உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • EXCLUSIVE Suhail Shaheen: হিজাব পিন্ধিলেহে তালিবানৰ শাসনত নাৰীয়ে পাব স্বাধীনতা, চৰ্তৰ উপৰি চৰ্ত তালিবানৰ মুখপাত্ৰ ছুহেইল শ্বাহিলৰ

    EXCLUSIVE Suhail Shaheen: হিজাব পিন্ধিলেহে তালিবানৰ শাসনত নাৰীয়ে পাব স্বাধীনতা, চৰ্তৰ উপৰি চৰ্ত তালিবানৰ মুখপাত্ৰ ছুহেইল শ্বাহিলৰ

    Suhail Shaheenq, Taliban Spokesperson

    Suhail Shaheenq, Taliban Spokesperson

    EXCLUSIVE Suhail Shaheen: আমি যোৱা ২০ বছৰে বিচাৰিছিলোঁ যে ভাৰতেও আফগানিস্তানৰ জনতাৰ সৈতে সম্পৰ্ক স্থাপন কৰক। আমি কৈছিলোঁ যে আমি পুতলা চৰকাৰ এখনৰ সমৰ্থন কৰা উচিত নহয়, আফগানিস্তানৰ জনতাক সমৰ্থন কৰিব লাগে।

    • Share this:
    চৰকাৰী কৰ্মচাৰীয়ে আত্মগোপন কৰিছে প্ৰণৰ ভয়ত, হাতত নাম তালিকা লৈ ঘৰে ঘৰে তেওঁলোকক বিচাৰি গৈছে তালিবান! জীন্স পিন্ধাৰ বাবে নিগৃহীত হৈছে যুৱতী! ভাৰতৰ সৈতে আফগানিস্তানৰ ভৱিষ্যতক লৈও প্ৰশ্নই দেখা দিছে। এনে পৰিস্থিতৰ মাজতে কাটাৰৰ পৰা অহিংসাৰ আশ্বাস দিছে তালিবানৰ মুখপাত্ৰ  মহম্মদ ছুহেইল শ্বাহিল  (Muhammad Suhail Shaheen)এ, সাক্ষাৎকাৰত ক'লে যে অতি সোনকালে আফগানিস্তানৰ নাম প্ৰগতিশীল দেশৰ তালিকাত লিপিবদ্ধ হ'ব, কিন্তু তালিবানৰ আছে বহু চৰ্ত!

    প্ৰশ্ন ১. জয়ৰ পিছত এসপ্তাহ পাৰ হ'ল আৰু আপোনাৰ তালিবান গোটে এতিয়াও চৰকাৰ গঠন কৰিবলৈ যুঁজিব লগা হৈছে। আপোনাৰ প্ৰতিনিধিয়ে আমৰুল্লা ছালেহকো লগ ধৰিছে। আপুনি গোটেই পৰিস্থিতিটো কেনেদৰে পৰ্যবেক্ষণ কৰে আৰু কেতিয়া এইয়া সমাধান হ'ব?

    উত্তৰ: হয়, যিমান সময় লাগিছে আলোচনা আৰু কাৰ্যকৰীকৰণত, ই আমি যে আফাগান নাগৰিকসকল, ৰাজনৈতিক নেতাসকলক লগত লৈ নতুন চৰকাৰ গঠন কৰিব বিচাৰিছোঁ তাকেই প্ৰতীয়মান কৰে। সেয়ে আমি সকলো আফগান নাগৰিকৰ সৈতে নতুন চৰকাৰৰ বিষয়ে আলোচনা কৰিছোঁ। তাকেই নকৰি কাবুল দখল কৰাৰ প্ৰথম দিনাই নতুন চৰকাৰ ঘোষণা কৰাটো আমাৰ বাবে অতি সহজ আছিল। আমি সেয়া নকৰি আমাৰ পক্ষ আৰু বিপক্ষৰ সকলোৰে সৈতে ব্যাপক আলোচনা কৰি আছোঁ আৰু আশা কৰোঁ সোনকালেই নতুন চৰকাৰৰ ঘোষণা হ'ব।

    প্ৰশ্ন ২. ভাৰতে যোৱা দুটা দশকত সমগ্ৰ আফগানিস্তানত উন্নয়নৰ কাম কৰিছে- ৰাস্তা, নদীবান্ধ, আনকি সংসদ ভৱনটোও নিৰ্মাণ কৰিছে। আপুনি ভাৰতৰ অৱদানক কিদৰে চায়। এইটো শুনিব পোৱা গৈছে যে তালিবানে ভাৰতৰ সৈতে বাণিজ্য বন্ধ কৰি দিছে... এইটো সত্য নে আৰু ই চিৰস্থায়ী হ'ব নেকি?

    উত্তৰ: তেওঁলোকৰ যি সমূহ প্ৰকল্প আফগানিস্তানৰ জনতাৰ কাৰণে মংগলদায়ক আৰু যিবোৰে আফগান নাগৰিকৰ কল্যাণ সাধন কৰিব, তেনে প্ৰকল্প কিবা যদি অসম্পূৰ্ণ হৈ আছে তেন্তে তেওঁলোকে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আমি বিৰোধিতা কৰিছোঁ এইটোৰহে যে তেওঁলোকে আফগানিস্তানৰ চৰকাৰৰ কাষ চাপি জনতাৰ পৰা আঁতৰি গৈছে। আমি যোৱা ২০ বছৰে বিচাৰিছিলোঁ যে ভাৰতেও আফগানিস্তানৰ জনতাৰ সৈতে সম্পৰ্ক স্থাপন কৰক। আৰু তেওঁলোকেও আফগানিস্তানৰ জনতাৰ স্বাধীনতাৰ ইচ্ছাক স্বীকাৰ কৰিছিল। এইটো আমাৰ স্থিতি আছিল আৰু আমি কৈছিলোঁ যে আমি পুতলা চৰকাৰ এখনৰ সমৰ্থন কৰা উচিত নহয়, আফগানিস্তানৰ জনতাক সমৰ্থন কৰিব লাগে।

    প্ৰশ্ন ৩. আপুনি কৈছে যে আফগানিস্তানে পশ্চিমীয়া আৰ্হিৰ গণতন্ত্ৰ অনুসৰণ নকৰে...তেনেহ'লে নিৰ্বাচনী গণতন্ত্ৰক সন্মুখত ৰাখি নিৰ্মাণ কৰা সংসদ ভৱনটো কি কৰিব?

    উত্তৰ: আমি সংবিধান প্ৰণয়ন কৰিম, যেতিয়া চৰকাৰ গঠন হ'ব আৰু পৰিস্থিতি স্বাভাৱিক হ'ব তেতিয়া এখন খচৰা সংবিধান কমিটী গঠন কৰিম । নিশ্চয় সেই ভৱনটো কিবা কামত ব্যৱহাৰ কৰা হ'ব, জনতা নাইবা ইছলামৰ নানা কামত ব্যৱহাৰ কৰিব পৰা যাব।

    প্ৰশ্ন ৪. তালিবানে শাসন দখল কৰাৰ পিছত সাধাৰণ ক্ষমাদানৰ দৰে কিছুমান ইতিবাচক কাম দেখা গৈছে। কিন্তু এতিয়াও মহিলা সকলক কাম কৰাৰ অনুমতি দিয়া নাই, গজনীত জীন্স পিন্ধা বাবেই যুৱতীক মাৰপিট কৰা হৈছে। এটা শুকুৰবাৰতে মানৱ অধিকাৰ ভংগৰ ১৭টা অভিযোগ আহিছে। আপুনি এইটোক আজিৰ দিনত এক গভীৰ বিষয় বুলি নাভাবেনে?

    উত্তৰ: এইটো এটা সাময়িক সমস্যাহে কাৰণ নীতি মতে মহিলাসকলে কামলৈ যাব পাৰে, স্কুললৈও যাব পাৰিব হিজাব পৰিধান কৰি। জীন্সৰ ইছ্যুটো সৰু ইছ্যু, এইটো সোনকালে সমাধান কৰা হ'ব আৰু সহজতে হ'ব, এটা সাধাৰণ নিয়ম ইতিমধ্যে আছেই। মহিলাই পঢ়া আৰু কাম কৰাৰ সুবিধা পাবই, তাকে লৈ কোনেও চিন্তিত হ'ব নালাগে।

    প্ৰশ্ন ৫. সাধাৰণ ক্ষমাদানৰ পিছতো আফগান চৰকাৰৰ কৰ্মচাৰী সকল উদ্বিগ্ন হৈ আছে। তেওঁলোকৰ তালিকা বনোৱা হৈছে আৰু তালিবান কেডাৰে ঘৰে ঘৰে গৈ তেওঁলোকক বিচাৰি আছে। শেহতীয়াকৈ তেনে হত্যাৰ ভডিঅ'ও ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে। এইটো কেনেকৈ সমাধান কৰিব বা কেডাৰবোৰ আপোনাৰ নিয়ন্ত্ৰণত নাই নেকি?

    উত্তৰ: ঘৰে ঘৰে গৈ বিচৰা কথাটো সঁচা নহয়। এনেকুৱা একো হোৱা নাই আৰু তেওঁলোক চিন্তিত হোৱাৰ প্ৰয়োজন নাই। আমাৰ সেনাই সকলো অনুসন্ধান কৰি আছে আৰু দোষীক বিচাৰি আছে। আমাৰ নীতি সলনি হোৱা নাই আৰু যিসকলে সেই নীতি উলংঘা কৰে তেওঁলোক বিচাৰৰ সন্মুখীন হ'ব লাগিব।

    প্ৰশ্ন ৬. মৃত্যুৰ ভয়ত বহু লোকে চাকৰিত যোগদান কৰিব বিচৰা নাই। কিন্তু তালিবানেও এতিয়া প্ৰশাসন দেখুৱাব লাগিব। বিমান বন্দৰৰ পৰা ৰাজহুৱা সেৱালৈকে, সকলোবোৰেই অতি প্ৰত্যাহ্বানপূৰ্ণ কাম। আপোনালোকে কিমান সোনকালে এইবোৰ ঠিক কৰিব পাৰিব?

    উত্তৰ: যিসকলে বিদেশলৈ যাব বিচাৰে আৰু যাৰ বৈধ ভিছা আৰু অন্য নথি আছে তেওঁলোকে বিমানবন্দৰলৈ যোৱাত কোনো সমস্যা নাই। আমি জানিব পাৰিছোঁ যে Daish ISISৰ সদস্যই বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু সেয়ে আমি বিমানবন্দৰত কিছু কঠোৰ হ'বলগা হৈছে আৰু বৈধ নথি নথকাসকলক বাৰণ কৰা হৈছে।

    প্ৰশ্ন ৭. প্ৰথমবাৰৰ কাৰণে প্ৰতিবাদ হৈছে, মহিলাসকলেও আহি প্ৰতিবাদ কৰিছে আৰু ব্যৱস্থাত নিজৰ অংশ বিচাৰিছে। তালিবানে তেওঁলোকক অনুমতি দিছে মিডিয়া থকাৰ কাৰণে নে এই বিষয়টো বাস্তৱটো বিবেচনা কৰা হ'ব?

    উত্তৰ : মহিলাই কাম কৰাৰ সুবিধা পাব এইটো আমাৰ নীতি আৰু আমি ইয়াক পালন কৰিবলৈ দায়বদ্ধ। কিন্তু এগৰাকী মুছলমান হিচাবে তেওঁলোকে হিজাব পৰিধান কৰিব লাগিব। তেওঁলোকৰ ওজৰ-আপত্তি শুনিবলৈ আমি এটা হোৱাটছএপ নম্বৰো দিছোঁ, তেওঁলোকে তাতেই নিজৰ আপত্তিসমূহ আমাক জনাব পাৰিব। তেওঁলোকে আপত্তি দৰ্শাব পাৰে, সেইয়া তেওঁলোকৰ অধিকাৰ আৰু আমি তেওঁলকোৰ আপত্তি শুনিম।

    প্ৰশ্ন ৮. এনেকুৱা বাতৰি পোৱা গৈছিল যে তালিবানে ভৰতীয়ক অপহৰণ কৰিছিল আৰু পিছত মুকলি কৰি দিছিল। তেওঁলোক পিছত সুকলমে ভাৰতত উপস্থিত হৈছিল। কিন্তু এনে বাতৰি ওলাল কিয়? আপুনি নাভাবেনে যিসকলে যাব বিচাৰে যাব পাৰে এই বাৰ্তাটো স্পষ্ট হোৱা উচিত?

    উত্তৰ: মই এই বাতৰি অস্বীকাৰ কৰোঁ। মই অপহৰণ শব্দটোৰ বিৰোধ কৰিছোঁ আৰু এইটো ব্যৱহাৰ হ'ব নালাগে। আমি ইতিমধ্যে ঘোষণা কৰিছিলোঁ যে দূতাবাসবোৰৰ কামৰ কাৰণে আৰু কূটনীতিবিদসকলৰ কাৰণে উচিত ব্যৱস্থা কৰা হ'ব আৰু মই এইটোও মানি লওঁ যে জৰুৰী নথি-পত্ৰ লাভ কৰিবলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজনো হ'ব। আমি সেই কথা ৰাখিছোঁ। কিন্তু দেশৰ ভিতৰত আৰু বাহিৰত কিছুমান নষ্টবুদ্ধিৰ মানুহ আছে আৰু তেওঁলোকে আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ এনেধৰণৰ তথ্য দি থাকে। আপুনি যেতিয়া সেইবোৰ অনুসন্ধান কৰে দেখিব যে সেইবোৰ ভুল।

    প্ৰশ্ন ৯. যেতিয়াই ভাৰত-আফগান বন্ধুত্বৰ কথা আহে আমি তেতিয়াই বলীউডৰ কাবুলিৱালা, অমিতাভৰ শ্বাহেনশ্বাহ আদিৰ দৰে চিনেমাৰ কথা মনত পেলাও। ভাৰতত এনেকুৱা এটা বাতৰি শুনিবলৈ পোৱা গৈছে যে ১৯৯৬ চনত শ্বাহেনশ্বাহ ছবিৰ শ্বোৰ সময়ত আপোনালোকে নিৰাপত্তাৰো ব্যৱস্থা কৰিছিল। এতিয়াও তেনেধৰণৰ কিবা আশা কৰিব পৰা যায়নে?

    উত্তৰ: মই ভাবো এয়া ভাৰতৰ কাম আৰু নীতিৰ এপৰত নিৰ্ভৰ কৰিব। আপুনি আফগানিস্তানৰ বিৰুদ্ধে অৱস্থান কৰে নে আফগানিস্তানৰ জনতাৰ পক্ষত থাকে আৰু গঠনমূলক আচৰণ কৰে! যদি সঁচাকৈ এয়া ইতিবাচক হয় তেন্তে আফগানিস্তানৰ জনতাই ভাৰতৰ ভাল প্ৰকল্পসমূহক লৈ যেনেধৰণৰ মনোভাৱ ৰাখিছিল তেনেধৰণেই আচৰণ কৰিব। নদীবান্ধসমূহ আৰু আন আন কল্যাণমূলক প্ৰকল্প যিসমূহ আফগানিস্তানৰ ভালৰ কাৰণে ভাৰতে নিৰ্মাণ কৰিছিল আফগান জনতাই সেইবোৰক আদৰণি জনাব।

    প্ৰশ্ন ১০. আফগানিস্তানৰ উন্নয়নমূলক কামত আন্তৰ্জাতিক সমূদায়ক আপুনি কিদৰে আহ্বান জনাব?

    উত্তৰ: মোৰ তেওঁলোকলৈ বাৰ্তাটো হ'ল এই যে আমি এইমাত্ৰ এখন যুদ্ধ শেষ কৰিছোঁ আৰু সেই অধ্যায় বন্ধ কৰিব বিচাৰিছোঁ। এইটো এট নতুন অধ্যায় আৰু আফগানিস্তানৰ জনতাই সহায় বিচাৰে আৰু এই সহায় আফগানসকলৰ জীৱন গঢ়িবলৈ আৰু আফগানিস্তানক নিৰ্মাণ কৰিবলৈ সকলো দেশেই কৰিব পাৰে আৰু আফগানিস্তানে নিজক নিৰ্মাণ কৰিব পাৰে আৰু আন দেশৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰিব পাৰে। এইটো দেশসমূহৰ মানবীয় তাড়না হ'ব লাগে যাতে আফগান জনতাক সহায় কৰে। আফগানিস্তানৰ ৭০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। তদুপৰি আমি ২০ বছৰৰ যুদ্ধ আৰু ৰক্তাক্ত ইতিহাসৰ সাক্ষী। আমি আফগানিস্তানৰ জনতাৰ বাবে কৰা সহায়ক আদৰণি জনাওঁ।

    প্ৰশ্ন ১১. তালিবানৰ শীৰ্ষ নেতা মোল্লা অখাণ্ডজাদ ক'ত আছে?

    উত্তৰ: তেওঁ শীঘ্ৰেই আহিব আৰু ৰাজহুৱাকৈ দেখা দিব কাৰণ ২০ বছৰ ধৰি আমি দখলদাৰীৰ বিৰুদ্ধে যুঁজি আহিছোঁ আৰু পৰিস্থিতৰ বাবে তেওঁ আঁতৰি থাকিবলৈ বাধ্য হৈছিল। কিন্তু ইনছাআল্লাহ! এতিয়া তেওঁ সোনকালেই আহিব। মোৰ সংবাদমাধ্যমলৈ এটা অনুৰোধ আছে যে এতিয়া নানা অপপ্ৰচাৰ চলি আছে আৰু সেইবোৰ সত্য নহয়। সেয়ে আপোনালোকে যাতে বাস্তৱটো নজনাকৈ, আমাৰ বিপক্ষৰ দাবীৰ ভিত্তিতেই কোনো বাতৰি পৰিবেশন নকৰে, যাতে আফগানিস্তান আৰু আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি নাযায়।

    প্ৰশ্ন ১১. মই আকৌ বলীউড মুভীৰ কথা সুধিব বিচাৰিছোঁ। যদি সম্পৰ্কবোৰ ভাল হয় তেনেহ'লে ভাৰতীয় চিনেমাৰ ছুটিং আফগানিস্তানত কৰিব পাৰিব নে?

    উত্তৰ: এইটো ভৱিষ্যতৰ কথা। মই এতিয়াই এই বিষয়ে মন্তব্য নকৰোঁ। মই যি কথাত গুৰুত্ব দিছোঁ সেইটো হৈছে আফগানিস্তানৰ শান্তি আৰু সুস্থিৰতা আৰু আমি এখন নতুন আফগানিস্তান গঢ়িব বিচাৰোঁ। শান্তি, ৰাষ্ট্ৰীয় নিৰাপত্তা, ৰাষ্ট্ৰী ঐক্য এতিয়া আমাৰ প্ৰধান লক্ষ্য। ভৱিষ্যতে কি হ'ব সেয়া ভৱিষ্যতত দেখা যাব।
    Published by:Manjumoni Borah
    First published: