• Home
  • »
  • News
  • »
  • world
  • »
  • Taliban : বছৰি ১১,৮৬৫ কোটি টকা কেনেদৰে সংগ্ৰহ কৰে তালিবানে, আফিঙৰ খেতি আৰু ক'ৰ পৰা আহে টকা

Taliban : বছৰি ১১,৮৬৫ কোটি টকা কেনেদৰে সংগ্ৰহ কৰে তালিবানে, আফিঙৰ খেতি আৰু ক'ৰ পৰা আহে টকা

বিদেশী ৰাষ্ট্ৰৰ ভিতৰত কাটাৰ, ইউনাইটেড আৰৱ এমিৰেটছ আৰু পাকিস্তানে সদায় তালিবান (Taliban)ক সমৰ্থন আৰু সহায় কৰি আহিছে। শেহতীয়াকৈ চীনেও তালিবানৰ নতুন চৰকাৰক সমৰ্থনৰ ইংগিত দিছে।

বিদেশী ৰাষ্ট্ৰৰ ভিতৰত কাটাৰ, ইউনাইটেড আৰৱ এমিৰেটছ আৰু পাকিস্তানে সদায় তালিবান (Taliban)ক সমৰ্থন আৰু সহায় কৰি আহিছে। শেহতীয়াকৈ চীনেও তালিবানৰ নতুন চৰকাৰক সমৰ্থনৰ ইংগিত দিছে।

বিদেশী ৰাষ্ট্ৰৰ ভিতৰত কাটাৰ, ইউনাইটেড আৰৱ এমিৰেটছ আৰু পাকিস্তানে সদায় তালিবান (Taliban)ক সমৰ্থন আৰু সহায় কৰি আহিছে। শেহতীয়াকৈ চীনেও তালিবানৰ নতুন চৰকাৰক সমৰ্থনৰ ইংগিত দিছে।

  • Share this:
প্ৰায় ২০ বছৰ আমেৰিকাই দখল কৰি থকাৰ পিছত আমেৰিকাৰ সৈন্যই আফগানিস্তান সম্পূৰ্ণ খালী নকৰোতেই তালিবানে (Taliban) কাবুল (Kabul) দখল কৰি আফগানিস্তান (Afghanistan)ত নিজৰ শাসন বাহাল কৰিলে। প্ৰশ্ন হৈছে তালিবানে ক'ত কেনেদৰে নিজকে সজু কৰিছিল, কেনেদৰে গঠন কৰিছিল যুদ্ধৰ পুঁজি আৰু কিয় ক্ৰমাত বঢ়াবলৈ সক্ষম হৈছিল তালিবানৰ সৈন্যৰ সংখ্যা।

নাটোৰ এক তথ্য মতে বছৰি প্ৰায় ১১,৮৬৫ কোটি টকা কেনেদৰে সংগ্ৰহ কৰিছিল তালিবানে, কিন্তু কেনেকৈ কৰিছিল?

তালিবানৰ পুঁজিৰ প্ৰধান উৎস হৈছে ড্ৰাগছৰ খেতি আৰু ব্যৱসায়, এইটো সকলোৱেই জানে, কিন্তু পিছৰফালে তালিবানে ইয়াৰ পুঁজি সংগ্ৰহ ব্যৱস্থা অতি বহুমুখী কৰি তুলিছিল। ড্ৰাগছৰ উপৰি তালিবান দখলত থকা এলেকাত সকলো বস্তুতে কৰ আৰোপ, অবৈধ খনিৰ খনন আৰু ৰপ্তানি, বিদেশী অনুদান আদি উল্লেখযোগ্য।

তালিবানে ইয়াৰ অধীনত থকা এলেকাত সকলো লোকেই দিব লাগে ভূমি কৰ, সকলো বস্তুৰ উৎপাদন, বিতৰণ, বিক্ৰী সকলোতে কৰ আৰোপ কৰে। যিকোনো প্ৰকল্প অনুমোদন হ'লে দিব লাগে কমিছন। ইমানেই নহয় বিদ্যুৎ বিলতো কৰ আৰোপ কৰে তালিবানে।

আন্তগাঠনিমূলক প্ৰোজেক্ট, মোবাইল সেৱা, পথ-দলং নিৰ্মাণ কোম্পানী আদৰ পৰা নিয়মিত হাৰত কৰ সংগ্ৰহ কৰে তালিবানে।

ৰাষ্ট্ৰসংঘৰ এক ৰিপোৰ্ট মতে ডকাইতি, ধনদাবী, অপহৰণ আদিৰ জৰিয়তেও ধন সংগ্ৰহ কৰে তালিবানে। এই ৰিপোৰ্ট মতে অবৈধ খনিৰ পৰাই তালিবানে ২০২০ চনত সংগ্ৰহ কৰিছিল ৪৬৪ মিলিয়ন ডলাৰ।  আফিঙ (Opium)ৰ খেতিৰ পৰা ২০২০ চনত তালিবানে সংগ্ৰহ কৰিছিল ৪৬০ মিলিয়ন ডলাৰ।

ধন সংগ্ৰহ বৃদ্ধিৰ লগে লগে তালিবানৰ সৈন্যৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান তালিবানৰ ৮৫০০০ সৈন্য আছে যিটো যোৱা ২০ বছৰত সৰ্বাধিক। ইয়াৰ উপৰি এক বৃহৎ সংখ্যক সমৰ্থক আছে তালিবানৰ। আমেৰিকাৰ সেনাৰ তথ্যৰ মতে তালিবানৰ মুঠ শক্তি ২ লাখৰো অধিক হ'ব আৰু স্থানীয় আফগান মিলিছিয়াৰ ৯০০০০ সদস্যও তালিবানৰ সমৰ্থক। ১০ হাজাৰৰো  অধিক যোগাযোগকাৰী আৰু সহযোগকাৰী আছে।

আনহাতে বিদেশী ৰাষ্ট্ৰৰ ভিতৰত কাটাৰ, ইউনাইটেড আৰৱ এমিৰেটছ আৰু পাকিস্তানে সদায় তালিবানক সমৰ্থন আৰু সহায় কৰি আহিছে। শেহতীয়াকৈ চীনেও তালিবানৰ নতুন চৰকাৰক সমৰ্থনৰ ইংগিত দিছে।

Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি