• Home
  • »
  • News
  • »
  • world
  • »
  • Alien Pathogens: ক'ভিডকৈ অধিক বিপদ ঘটাব পাৰে মহাকাশৰ পৰা অহা অণুজীৱে, মহাকাশ পৰ্যটনক লৈ গৱেষকৰ সাৱধানবাণী

Alien Pathogens: ক'ভিডকৈ অধিক বিপদ ঘটাব পাৰে মহাকাশৰ পৰা অহা অণুজীৱে, মহাকাশ পৰ্যটনক লৈ গৱেষকৰ সাৱধানবাণী

Alien Pathogens Could harm to Earth: জেফ বেজোছ আৰু এলন মাস্কৰ দৰে বিশ্বৰ ধনী লোকে জনসাধাৰণৰ মহাকাশ বিচৰণ সুলভ কৰাৰ বাবে কৰা চেষ্টাৰ ফল বিষম হ'ব পাৰে বুলি আশংকা কৰা হৈছে।

Alien Pathogens Could harm to Earth: জেফ বেজোছ আৰু এলন মাস্কৰ দৰে বিশ্বৰ ধনী লোকে জনসাধাৰণৰ মহাকাশ বিচৰণ সুলভ কৰাৰ বাবে কৰা চেষ্টাৰ ফল বিষম হ'ব পাৰে বুলি আশংকা কৰা হৈছে।

Alien Pathogens Could harm to Earth: জেফ বেজোছ আৰু এলন মাস্কৰ দৰে বিশ্বৰ ধনী লোকে জনসাধাৰণৰ মহাকাশ বিচৰণ সুলভ কৰাৰ বাবে কৰা চেষ্টাৰ ফল বিষম হ'ব পাৰে বুলি আশংকা কৰা হৈছে।

  • Share this:

কোৰোনা ভাইৰাছতকৈ অধিক বিপদজনক সংক্ৰমণৰ দ্বাৰা বিধ্বস্ত হ'ব পাৰে মানৱ সভ্যতা। এয়া হ'ব পাৰে পৃথিৱীৰ বাহিৰৰ পৰা অহা অধিক বিপদজনক, অধিক ধ্বংসাত্মক অণুজীৱৰ জৰিয়তে। আৰু সভ্যতাৰ বাবে সেই সংক্ৰমণ প্ৰতিৰোধ কৰাটো অধিক কঠিন হ'ব পাৰে।


শেহতীয়া এক অধ্যয়নত এই সতৰ্কবাণী জাৰি কৰা হৈছে। আন্তৰ্জাতিক বিজ্ঞান গৱেষণা আলোচনী বায়োছায়েন্স (BioScience)ত এই সপ্তাহত প্ৰকাশ হৈছে এই তথ্য।


এই আশংকা কৰা হৈছে শেহতীয়াকৈ মহাকাশ পৰ্যটন (Space  tourism)ক লৈ উঠা ঢলৰ বাবে। জেফ বেজোছ আৰু এলন মাস্কৰ দৰে বিশ্বৰ ধনী লোকে জনসাধাৰণৰ মহাকাশ বিচৰণ সুলভ কৰাৰ বাবে কৰা চেষ্টাৰ ফল বিষম হ'ব পাৰে বুলি আশংকা কৰা হৈছে। গৱেষকসকলে গভীৰভাৱে আশংকা কৰে যে মহাকাশ ভ্ৰমণে পৃথিৱীলৈ অধিক ধ্বংসাত্মক অণুজীৱ আনিব। অধিক বিপদজনক সংক্ৰমণ বিয়পাব পৰা ধ্বংসাত্মক অণুজীৱবোৰ মহাকাশযানৰ দ্বাৰা বা মহাকাশত ভ্ৰমণ কৰা লোকসকলৰ সৈতে পৃথিৱীলৈ আহিব।


অৱশ্যে এইটো সঁচা যে পৃথিৱীৰ বাহিৰত এতিয়াও অণুজীৱ চিনাক্ত কৰা হোৱা নাই। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে পৃথিৱীৰ বাহিৰত অণুজীৱৰ অস্তিত্ব নাই। কিয়নো, বিভিন্ন অধ্যয়ন অনুসৰি, পৃথিৱীত অণুজীৱ সৃষ্টি আৰু বিকশিত হোৱা উষ্ণতা আৰু পৰিৱেশে দেখুৱাইছে যে মহাকাশত পৃথিৱীৰ বাহিৰত সৌৰজগতৰ আন গ্ৰহ আৰু তেওঁলোকৰ উপগ্ৰহবোৰত সেই উষ্ণতা আৰু পৰিৱেশ আছে।


উল্লেখ্য, মহাকাশচাৰীসকলক মহাকাশলৈ লৈ যোৱা আৰু তাৰ পৰা ঘূৰাই অনা হয় বিশেষ সুৰক্ষাৰে আৰু ৰখা হয় এক অতি সুৰক্ষা প্ৰণালীত। আনহাতে মহাকাশলৈ যাওঁতেও পাৰ্থিৱ অণুজীব যাতে মহাকাশলৈ যাব নোৱাৰে, তাৰ বাবে ব্যবস্থা লোৱা হয়। কিন্তু বাণিজ্যিক মহাকাশযানৰ ( commercial space flight) ভ্ৰমণ আৰম্ভ হ'লে সেয়া কিমান নিখুঁত হ'ব তাক লৈও সন্দেহ আছে।                 Assam News Today | News in Assamese |

Published by:Gautam Barman
First published: