মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »বিজ্ঞানীসকলৰ ৪৮,৫০০ বছৰ ধৰি বৰফৰ তলত পুতি থোৱা 'জম্বি ভাইৰাছ' উদ্ধাৰ

বিজ্ঞানীসকলৰ ৪৮,৫০০ বছৰ ধৰি বৰফৰ তলত পুতি থোৱা 'জম্বি ভাইৰাছ' উদ্ধাৰ

ইউৰোপীয় গৱেষকসকলে ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলৰ পাৰ্মাফ্ৰষ্টৰ তলত প্ৰায় দুই ডৰ্জন ভাইৰাছ বিচাৰি পাইছে

ইউৰোপীয় গৱেষকসকলে ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলৰ পাৰ্মাফ্ৰষ্টৰ তলত প্ৰায় দুই ডৰ্জন ভাইৰাছ বিচাৰি পাইছে

ইউৰোপীয় গৱেষকসকলে ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলৰ পাৰ্মাফ্ৰষ্টৰ তলত প্ৰায় দুই ডৰ্জন ভাইৰাছ বিচাৰি পাইছে

  • Share this:
জলবায়ু পৰিৱৰ্তনৰ ফলত পাৰ্মাফ্ৰষ্টে (যি ভূমিত বৰফ সদায় জমা হৈ থাকে) মানুহৰ বাবে এক নতুন ভাবুকি সৃষ্টি কৰিব পাৰে। ইউৰোপীয় গৱেষকসকলে ৰাছিয়াৰ চাইবেৰিয়া অঞ্চলৰ পাৰ্মাফ্ৰষ্টৰ তলত প্ৰায় দুই ডৰ্জন ভাইৰাছ বিচাৰি পাইছে। গৱেষকসকলৰ মতে, পাৰ্মাফ্ৰষ্টৰ ভিতৰত ৪৮,৫০০ বছৰ আগতে এটা হ্ৰদৰ তলত এই ভাইৰাছ হিমাহিত হৈ আছিল। ইউৰোপীয় গৱেষকসকলে পাৰ্মাফ্ৰষ্টৰ তলৰ পৰা সংগ্ৰহ কৰা প্ৰাচীন নমুনাবোৰৰ পৰীক্ষা কৰিছে। তেওঁলোকে প্ৰায় ১৩টা নতুন জীৱাণু বিচাৰি পাইছে। এই ভাইৰাছক গৱেষকসকলে ‘‘জম্বি ভাইৰাছ’’ বুলি নামাকৰণ কৰিছে। উল্লেখ্য যে, কেইবা হাজাৰ বছৰ ধৰি হিমায়িত ভূমিত বাস কৰা স্বত্বেও ভাইৰাছবিধ এতিয়াও সংক্ৰামক হৈ আছে।

ব্লুমবাৰ্গৰ এক তথ্য অনুসৰি, বায়ুমণ্ডলৰ উষ্ণতাৰ ফলত হিমায়িত হৈ থকা বৰফ গলি যোৱাৰ ফলত মিথেনৰ দৰে পূৰ্বৰ পৰা আৱদ্ধ সেউজগৃহ গেছ মুকলি হ’লে জলবায়ু পৰিৱৰ্তনৰ অৱনতি ঘটিব বুলি বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি সতৰ্ক কৰি আহিছে। অৱশ্যে সুপ্ত জীৱাণুৰ ওপৰত ইয়াৰ প্ৰভাৱ কম বুলি বুজা গৈছে।

ৰাছিয়া, জাৰ্মানী আৰু ফ্ৰান্সৰ গৱেষকৰ দলটোৱে কয় যে তেওঁলোকৰ দ্বাৰা অধ্যয়ন কৰা ভাইৰাছবোৰৰ পুনৰ জীৱিত হোৱাৰ জৈৱিক বিপদাশংকা "সম্পূৰ্ণ নগণ্য" আছিল। এটা ভাইৰাছৰ সাম্ভাব্য পুনৰুজ্জীৱিতিয়ে জন্তু বা মানুহক সংক্ৰমিত কৰিব পাৰে আৰু সেইটো এক ডাঙৰ সমস্যা। গৱেষকসকলে সতৰ্ক কৰি কয় যে তেওঁলোকৰ কামক এনেদৰে চোৱা উচিত যেন ই এক প্ৰকৃত ভাবুকি, যি যিকোনো সময়তে এক ডাঙৰ সমস্যা হিচাপে ওলাই আহিব পাৰে।

কৰোনা ভাইৰাছৰ উদ্ভৱ হোৱাৰ পিছৰে পৰা পৃথিৱীত নতুন ভাইৰাছৰ বিষয়ে যথেষ্ট ভয় বিয়পি আছে। কৰোনা ভাইৰাছৰ ফলত লক্ষাধিক লোকৰ মৃত্যু হৈছে।

শেহতীয়া বাতৰি