াৰ লগতে  এটা পাইপলাইনৰ ওচৰতো বিস্ফোৰণ হৈছে।

-স্থানীয় সংবাদ মাধ্যমৰ মতে, ৰাছিয়াৰ মিত্ৰজোঁটৰ নেতা তথা ৰাষ্ট্ৰপতি পুটিনৰ বন্ধু ভিক্টৰ মেডভেডচুকৰ পত্নী ওকছানা মাৰ্চেঙ্কোৱে ইউক্ৰেইন ত্যাগ কৰি বেলাৰুছলৈ গুচি গৈছে। ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে সীমান্তত পৰিদৰ্শনৰ বাবে তেওঁৰ গাড়ীখন ৰখোৱাৰ সময়ত এই কথা জানিব পৰা যায়।

- ব্ৰিটেইনে ইউক্ৰেইনত থকা ইয়াৰ দূতাবাস কিয়েভৰ পৰা লভিভলৈ স্থানান্তৰ কৰিছে। ৰাছিয়াৰ আক্ৰমণৰ আশংকাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাই একে পদক্ষেপ লৈছে।

- পূব ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী নেতাৰ ভাষ্য, "ডনবাছৰ পৰিস্থিতি যুদ্ধৰ দিশে আগবাঢ়িছে।"

-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে তেওঁ "নিশ্চিত" যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে  (Vladimir Putin) অদূৰ ভৱিষ্যতে ইউক্ৰেইন আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে। বাইডেনে কয় যে তেওঁৰ "বিশ্বাস কৰাৰ কাৰণ" আছে যে এইটো "আহিবলগীয়া দিনবোৰত" ঘটিব আৰু ৰাজধানী কিয়েভকো আক্ৰমণ কৰা হ'ব।

-১৯ ফেব্ৰুৱাৰী ৮ বজাত পোৱা খবৰ মত, ৰাছিয়া সমৰ্থিত বিচ্ছিন্নতাবাদীসকলে ইউক্ৰেইনৰ সৈন্যৰ বিৰুদ্ধে বছৰ বছৰ ধৰি যুঁজ দি অহা অঞ্চলটোত শান্তি বজাই ৰখাৰ দায়িত্বত থকা এটা আন্তঃৰাষ্ট্ৰীয় দলে কয় যে বৃহস্পতিবাৰে ২৪ ঘণ্টাত ৩০০ তকৈও অধিক বিস্ফোৰণ সংঘটিত হৈছিল। এই সংখ্যাটো যোৱা মাহৰ তুলনাত প্ৰায় চাৰিগুণ বেছি।

-পূব ইউক্ৰেইনত বৰ্ধিত উত্তেজনাৰ মাজতে এজন বিচ্ছিন্নতাবাদী নেতাই ৰাছিয়ালৈ সাধাৰণ লোক প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। ডনেটস্ক অঞ্চলৰ বিচ্ছিন্নতাবাদী চৰকাৰৰ মুৰব্বী ডেনিশ পুছিলিনে এক বিবৃতিত কয় যে মহিলা, শিশু আৰু বৃদ্ধসকলক প্ৰথমে স্থানান্তৰ কৰা হ'ব আৰু ৰাছিয়াই তেওঁলোকক স্থানান্তৰ কৰাৰ বাবে প্ৰয়োজনীয় সুবিধা সৃষ্টি কৰিছে। তেওঁ ইউক্ৰেইনৰ চৰকাৰী বাহিনী আৰু ৰাছিয়ান সমৰ্থিত বিদ্ৰোহীসকলৰ মাজত হোৱা গোলাবৰ্ষণৰ মাজত এই কথা কয় (Russia-Ukraine Crisis))।

-ইউক্ৰেইনক লৈ বাঢ়ি অহা সংকটৰ মাজতে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে শুকুৰবাৰে নাটো ঐক্যৰ পতাকা উত্তোলন কৰে আৰু ৰাছিয়াক সতৰ্ক কৰি দিয়ে যে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰশক্তিয়ে কঠোৰ নিষেধাজ্ঞাৰ সৈতে সঁহাৰি দিবলৈ সাজু।
Published by:Gautam Barman
First published: